• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত নতুন শ্ব’ৰুম মুকলিৰে উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণ ফেনেষ্টাৰ

ByNaba Barta

Apr 28, 2025
Oplus_131072
Spread the love


নৱবার্তা গুৱাহাটী, : খিৰিকী আৰু দুৱাৰৰ সমাধানৰ বাবে ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু আগশাৰীৰ ব্ৰেণ্ড ফেনেষ্টাই গুৱাহাটীত নিজৰ উপস্থিতি শক্তিশালী কৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিষ্ঠানটোৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে । এম/এছ এছ এছ ইন্টেৰিঅ’ৰ দ্বাৰা পৰিচালিত এই নতুন শ্ব’ৰুমটো গুৱাহাটীৰ জি এছ ৰোডত থকা আনন্দি কমাৰ্চিয়েল কমপ্লেক্সৰ এছ এছ ইন্টেৰিঅ’ত অৱস্থিত ।
ভাৰতৰ প্ৰিমিয়াম ফেনেষ্ট্ৰেচন সমাধানৰ চাহিদা দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহত বৃদ্ধি পোৱাৰ লগে লগে ফেনেষ্টাৰ নতুন শ্ব’ৰুমে অঞ্চলটোৰ গৃহস্বত্বাধিকাৰী, স্থপতিবিদ, আৰু অট্টালিকা নিৰ্মাতাৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সাজু হৈছে । শ্ব’ৰুমত উচ্চমানৰ এলুমিনিয়ামৰ খিৰিকী আৰু দুৱাৰ, ইউপিভিচি খিৰিকী আৰু দুৱাৰ, আৰু কঠিন পেনেলৰ দুৱাৰৰ এক বিস্তৃত পৰিসৰ উপলব্ধ হ’ব । ডিজাইন, পৰিৱেশন আৰু স্থায়িত্বৰ ক্ষেত্ৰত ফিনেষ্টাৰ শেহতীয়া উদ্ভাৱনসমূহ অন্বেষণ কৰিবলৈ গ্ৰাহকৰ বাবে সম্পূৰ্ণৰূপে নিমজ্জিত অভিজ্ঞতা প্ৰদান কৰিবলৈ স্থানটোক চিন্তাশীলভাৱে ডিজাইন কৰা হৈছে ।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি ফেনেষ্টাৰ ব্যৱসায়িক মুৰব্বী সাকেট জৈনে কয়, “গুৱাহাটীত আমাৰ নতুন শ্ব’ৰুমৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত আমাৰ উপস্থিতি সম্প্ৰসাৰণ কৰি আমি নথৈ আনন্দিত হৈছো । এই অঞ্চলত অপৰিসীম সম্ভাৱনা আছে, আৰু আন্তঃগাঁথনি আৰু গৃহ নিৰ্মাণৰ দ্ৰুত বিকাশৰ লগে লগে আধুনিক, স্থায়ী, আৰু নান্দনিকভাৱে উচ্চমানৰ ফেনেষ্ট্ৰেচন সামগ্ৰীৰ প্ৰবল চাহিদা আছে । এই নতুন শ্ব’ৰুমে আমাক অঞ্চলটোৰ গ্ৰাহকৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযোগ স্থাপন কৰাত সহায় কৰিব আৰু গ্ৰাহকসকলক আমাৰ উচ্চমানৰ সামগ্ৰীৰ বিস্তৃত পৰিসৰৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰিব । ইয়াক গৃহস্বত্বাধিকাৰী হওক, নাইবা স্থপতিবিদ, নিৰ্মাতাই হওক, সকলোৰে ধাৰণাক অনুপ্ৰাণিত কৰিবলৈ আৰু প্ৰতিটো প্ৰয়োজন অনুসৰি সমাধান আগবঢ়াবলৈ ডিজাইন কৰা হৈছে।”
সমগ্ৰ ভাৰত আৰু বিদেশত ৩৫০ টাতকৈও অধিক শ্ব’ৰুমৰ সৈতে ফেনেষ্টাই উদ্ভাৱন, গুণগত মান, আৰু সেৱাৰ উৎকৃষ্টতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদ্যোগটোক আগুৱাই লৈ গৈছে । গুৱাহাটীৰ শ্ব’ৰুমটো হৈছে ফেনেষ্টাৰ বিশ্বমানৰ খিৰিকী-দুৱাৰক গ্ৰাহকৰ ওচৰলৈ অনাৰ অভিযানৰ আন এক মাইলৰ খুঁটি ।
ইউ পি ভি চি প্ৰফাইল নিৰ্মাণৰ পৰা আৰম্ভ কৰি ইনষ্টলেচন আৰু বিক্ৰীৰ পিচৰ সেৱালৈকে সম্পূৰ্ণ যোগান শৃংখল পৰিচালনা কৰা ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠান হৈছে ফেনেষ্টা । ভাৰতৰ বৈচিত্ৰময় জলবায়ুত অনুকূলভাৱে কাম কৰিবলৈ প্ৰতিটো সামগ্ৰীৰ গুণগত মান কঠোৰভাৱে পৰীক্ষা কৰা হয় । এই খিৰিকী আৰু দুৱাৰে শব্দ, বৰষুণ আৰু ধূলিৰ বিৰুদ্ধে উচ্চমানৰ সুৰক্ষা প্ৰদান কৰে, যাৰ ফলত বিল্ডাৰ, স্থপতিবিদ আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰসকলৰ সবাতোকৈ পছন্দৰ ব্ৰেণ্ড হৈ পৰিছে ফেনেষ্টা ।”

Leave a Reply

Your email address will not be published. Required fields are marked *