নৱবার্তা গুৱাহাটী,: অসম সাহিত্য সভাৰ “নিজৰ দিনৰ” অনুষ্ঠানত বুধবাৰে গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাৰ ফালৰ পৰা চচল অঞ্চলৰ ছয় গৰাকী বিভিন্ন দিশত সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত জেষ্ঠব্যক্তি ক্ৰমে ৰোহিণী বড়ো, পৰেশ শৰ্মা, সৰ্বেশ্বৰ পেগু, বাসন্তী টেৰণ, কনক চন্দ্ৰ মহন্ত আৰু সৰস্বতী ঠাকুৰীয়াৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনোৱা হয় ৷ তেওঁলোকক প্ৰত্যকৰে ঘৰলৈ বিহুৰ ঢোল পেপা বজাই গৈ তামোলপাণেৰে সেৱা আগবঢ়াই একোখনকৈ ফুলাম বিহুৱান, আৰু অসম সাহিত্য সভাৰ ফালৰ পৰা পঠোৱা একোখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় ৷আনএগৰাকী ব্যক্তি ৰামচৰণ ভঁৰালী চিকিৎসাধীন হৈ থকাৰ বাবে তেওঁক সম্বৰ্ধনা জনাব পৰা নগ’ল বুলি সভাৰ তৰফৰ পৰা জানিবলৈ দিয়ে।