নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ পানবজাৰস্থিত
হৰি সভাত বৃহস্পতিবাৰে
নিখিল অসম স্বর্ণশিল্পী সমিতি কামৰূপ জিলাৰ সকলো সদস্য, কার্যকর্তা, শ্বোৰুম মালিক তথা জুবেলাৰী প্রতিষ্ঠানৰ লগত সংযোগ হৈ থকা সকলো ব্যবসায়িক সামৰি শ্বহীদ দিবস” উদযাপন কৰা হয়।দিৱসৰ আৰম্ভণিতে
১৯৬৩ চনত শ্বহীদ হোৱা স্বর্ণশিল্পী সকলক স্মৰণ আৰু পুষ্পাঞ্জলী তর্পণ কৰা হয়। তাৰপাছত অনুষ্ঠিত সভাত সমূহ স্বর্ণশিল্পী সকলৰ আঞ্চলিক তথা জিলা ভিত্তিক সমস্যাৱলীৰ বিষয়ে আলোচনা কৰা হয়। সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট লেখিকা
নীলিমা খাতুন, সমাজকর্মী, অধিবক্তা 7শান্তুনূ ভৰালী, অৱসৰ প্ৰাপ্ত অভিযন্তা টাছদিকুৰ ৰহমান উপস্থিত থাকি স্বৰ্ণ ব্যৱস্যায়ী সকলৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোকপাত কৰাৰ লগতে
ইয়াৰ সমাধান শীঘ্ৰে হোৱাৰ পোষকতা কৰে। উল্লেখ্য,
অসমত
৫হাজৰৰ অধিক স্বৰ্ণ ৰ দোকান, ২০ হাজাৰ স্বৰ্ণ শিল্পী আছে। সভাত নিখিল অসম স্বর্ণশিল্পী সমিতি কামৰূপ জিলাৰ মুখ্য উপদেষ্টা চাজিদ আলম চৌধুৰী,
সভাপতি অৰুণ কুমাৰ সন্ন্যাল,
সাধাৰণ সম্পাদক নয়ন ধৰৰ লগতে বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।
গুৱাহাটীৰ হৰি সভাপ্ৰাংগণত শ্বহীদ দিৱসউদ্ যাপন
