• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত নেতাজীৰ ১২৯ সংখ্যক জন্ম জয়ন্তী

ByNaba Barta

Jan 23, 2025
Spread the love

সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদযাপন সমিতিৰ দিনযোৰা কাৰ্যসূচী

নৱবার্তা গুৱাহাটী:
সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদ্ যাপন সমিতিৰ উদ্যোগত নেতাজী
সুভাষ চন্দ্র বসুৰ
১২৯ সংখ্যক জন্ম জয়ন্তী বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
এই উপলক্ষে সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদ্ যাপন সমিতিৰ উদ্যোগত এটি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাৰ উদ্ধোধন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। তেওঁ ভাষণত কয়- আজি আমি এজন মহান মণিষীক স্মৰণ কৰিছোঁ। দেশৰ স্বাধীনতা আন্দোলনত তেওঁ বিশেষ অৱদান আগবঢ়াই গৈছে। মহামানব মাহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভ ভাই পেটেল আদিৰ মহৎ অৱদানৰ বাবে আজি আমি ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতাৰ মুখ দেখিলোঁ। তেওঁলোকৰ মহান অৱদানক আমি যুগ যুগ ধৰি স্মৰণ কৰি যাম। ‘
গুৱাহাটীৰ পল্টন বজাৰস্থিত নেতাজী চ’কত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে নেতাজীৰ উত্তৰাধিকাৰীক সম্মান জনোৱাৰ বাবে গণ্যমান্য ব্যক্তি, সাংস্কৃতিক পৰিবেশন, আৰু দেশপ্রেমৰ উৎসাহক একত্ৰিত কৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ’য়।অনুষ্ঠানৰ আৰম্ভণিতে প্রভাত ফেৰী (ৰাতিপুৱা শোভাযাত্রা)ৰ পিছতে নেতাজীৰ প্রতিমূর্তিত মাল্যার্পন কৰি বন্তি প্রজ্বলন কৰে।ইয়াৰ পিছত দেশপ্রেম আৰু জাতীয় সংহতিক কেন্দ্ৰ কৰি এক সাংস্কৃতিক কাৰ্যসূচী আৰু প্রতিযোগিতা অনুষ্ঠিত হয় অনুষ্ঠানত
‘মুখ্য অতিথি হিচাপে ছত্তীশগড়ৰ ৰাজ্যপাল
ৰমেন ডেকা উপস্থিত থাকি ভাষণত কয়-ভাৰতৰ ইতিহাসত নেতাজী সুভাষ চন্দ্ৰ বসু প্ৰাত: স্মৰণীয়। তেওঁৰ স্বৰ্ণিল ইতিহাস আছে। তেওঁক আমি বিপ্লৱী নেতা হিচাপে দেখি আহিছো। তেওঁ স্বাধীনতা আন্দোলনৰ সময়তে মহিলা সৱলীকৰণত গুৰুত্ব দিছিল। তেওঁ এহেজাৰ মহিলাক সামৰিক প্রশিক্ষণ দিছিল। তেওঁৰ স্বাধীনতা আন্দোলনত তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব।’
তেওঁ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজীৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।
আনহাতে
বক্তা হিচাপে
নাগালেণ্ড বিশ্ববিদ্যালয়ৰ
আচার্য্ ড° সমুদ্র গুপ্ত কাশ্যপ উপস্থিত থাকি নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে সৱলীল বক্তব্য আগবঢ়ায়। সভাত কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হৃষিকেশ বৰুৱাৰ সম্পাদনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ
‘শৌৰ্য’
ছত্তীশগড়ৰ ৰাজ্যপাল
ৰমেন ডেকা
আৰু
গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়াই উন্মোচন কৰে ।
এই অনুষ্ঠানত ২০২৫ চনৰ নেতাজী গৰিমা বঁটা প্ৰদান কৰা হয়। এই বঁটা
প্রাইড ইষ্ট এণ্টাৰটেইনমেন্টৰ
সঞ্চালক
ৰিণিকি ভূঞা শর্মা আৰু
লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলেক প্ৰদান কৰা হয়। এই অনুষ্ঠানত যোগদান কৰি মহান নেতাগৰাকীক শ্রদ্ধাঞ্জলি জনাবলৈ বহু সংখ্যক লোকৰ সমাগম হয়। এই অনুষ্ঠানত
স উদ্ যাপন সমিতিৰ সভাপতি দেৱাশিস সেনগুপ্তাই,
সম্পাদকদ্বয় শংকৰ চক্ৰৱৰ্তী, ৰাজীৱ দাস ৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য,
সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদযাপন সমিতিৰ সহযোগত নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত কামৰূপ মেট্ৰ’ই দিনজোৰা কাৰ্যসূচীৰে কাৰ্যসূচীৰে নেতাজী জয়ন্তী উদযাপন কৰে। এই উপলক্ষে পতাকা উত্তোলন কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক
সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
সভাত সভাপতিত্ব কৰে সমিতিৰ কাৰ্যকৰী সভাপতি দেৱাশিশ সেনগুপ্তই আৰু আদৰণি ভাষণো প্ৰদান কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক শংকৰ চক্ৰৱৰ্তীয়ে।
সাধাৰণ সম্পাদক ৰাজীব দাসে এই কাৰ্যসূচীৰ সফলতাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যুৱৰাজ শৰ্মা, মল্লিক নৱাজ,জুৰিমিতা দত্ত, নয়নজিত কোঁৱৰ, প্ৰনিতা তালুকদাৰ, নৱজ্যোতি গোস্বামী, অপূৰ্ব সাহা, আৰু বহুকেইজনৰ ধন্যবাদ জনায়।সভাত .বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰুপ নৃত্য আৰু গীতৰ দেশপ্ৰেমমূলক সাংস্কৃতিক প্ৰতিযোগিতা আৰু কলা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়
প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে অৰূপ গোস্বামীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *