• Fri. Jul 11th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসম সাহিত্য সভাৰ ‘সুৰীয়া আবেলি’

ByNaba Barta

Jun 14, 2025
Spread the love

নৱ বার্তা গুৱাহাটী: অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ সহযোগত শনিবাৰে গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত ‘সুৰীয়া আবেলি’ শীর্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক সঞ্চালকালয় সঞ্চালক ৰাহুল চন্দ্ৰ দাস মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুষ্ঠানটো উদ্বোধন কৰে। ভাষণত তেওঁ কয়-এনেধৰণৰ ইতিবাচক অনুষ্ঠানক চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়াব।’ বিশিষ্ট অতিথিৰ ভাষণত ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই ভাষণত কয়-আমাৰ সংস্কৃতিয়ে আমাক একেলগে থকাৰ কথা কৈছে। অসমীয়া সংস্কৃতি এপাহ পদুম ফুলৰ দৰে। এখিলা পাহি এৰুৱালে ফুলপাহ নিচিহ্ন হৈ যাব। অসমীয়া জাতি এটা সন্মিলনৰ প্ৰচেষ্টাত জন্ম হৈছে। নতুন প্ৰজন্মই জন্মদাত্ৰী মাতৃ, মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা উচিত। মাতৃ, মাতৃভাষা আৰু মাতৃভূমিক শ্ৰদ্ধা, সন্মান কৰা উচিত। এই তিনিজনী মাতৃক আমি ভাল পাব লাগে, শুস্ৰুষা কৰিব লাগে। আমাৰ সকলো গীত কেৱল সমন্বয়ৰ কথা কয়, জীৱনৰ দর্শন সম্পৰ্কে কয়। আমাৰ গীতবোৰ বকুল ফুলৰ মালাৰ দৰে বন্ধা আছে।
অসমীয়া সাহিত্য, সংস্কৃতিৰ প্ৰতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অৱদান অনস্বীকাৰ্য। আমি মহাপুৰুষ দুজনা, চাওলুং চুকাফা, জ্যোতি-বিষ্ণুক চিনি পাব লাগিব। আমি অসম আৰু অসমীয়াত্বকলৈ গৌৰৱ কৰিব লাগে।’ তেওঁ লগতে বৰগীত, জিকিৰৰ পৰা আৰম্ভ কৰি বিয়াগীত, আধুনিক গীতৰ একোটা কলি পৰিবেশন কৰি এই গীত সমূহৰ অন্তৰালত থকা বিভিন্ন দিশ সম্পৰ্কেও আলোকপাত কৰে।
অসম সাহিত্য সভাৰ উপ-সভাপতি
পদুম ৰাজখোৱাই আদৰণি ভাষণ দিয়ে। ভাষণত তেওঁ কয়-অসম সাহিত্য সভাৰ প্ৰতিনিধি সকলক লৈ শনিবাৰে এখন অভিৱৰ্তন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয়-আজি বিশ্ব ৰক্তদাতা দিৱস সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰাও আমাৰ এটা এই অনুষ্ঠান আয়োজন কৰা এটা উদ্দেশ্য। তিনিমাহৰ মূৰে মূৰে এজন ব্যক্তিয়ে ৰক্ত দান কৰিব পাৰে। জাতীয় চেতনাৰ লগতে আমাৰ সামাজিক দায়বদ্ধতা আছে। অসমক ভালপোৱা প্ৰতিগৰাকী ভাৰতীয়ই অসমীয়া। মই এজন ভাল অসমীয়া সেই বাৰ্তাকে আৰু সম্প্রীতিৰ
বাৰ্তা দিয়াৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই চমু বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলন কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে
সমন্বয় সংস্কৃতিৰ দলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পৰিবেশন কৰে।
বীতু গগৈয়ে আঁত ধৰা অনুষ্ঠানত বৰগীত পৰিবেশন কৰে ছুফিয়ানা ৰহমানে। তাৰপাছত দিহা নাম- মঞ্জু বৰাৰ দলে, জিকিৰ আৰু জাৰী নৃত্য- চিৰ সেউজ ওজা মস্তাফা আলীৰ দলে পৰিবেশন কৰে। তাৰপাছত অনুষ্ঠিত
চিনাকি পর্ব (অনুষ্ঠানৰ সহযোগ)- প্রয়াত চৈয়দ ইদ্রিচ আলিৰ পৰিয়ালবৰ্গক পৰিচয় কৰি দিয়া হয়। অনুষ্ঠানত থিয় নাম- সুদর্শন লোক-সংস্কৃতি মহিলা দলে,
জিকিৰ গীত- মুস্তাকীন আহমেদৰ দলে, সত্রীয়া নৃত্য- দর্শনা হাজৰিকাই, জাৰী নৃত্য- জাজৰি জিকিৰ জাৰী চর্চা মঞ্চই,জিকিৰ গীত- হাফেজা বেগম চৌধুৰী (এ. গ্রেড জিকিৰৰ অনাতাঁৰ শিল্পী),
চৈয়দা নাবিহা ৰহমান (চি. চি. আৰ. টি জিকিৰ শিল্পী)
ৰিজুৱান আহমেদ (দোতাৰা বাদক তথা শিশু শিল্পী)
সত্রীয়া নৃত্য- টুৰন্যা দাস।
সংগীতালেখ্য- মিলিজুলি সাংস্কৃতিক গোষ্ঠী।
সমজুৱা জিকিৰ- শিৱসাগৰ, গোলাঘাট, দৰং আৰু গুৱাহাটীৰ অনাতাঁৰ শিল্পীসকলে, বিহু নৃত্য পৰিৱেশন- মিলিজুলি সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰে। তাৰপাছত
প্রমাণ পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ সহযোগী আহ্বায়ক,
চৈয়দ মাঝফ হুছেইন,
মৃন্ময় কুমাৰ শৰ্মা আদি উপস্থিত থাকে। এই বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰে । জাতীয় সংগীত পৰিৱেশনে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *