• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত সংখ্যালঘু পেছাদালৰী শৈক্ষিক প্ৰতিষ্ঠান সংস্থা (AMPAI) ৰ নতুন পৰীক্ষা কেন্দ্ৰ মুকলি

ByNaba Barta

Aug 2, 2024
Spread the love

নৱবাৰ্তা গুৱাহাটী, সংখ্যালঘু পেছাদাৰী শৈক্ষিক প্ৰতিষ্ঠান সংস্থা, চমুকৈ আম্পাইৰ (AMPAI) পূৰ্বোত্তৰ ভাৰতৰ ১৩টা কেন্দ্ৰত অহা ১৮ আগষ্টত চলিত বৰ্ষৰ পশ্চিম বংগৰ চি ই ই আম্পাইৰ ( CEE AMPAI ) পৰীক্ষা অনুষ্ঠিত কৰিব । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত আজি চি ই ই আম্পাইৰ আহ্বায়ক বিদ্যুৎ মজুমদাৰে এই কথা ঘোষণা কৰে । তেওঁ লগতে আমপাইৰ সম্প্ৰসাৰণৰ এক উল্লেখযোগ্য চিন স্বৰূপে গুৱাহাটীৰ হাতী গাঁও বশিষ্ঠপুৰৰ ২ নং বাইলেনত নতুনকৈ এটা পৰীক্ষা কেন্দ্ৰ মুকলি কৰাৰ লগতে এই কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই চি ই ই আমপাইৰ অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে এই চি ই ই আম্পাইৰ হল পশ্চিমবংগ চৰকাৰৰ অধীনত চি ই ই অৰ্থাৎ কমন (সাধাৰণ) প্ৰবেশ পৰীক্ষাৰ পৰিপূৰক এক প্ৰবেশ পৰীক্ষা। ইয়াৰ বাবে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দ্বাদশ শ্ৰেণীত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু অংক শাস্ত্ৰ বিষয় হিচাপে লৈ উত্তীৰ্ণ হ’ব লাগিব। এই প্ৰবেশ পৰীক্ষাত উত্তীৰ্ণ হলে ছাত্ৰ ছাত্ৰী সকলে জে আই এছ অভিযান্ত্ৰিক মহাবিদ্যালয়, নাৰুলা ইনষ্টিটিউট অৱ টেকন’লজি, গুৰু নানক ইনষ্টিটিউট অৱ টেকন’লজি, ড০ সুধীৰ সুৰ ইনষ্টিটিউট অৱ টেকন’লজিকে ধৰি পশ্চিম বংগৰ পাঁচখন শীৰ্ষ ৰেংকিং মহাবিদ্যালয়ত বি টেক , বি ফাৰ্ম, এম বি এ, এম চি এ, এম টেক আৰু এম ফাৰ্ম পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। পশ্চিম বংগ চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সম্পূৰ্ণ তত্বাৱধানত অনুষ্ঠিত হ’ব লগীয়া এই পৰীক্ষা মূলতঃ শিখ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি ৰখা হয় যদিও বাকী ৰাহি হোৱা আসনসমূহত www.ampai.in ৱেবছাইটত উল্লেখ কৰা ধৰণে যোগ্যতাৰ মাপকাঠী পূৰণ কৰাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ অন্য ধৰ্ম, অন্য জাতি বা শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *