অস্বাস্থ্যকৰ খাদ্যাভ্যাস, অধিক খাদ্য গ্ৰহণ মানসিক চাপ আৰু নিচাই অকালতে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু যকৃত আৰু বৃক্ক বিকল কৰে
নৱবার্তা গুৱাহাটী: অস্বাস্থ্যকৰ খাদ্যাভ্যাস, অধিক খাদ্য গ্ৰহণ, অনিদ্ৰা, বহি থকা জীৱনশৈলী, মানসিক চাপ আৰু নিচাই অকালতে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু যকৃত আৰু বৃক্ক বিকল হোৱাৰ দৰে গুৰুতৰ ৰোগৰ বিকাশত অৰিহণা যোগায়, যাৰ ফলত কম বয়সতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়-এইদৰে কয় ছিংগাপুৰৰ বৃক্কৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ লাই ৱাই চোঙে। বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-প্ৰথম অৱস্থাত এই ৰোগবোৰৰ বিৰূপ প্ৰভাৱ স্পষ্ট নহয় যদিও শেষত ই মানৱ শৰীৰৰ ভয়াৱহভাবে ক্ষতি সাধন কৰে। নিয়মীয়াকৈ মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা কৰিলে এই ভয়াৱহ ৰোগ প্ৰতিৰোধত সহায়ক হ’ব পাৰে। কিন্তু বহু ব্যস্ত ডেকা আৰু আদবয়সীয়া ব্যক্তিয়ে এই বাৰ্ষিক পৰীক্ষাৰ গুৰুত্বক অৱহেলা কৰে, যাৰ ফলত কেৱল নিজৰ বাবেই নহয়, পৰিয়াল আৰু সমাজৰ বাবেও ভয়াৱহ পৰিণতিৰ সৃষ্টি হয়।
উপযুক্ত চিকিৎসা আৰু উপযুক্ত ঔষধৰ দ্বাৰা দীৰ্ঘদিনীয়া বৃক্ক ৰোগীৰ বৃক্কৰ কাৰ্য্ক্ষমতা দীৰ্ঘদিন ধৰি ৰখা সম্ভৱ। সাধাৰণতে বৃক্ক ৰোগীৰ বাবে খাদ্যৰ বহু নিষেধাজ্ঞাৰ পৰামৰ্শ দিয়া হয় যদিও প্ৰটিনৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ আঁতৰোৱাৰ সন্দৰ্ভত মতামত বেলেগ বেলেগ, কিয়নো ইয়াৰ ফলত ৰোগীৰ দ্ৰুত দুৰ্বলতা আহিব পাৰে।শেষ পৰ্যায়ৰ বৃক্ক বিকল হোৱা ৰোগীয়ে বৃক্ক প্ৰতিস্থাপনৰ প্ৰয়োজন হোৱা ৰোগীয়ে সাৱধানতা অৱলম্বন কৰিব লাগে।’ উল্লেখ্য,
বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত দীৰ্ঘদিনীয়া বৃক্ক ৰোগৰ প্ৰাদুৰ্ভাৱ ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ বাতৰি প্ৰকাশ কৰিছে, যিয়ে অদূৰ ভৱিষ্যতে স্বাণস্থ্যসেৱা আৰু অৰ্থনীতিৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। শেহতীয়া অনুমান অনুসৰি শেষ পৰ্যায়ৰ বৃক্কৰ ৰোগ (ই এছ আৰ ডি)ৰ বয়স অনুসৰি প্ৰাদুৰ্ভাৱৰ হাৰ প্ৰতি মিলিয়ন জনসংখ্যা (পি এম পি) ৮০০, প্ৰতি বছৰে ১ লাখ ৫০ হাজাৰতকৈ অধিক নতুন ৰোগীয়ে বৃক্ক প্ৰতিস্থাপন কাৰ্যসূচীত প্ৰৱেশ কৰে। দুৰ্ভাগ্যজনকভাৱে এই জটিল সমস্যাটোৰ সমাধানৰ বাবে মাত্ৰ ৮২০ জন বিশেষজ্ঞহে উপলব্ধ, ইয়াৰে অধিকাংশই দক্ষিণ ভাৰতত ভিত্তি কৰি আছে। ফলত ভাৰতৰ পূৰ্বাঞ্চলৰ বহু বাসিন্দাই এই গুৰুতৰ সমস্যাৰ পৰামৰ্শ আৰু চিকিৎসাৰ সন্ধানত অসমৰ বাহিৰলৈ যাত্ৰা কৰে। বিগত দশকত পূৰ্বাঞ্চলৰ ধনী পৰিয়ালৰ বহু ৰোগীয়ে ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ হাস্পতালত প্ৰখ্যাত নেফ্ৰ’লজিষ্ট ডাঃ লাই ৱাই চ’ঙৰ পৰা পৰামৰ্শ বিচাৰিছে। ছিংগাপুৰ নেফ্ৰ’লজীৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বাবে বহুলভাৱে স্বীকৃতি লাভ কৰে আৰু ভাৰতকে ধৰি বিভিন্ন দেশৰ ৰোগীক আকৰ্ষণ কৰে, যিয়ে ৰক্তচাপ, মধুমেহ, বৃক্ক সংৰোপণৰ পিছৰ আৰু অন্যান্য জটিল বিষয়ৰ বাবে ডাঃ লাইৰ পৰামৰ্শ লয়।ভাৰতত মেদবহুলতা, মধুমেহ, উচ্চ ৰক্তচাপ আৰু ইয়াৰ জিনীয় পাৰ্শ্বক্ৰিয়াৰ দ্ৰুত বিস্তাৰৰ বাবে বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মধ্যবয়সীয়া ব্যক্তি গুৰুতৰ ৰোগৰ বলি হৈ পৰিছে।