• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীৰ সৰুসজাইস্থিত বিমল কাৰ্ছত ‘ইভি ডে’ উদযাপন

ByNaba Barta

Dec 8, 2024
Spread the love

নৱবার্তা গুৱাহাটী::ভাৰতৰ ইলেক্ট্ৰিক মবিলিটি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা.ইভিয়ে ‘ফেষ্টিভেল অৱ কাৰ্ছ’ উদযাপনৰ অংশ হিচাপে নিজৰ বেষ্টচেলাৰ মডেল টিয়াগো.ইভি, পাঞ্চ.ইভি আৰু নেক্সন.ইভিৰ পূৰ্বতকৈ কম মূল্য ঘোষণা কৰিছে। ইভিসমূহক গ্ৰাহকসকলৰ বাবে অধিক সুলভ কৰি তোলাত মনোনিৱেশ কৰা হৈছে পেট্ৰল/ ডিজেল গাড়ীৰ দামত ইভি গাড়ী চলাওক আৰু ইভি গাড়ীত ৪ লাখ পৰ্যন্ত সুবিধা থাকিবটাটা ইভিয়ে স্থানীয়কৰণ আৰু প্ৰযুক্তি উন্নয়নৰ সুবিধাসমূহ গ্ৰাহকসকলক প্ৰদান কৰি আহিছে, আৰু যোৱা মাহত আৰম্ভ কৰা কাৰ্ভ ইভিৰ সৈতে আইচিই (ICE) মূল্য সমতা আনিবলৈ সক্ষম হৈছে। এই বিশেষ অফাৰৰ জৰিয়তে টাটা ইভিয়ে সীমিত সময়ৰ বাবেও বেষ্ট-চেলাৰ নেক্সন.ইভিৰ দাম আইচিই মডেলৰ সমতুল্য কৰি তুলিছে। ইয়াৰ উপৰিও পাঞ্চ.ইভি আৰু টিয়াগো.ইভিত উৎসৱমুখৰ অফাৰেও ইয়াৰ দাম আইচিইৰ সমকক্ষৰ দৰেই আনিছে।গুৱাহাটীত শনিবাৰে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে সিদ্ধাৰ্থ শৰ্মা, আঞ্চলিক প্ৰবন্ধক; অনুৰাগ সৰাউগী, চিএমডি বিমল কাৰ্ছ আৰু দিপাংকৰ দাস, জি এম বিমল কাৰ্ছ।

Leave a Reply

Your email address will not be published. Required fields are marked *