‘ নৱবার্তা গুৱাহাটী:: গুৱাহাটীৰ চানমাৰিস্থিত
অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বুক কালচাৰ নামৰ অনুষ্ঠানৰ উদ্যোগত
বছৰৰ শেষৰ কুইজ সমাৰোহ আয়োজন কৰা হৈছে। ‘অৰ’বৰ’ছ’ শীর্ষক কুইজ প্ৰতিযোগিতাখন
২৮ ডিচেম্বৰৰ
পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব। ‘স্কুল অৱ থট্ ছ’ শিতান নিম্নতম শ্ৰেণীৰ পৰা
দ্বাদশ শ্ৰেণীলৈকে মুকলি থাকিব। এই শিতানত কুইজ মাষ্টাৰ হিচাপে হিচাপে থাকিব
ভৃগু তালুকদাৰ আৰু জিতাদিত্য নাৰ্জাৰী।
পুৱা ১১:৩০ বজাৰ পৰা ‘কমিউনিটাৰ শিতান’ত
মুক্ত ক্ৰীড়া কুইজ (পপ সংস্কৃতিত ক্ৰীড়া) অনুষ্ঠিত হ’ব। এই শিতানত কুইজ মাষ্টাৰ হিচাপে থাকিব
ৰুদ্ৰ ডেকা আৰু নয়নজ্যোতি মেধি। দিনৰ
২:০০ বজাত
‘আড্ডা- বছৰৰ শেষৰ সকলোৰে বাবে মুকলি কুইজ’ শিতানত কুইজ মাষ্টাৰ হিচাপে থাকিব
দীপাঞ্জন দেৱ আৰু
শোভিক ভট্টাচাৰ্যই।
এই প্ৰতিযোগিতাত মুঠ ৩৬ হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হ’ব। উল্লেখ্য, এই প্ৰতিযোগিতাত প্ৰতিটো দলত সৰ্বাধিক ৩ জন সদস্য থাকিব লাগিব। শীৰ্ষ ৮ টা দলে চূড়ান্ত প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিব। বিদ্যালয়ৰ দলৰ বাবে পৰিচয় পত্ৰ লগত লৈ অনাটো বাধ্যতামূলক।
মুক্ত কুইজৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে পঞ্জীয়ন মাচুল ১০০ টকা ধার্য কৰা হৈছে।
বিদ্যালয়ৰ দলৰ বাবে কোনো ধৰণৰ পঞ্জীয়ন মাচুল দিব নালাগে। ইয়াৰ বাবে আগ্ৰহী সকলে : ৯৯৫৪০-৪৯১১৬, ৯৮১৯৭-৪৯৯৯০ অথবা ৭০৪২২২৬১৭৮ ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত’বছৰৰ শেষ কুইজ সমাৰোহ’
