• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

‘আজাকা’ৰ বাৰ্ষিক ফেশ্বন শ্ব’ৰ আয়োজন

ByNaba Barta

Apr 20, 2024
Spread the love

নৱবার্তা গুৱাহাটী,: ৰাজ্যৰ হস্ত-তাঁত বস্ত্ৰ ক্ষেত্ৰখনৰ আগশাৰীৰ ব্ৰেণ্ড ‘আজাকা’ই প্ৰতিবছৰৰ দৰে এইবাৰো বিশেষ ফেশ্বন শ্ব’ৰ আয়োজন কৰিছে। ৰেডিচন ব্লু’,গুৱাহাটী আৰু প্ৰতিদিন টাইমৰ সহযোগত এই ফেশ্বন শ্ব’ অনুষ্ঠিত কৰা হ’ব। গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদমেল অনুষ্ঠিত কৰি এই বিষয়ে আজাকাৰ বিষয়-ববীয়াই জানিবলৈ দিয়ে। সাংবাদমেলত অংশ লৈ আজাকাৰ সঞ্চালক আমায়া কাশ্যপে জানোৱা অনুসৰি, অহা ২৮ এপ্ৰিল দেওবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু’ত এই ফেশ্বন শ্ব’ অনুষ্ঠিত হ’ব। সন্ধিয়া ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফেশ্বন শ্ব’ত আজাকাৰ প্ৰায় ৩০ গৰাকী গ্ৰাহকে অংশগ্ৰহণ কৰিব। প্ৰতিগৰাকীয়ে পাট-মুগাৰ জাতীয় সাজ-পোছাক পৰিধান কৰিব। লগতে এই অনুষ্ঠানতে আজাকাৰ সৈতে জড়িত কেইবাগৰাকীও শিপিনীক সম্বৰ্ধনা জনোৱা হ’ব। এই বিশেষ অনুষ্ঠানত ৰাজ্যৰ হস্ত-তাঁত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক, উচ্চ শিক্ষা বিভাগৰ সঞ্চালককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকিব। বছেৰেকীয়া এই ফেশ্বন শ্ব’ৰ অনুষ্ঠানত সকলোৰে সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আজাকাৰ সদস্যসকলে। আজিৰ সাংবাদমেলত আজাকা ব্ৰেণ্ডৰ হৈ ৰঞ্জনা ভজনকা, অংকুৰ ভূঞা, চুসান্দ্ৰা ৰয়, ডঃ অৰ্চনা শৰ্মা, ৰাজীৱ দত্তকে ধৰি কেইবাগৰাকীও সদস্য উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *