• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবত’বিগ টাইম্ ছ ডট ইন’শীৰ্ষক ৱেবচাইট মুকলি

ByNaba Barta

Jan 19, 2025
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে বিগ টাইম্ ছ ডট ইন (bigtimes.in) নামৰ এটি ৱেবছাইট উদ্ধোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মিছেচ ইউনিভাৰ্চ ফেবুলাছ ( Mrs. Universe Fabulous) উপাধি বিজয়ী অমৃতা দত্ত আৰু ‘অসম গৌৰৱ’ বঁটা বিজয়ী ধৃতিমালা ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৱেবচাইটটো মুকলি কৰে। এই প্ৰচেষ্টা টো হাতত লোৱা বিগটাই ম্ ছ ৰ bigtimes.in ৰ পৰিচালক কুনাল তালুকদাৰ আৰু জ্যোতির্ময় নাথ।
বিগ টাই ম্ ছ ডট ইনে বিশেষভাৱে অনুষ্ঠান পৰিকল্পনাক সহজ আৰু উন্নত কৰিবলৈ বিভিন্ন সেৱা আগবঢ়ায়।
ইয়াৰ সেৱা সমুহৰ ভিতৰত আছে-
ডিজিটেল এলবাম সৃষ্টি আৰু সংৰক্ষণৰ ব্যবস্থা য’ত ফটো আৰু ভিডিঅ’ এলবামবোৰ যিকোনো সময়ত, যিকোনো ঠাইৰ পৰা উপভোগ কৰিব পৰা যায় আৰু লগতে কুশলী ফটোগ্ৰাফাৰ আৰু মেকআপ শিল্পীসকলৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যায়।
অমৃতা দত্তই মঞ্চখনৰ বিষয়ে তেওঁৰ উছাহ ব্যক্ত কৰি কয়, “BigTimes.in এটা দূৰদৰ্শী উদ্যোগ, যিয়ে সৃষ্টিশীলতা আৰু প্ৰযুক্তিবিদ্যাৰ মেলবন্ধন ঘটাইছে। ই উপভোক্তা আৰু পেচাদাৰীসকলৰ বাবে এটি সহজ অভিজ্ঞতা প্ৰদান কৰিব।” লগতে ধৃতিমালা ডেকাই ও এইটো এটা সময় উপযোগী প্ৰচেষ্টা বুলি উল্লেখ কৰে।উদ্বোধনী অনুষ্ঠানত ৱেবচাইটটোৰ মূল বৈশিষ্ট্যসমূহৰ এটি প্ৰত্যক্ষ প্ৰদৰ্শন আৰু ইয়াৰ পৰিকল্পনাৰ সম্পৰ্কে সকলোৰে আগত আলোচনা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *