• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

কলাক্ষেত্ৰতষষ্ঠ সংখ্যক বড়ো চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

ByNaba Barta

Nov 6, 2024
Spread the love

মুখ্যঅতিথি হিচাপে উপস্থিত থাকিব বলিউডৰ প্ৰবীণ অভিনেত্ৰী পদ্মিনী কোলাহপুৰী:নৱবাৰ্তা নৱবার্তা গুৱাহাটী:: বড়ো চিনে আৰ্টিষ্টছ এছ’চিয়েচন
চমুকৈ বি চি এ এৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে ষষ্ঠ সংখ্যক বড়ো চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বি চি এ এৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে এছ’ চিয়েচনৰ সাধাৰণ সম্পাদক
গুৰু পবিত্ৰ বড়োই। তেওঁ লগতে কয়- বি টিএ চিৰ বাহিৰত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
২৫ নবেম্বৰত অনুষ্ঠিত হব। অনুষ্ঠানত মুখ্যঅতিথি হিচাপে উপস্থিত থাকিব বলিউডৰ প্ৰবীণ অভিনেত্ৰী পদ্মিনী কোলাহপুৰী। লগতে উপস্থিত থাকিব বড়ো ছবি জগতৰ বহু জনপ্ৰিয় শিল্পী সকলৰ লগতে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সকলৰ লগতে বহু ন- পুৰণি শিল্পী। এই অনুষ্ঠানত মুঠ ২০ টা শিতানত বঁটা প্ৰদান কৰা হ’ব। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাত অনুষ্ঠিত চুটি ছবিৰ বিজয়ীসকলোকো পুৰস্কৃত কৰা হ’ব। বিজয়ী সকলক আমাৰ স্থায়ী ট্ৰফি,নগধ ধন দিয়া হ’ব ।বড়ো ভিডিঅ’শ্ৰেষ্ঠ অভিনেতা,অভিনেত্ৰীক পুৰস্কৃত কৰা হ’ব। ২০২৩-২৪ চনত নিৰ্মিত হোৱা মুঠ ১৯ খন ছবিৰ মাজৰ পৰা বিজয়ীসকলক বঁটা ট্ৰফি আৰু নগদধনেৰে পুৰস্কৃত কৰা হ’ব। বঁটা প্ৰদানৰ লগতে চুটি ছবি আৰু বড়ো মিউজিক ভিডিঅ’ সমুহো প্ৰদৰ্শন কৰা হ’ব। সিদিনা সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব
অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। আনহাতে বঁটা প্ৰদান অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিব বি টি আৰৰ চি ই এম প্ৰমোদ বড়োয়ে।
এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ,
ৰহেন্দ্ৰ নাথ ব্ৰহ্ম, ফুংখা মহিলাৰী, মঞ্জিত কুমাৰ বসুমতাৰী আদিক সম্বৰ্ধনা জনোৱা হ’ব।
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।সংবাদমেলত এছ’চিয়েচনৰ অধ্যক্ষ দীপক কুমাৰ ৰামচিয়াৰী, বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কমিটীৰ আহ্বায়ক জেছাছ খেৰকটাৰীৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *