• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আজি নেতাজীৰ ১২৯ সংখ্যক জন্ম জয়ন্তী

ByNaba Barta

Jan 23, 2025
Spread the love

সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদযাপন সমিতিৰ বৰ্ণাঢ্য অনুষ্ঠান

নৱবার্তা গুৱাহাটী:
সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদ্ যাপন সমিতিৰ উদ্যোগত নেতাজীৰ ১২৯ সংখ্যক জন্ম জয়ন্তী বৃহস্পতিবাৰে উদ্ পন কৰা হ’ব। বুধবাৰে অসম সাহিত্য সভা ভৱনত সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদ্ যাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন
সংবাদ মেলত এইকথা সদৰী কৰে উদ্ যাপন সমিতিৰ
কাৰ্যকৰী সভাপতি
দেৱাশিস সেনগুপ্তাই। তেওঁ লগতে কয়-গুৱাহাটীৰ পল্টন বজাৰস্থিত নেতাজী চ’কত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। নেতাজীৰ উত্তৰাধিকাৰীক সম্মান জনোৱাৰ বাবে গণ্যমান্য ব্যক্তি, সাংস্কৃতিক পৰিবেশন, আৰু দেশপ্রেমৰ উৎসাহক একত্ৰিত কৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ’ব।অনুষ্ঠানৰ আৰম্ভণিতে প্রভাত ফেৰী (ৰাতিপুৱা শোভাযাত্রা)ৰ পিছতে নেতাজীৰ প্রতিমূর্তিত মাল্যার্পন কৰি বন্তি প্রজ্বলন কৰিব গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ
বিজুলী কলিতা মেধিয়ে। পতাকা উত্তোলন অনুষ্ঠানত পতাকা উত্তোলন কৰিব পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যই। ইয়াৰ পিছত দেশপ্রেম আৰু জাতীয় সংহতিক কেন্দ্ৰ কৰি এক সাংস্কৃতিক কাৰ্যসূচী আৰু প্রতিযোগিতা অনুষ্ঠিত হ’ব। অনুষ্ঠানত
‘মুখ্য অতিথি হিচাপে ছত্তীশগড়ৰ ৰাজ্যপাল
ৰমেন ডেকা,সন্মানীয় অতিথি হিচাপে মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী কৃষ্ণেন্দু পাল আদি উপস্থিত থাকিব।
বক্তা হিচাপে
নাগালেণ্ড বিশ্ববিদ্যালয়ৰ
আচার্য্ ড° সমুদ্র গুপ্ত কাশ্যপ উপস্থিত থাকিব। গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়াই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। এই অনুষ্ঠানত ২০২৫ চনৰ নেতাজী গৰিমা বঁটা প্ৰদান কৰা হ’ব
প্রাইড ইষ্ট এণ্টাৰটেইনমেন্টৰ
সঞ্চালক
ৰিণিকি ভূঞা শর্মা আৰু
লেফটেনেন্ট কমাণ্ডাৰ দেবানন্দ দলক। বিশিষ্ট সমজকর্মী অজয় দত্তৰ নেতৃত্বত পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ লগতে এক বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি পৰিব।এই ঐতিহাসিক অনুষ্ঠানত যোগদান কৰি মহান নেতাগৰাকীক শ্রদ্ধাঞ্জলি জনাবলৈ জনসাধাৰণক আমি আমন্ত্রণ জনাইছোঁ।’
সংবাদ মেলত উদ্ যাপন সমিতিৰ সম্পাদক শংকৰ চক্ৰৱৰ্তীৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *