• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আমাজানত উপলব্ধ বিৰল প্ৰজাতিৰ মাকাও পেৰটউদ্ধাৰ

ByNaba Barta

May 21, 2024
Spread the love

নৱবার্তা গুৱাহাটী: অসমৰ আকাশত এতিয়া মুক্ত মনেৰেও উৰিব নোৱাৰা হৈছে বনৰীয়া চৰাই। এচাম লোলুপদৃষ্টিৰ লোকে দুষ্প্রাপ্য চৰাই দেখিলেই চিকাৰ কৰিবলৈ উদ্যত হয়। এনে এক পৰিস্থিতিৰ মাজতে একাংশ অসাধু লোকৰ পৰা সোমবাৰে বিয়লি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমাজানত উপলব্ধ এটা মাকাও পেৰট। মহানগৰীৰ হাতীগাঁও থানাৰ অন্তৰ্গত চ্যুকাফা নগৰত একাংশ লোকে বন্দী কৰা এটা আঘাতপ্রাপ্ত মাকাও পেৰট অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই উদ্ধাৰ কৰে। উদ্ধাৰকৃত মাকাও পেৰটোৰ ওজন ৩ কিলোগ্রামৰো অধিক হ’ব। উল্লেখ্য, হাতীগাঁৱৰ চ্যুকাফা নগৰত সোমবাৰে বিয়লিৰ ভাগত আবিৰ্ভাৱ ঘটে এই বিৰল প্ৰজাতিৰ চৰাইটোৰ। আঘাতপ্রাপ্ত দুষ্প্রাপ্য চৰাইটো দেখি একাংশ জীৱশ্ৰেষ্ঠই শিল দলিয়াবলৈ আৰম্ভ কৰে। ভয়ার্ত চৰাইটোৱে ততালিকে ওচৰৰ এঘৰৰ গছত আশ্রয় লয়। পিছত কেইজনমান লোকে চৰাইটো কৌশলেৰে ধৰি আনি এটা কোঠাত বন্দী কৰি ৰাখে। এই কথা জানিব পাৰি স্থানীয় এজন যুৱকে ‘আমাৰ অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদক টেলিফোনযোগে অৱগত কৰে আৰু চৰাইটোক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়। কিয়নো দুষ্ট প্রকৃতিৰ লোককেইজনে ইতিমধ্যে চৰাইটো ২ লাখ টকাত বিক্রী কৰিবলৈ দৰদাম আৰম্ভ কৰিছিল। লগে লগে সাংবাদিক আহমেদে অতি তৎপৰতাৰে সমগ্ৰ বিষয়টো ৰাজ্যিক চিৰিয়াখানাৰ ঊর্ধ্বতন কর্তৃপক্ষক অৱগত কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়। চিৰিয়াখানা কর্তৃপক্ষয়ো বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি তৎকালীনভাৱে এটা বনকৰ্মীৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰে আৰু আৰক্ষীৰ সহযোগত ঘটনাস্থলীৰ পৰা চৰাইটো উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষী আৰু বনবিভাগৰ উপস্থিতিৰ উমান পাই একাংশ লোকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইতিমধ্যে ৰাজ্যিক চিৰিয়াখানাত আঘাতপ্রাপ্ত চৰাইটোৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ হৈছে। গুৰুত্বপূৰ্ণ কথা হ’ল মাকাও পেৰটৰ অসমত আছে এখন বৃহৎ বজাৰ। বিশেষকৈ গুৱাহাটীৰ বজাৰত একোটা মাকাও পেৰটৰ মূল্য প্রায় ৪-৫ লাখ টকা। ইপিনে বনবিভাগৰ সূত্ৰই জনোৱা মতে, এই বিৰল প্ৰজাতিৰ ভাটো চৰাইটো কেৱল আমাজান উপত্যকাতহে উপলব্ধ। এটা নির্দিষ্ট সময়ত আমাজানৰ পৰা এই চৰাইবিধ বাহিৰলৈ ওলাই আহে আৰু পুনৰ নির্দিষ্ট সময়সীমাৰ ভিতৰত আমাজানলৈ উভতি যায়। অতি সৌন্দর্যশালী এইবিধ চৰাইৰ একাংশ জাকৰ পৰা ফালৰি কাটি বাট হেৰুৱাই বিভিন্ন ঠাইলৈ গতি কৰে। অৱশ্যে গুৱাহাটীত উদ্ধাৰ হোৱা চৰাইটো ক’ৰ পৰা কেনেকৈ আহিল বা কোনো ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে আনিছিল নে চোৰাং চিকাৰীয়ে চোৰাংকৈ আনিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *