• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকপ্পত’হোলী মিলন সমাৰোহ’

ByNaba Barta

Mar 13, 2025
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকপ্পত বৃহস্পতিবাৰে ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি
‘হোলী মিলন সমাৰোহ’ৰ শীৰ্ষক এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। অখিল অসম কলবাৰ সমাজ, অখিল অসম কলবাৰ মহিলা আৰু অখিল অসম যুৱ কমিটীৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অখিল অসম কলবাৰ সমাজৰ অধ্যক্ষ সন্তোষ জয়ছোৱাল, কাৰ্যকাৰীনি অধ্যক্ষ ৰাম সৰোবৰ চৌধুৰী, মহিলা আৰু যুৱ অধ্যক্ষ শিৱাজী জয়ছোৱাল, অখিল অসম কলবাৰ সমাজৰ কামৰূপ জিলাৰ সভাপতি ৰাজু চৌধুৰী, অসম কলবাৰ সমাজৰ কামৰূপ জিলাৰ যুৱ সমাজৰ সভাপতি সাজন চৌধুৰী, পূৰ্বোত্তৰ হিন্দুস্তানী সন্মিলনৰ মহাসচিব এছ পি ৰয়, বিশিষ্ট সাংবাদিক ৰবি শংকৰ ৰবি, বিজেপি নেতা বিজয় কুমাৰ গুপ্তা ,পাৰিষদ ৰত্না সিং আদি বিশিষ্ট ব্যক্তিয়ে। সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সমাজকর্মী সঞ্জীৱ জয়ছোৱাল উপস্থিত থাকে। গণেশ বন্দনাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বৰ্ণাঢ্য সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অখিল অসম কলবাৰ সমাজৰ কামৰূপ মহানগৰৰ পৰা অহা প্ৰায় ১৫০০ প্ৰতিনিধি উপস্থিত থাকি এই বৰ্ণাঢ্য অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *