• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীৰ জু ৰোডস্থিত শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূতি উদযাপন কৰি উত্তৰ-পূব আৰু পশ্চিম বংগলৈ নিজৰ পৰিসৰ সম্প্ৰসাৰণৰ ঘোষণা মাণিক চান্দ জুৱেলাৰ্ছৰ

ByNaba Barta

Nov 3, 2024
Spread the love

”অনাকাংক্ষিত পৰিস্থিতিৰ বাবে সোণ হৈছে এক মূল্যৱান বিনিয়োগ।’’ – মন্তব্য মাণিক চান্দ জুৱেলাৰ্ছৰ পৰিচালন সঞ্চালক কৃষ্ণ কুমাৰ ছোনীৰ

নৱবার্তা গুৱাহাটী : প্ৰিমিয়াম গহনাৰ বাবে সুপৰিচিত মাণিক চান্দ জুৱেলাৰ্ছে গুৱাহাটীৰ জু ৰোডৰ টাইমছ স্কোৱাৰ মলত অৱস্থিত নিজৰ শ্ব’ৰুমৰ প্ৰথম বৰ্ষপূৰ্তি গৌৰৱেৰে উদযাপন কৰে। এই উপলক্ষে ২০২৪ চনৰ ৩ নৱেম্বৰত এক উদযাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে, বিগত এবছৰীয়া কাৰ্যক্ৰমত গ্ৰাহকৰ সন্তুষ্টি আৰু ব্যৱসায়িক বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখ্যযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে এই শ্ব’ৰুমটোৱে। সমান্তৰালভাৱে এতিয়া এই শ্ব’ৰুম হৈ পৰিছে গ্ৰাহকৰ সৰ্বোত্তম পছন্দৰ অভিকেন্দ্ৰ। শ্ব’ৰুমটোৰ প্ৰথম বৰ্ষপূতি উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী।

বিগত ছয় দশক ধৰি মাণিক চান্দ জুৱেলাৰ্ছে তেওঁলোকৰ “বিশুদ্ধতাৰ সৈতে সৌন্দৰ্য্য” ধাৰণাক সৰোগত কৰি গ্ৰাহকলৈ আগবঢ়াই আহিছে অনন্য গহনাৰ বিশাল পৰিসৰ। গুৱাহাটীত প্ৰথমটো শ্ব’ৰুম স্থাপনৰ পিছত নিজৰ সামগ্ৰীৰ বিশুদ্ধতা আৰু মানদণ্ডৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হয় মাণিক চান্দ জুৱেলাৰ্ছে। ক্ৰমবৰ্ধমান গ্ৰাহকৰ চাহিদা পূৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে এই বিখ্যাত জুৱেলাৰী ব্ৰেণ্ডটোৱে ২০২৩ চনৰ ৩ নৱেম্বৰত জু ৰোডত মুকলি কৰিছিল তেওঁলোকৰ এই শ্ব’ৰুম। ইয়াৰ লগে লগে গুৱাহাটীত চাৰিটাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত জুৱেলাৰী ব্ৰেণ্ডটোৰ শ্ব’ৰুমৰ সংখ্যা ছটালৈ বৃদ্ধি হয়। গ্ৰাহকৰ ইতিবাচক সঁহাৰি আৰু ক্ৰমবৰ্ধমান চাহিদাৰ দ্বাৰা অনুপ্ৰাণিত হৈ মাণিক চান্দ জুৱেলাৰ্ছে এতিয়া সমগ্ৰ অসম, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য আৰু পশ্চিম বংগত তেওঁলোকৰ শ্ব’ৰুমৰ সম্প্ৰসাৰণৰ বাবে সাজু হৈছে।

সাফল্যৰ এই যাত্ৰা সন্দৰ্ভত মাণিক চান্দ জুৱেলাৰ্ছৰ পৰিচালন সঞ্চালক কৃষ্ণ কুমাৰ ছোনীয়ে কয়, “এক অভিনৱ যাত্ৰাৰ মাজেৰে আমি জু ৰোডৰ এই শ্ব’ৰুমত এটা বছৰ সম্পূৰ্ণ কৰিলোঁ। বিগত এবছৰত আমি আমাৰ গ্ৰাহকসকলৰ সৈতে উত্তৰণ, প্ৰশংসা আৰু বিশ্বাসৰ সম্পৰ্ক গঢ়ি তুলিছোঁ। সমগ্ৰ অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগত সম্প্ৰসাৰণৰ পৰিকল্পনা আৰম্ভ কৰাৰ সময়ত আমাৰ লক্ষ্য হৈছে এক অনন্য কালজয়ী গহনা উপস্থাপন কৰা, যিয়ে সৌন্দৰ্য্য আৰু মূল্য দুয়োটাকে ধৰি ৰাখিব আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ দীৰ্ঘস্থায়ী স্মৃতি হৈ থাকিব।”

বিশ্বৰ বজাৰত বৃদ্ধি পোৱা অস্থিৰতা আৰু সোণৰ মূল্য বৃদ্ধিৰ প্ৰেক্ষাপটত সোণ এক নিৰাপদ বিনিয়োগ হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি পৰিচালন সঞ্চালক ছোনীয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতা আৰু সোণৰ মূল্যই ছিক্স ডিজিট পাৰ কৰিব বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিত এতিয়া গ্ৰাহকসকলে সোণক এক নিৰাপদ বিনিয়োগ হিচাপে বিবেচনা কৰাৰ সময় আহি পৰিছে। সোণ কেৱল বিলাসীতাৰ প্ৰতীক নহয়, বৰঞ্চ ইয়াক এক মূল্যৱান দীৰ্ঘম্যাদী বিনিয়োগ হিচাপেও গণ্য কৰিব পাৰি।” লক্ষণীয় যে, ছোনীৰ এই দৃষ্টিভংগীয়ে উত্তৰ-পূব ভাৰতৰ বিনিয়োগ সংস্কৃতিক সমৰ্থন আৰু শক্তিশালী কৰাৰ অভিযানক প্ৰতিফলিত কৰিছে।

নিজৰ পৰিসৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে উত্তৰ-পূবত বিনিয়োগ সংস্কৃতিক অধিক সমৃদ্ধ কৰাৰো লক্ষ্য গ্ৰহণ কৰিছে মাণিক চান্দ জুৱেলাৰ্ছে। জুৱেলাৰী ব্ৰেণ্ডটোৱে গ্ৰাহকক এনে এক বিকল্প আগবঢ়াইছে, যিয়ে সৌন্দৰ্য্য আৰু স্থায়ী মূল্যৰ সংমিশ্ৰণ ঘটায়। প্ৰতিটো নতুন শাখাৰ সৈতে ব্ৰেণ্ডটোৱে নিজৰ উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতি অক্ষত ৰখাৰ লক্ষ্য ৰাখিছে আৰু তেওঁলোকৰ অনন্য মানদণ্ড আৰু পৰিশোধিত ডিজাইনসমূহ বহল দৰ্শকৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *