• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসমত মাকৈ খেতিৰ বাবে নতুন প্ৰকল্প আৰম্ভ

ByNaba Barta

Jun 8, 2024
Spread the love

নৱবার্তা গুৱাহাটী : ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত কৃষিৰ পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাইজেন এগ্ৰি টেক, আৰপিজে টি প্ৰাইভেট লিমিটেড আৰু উইনছম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডে অসমত এক বিপ্লৱী মাকৈ খেতিৰ প্ৰকল্প আৰম্ভ কৰিবলৈ ওলাইছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে অঞ্চলটোত গুৰুত্বপূৰ্ণ ৰাজহ তথা নিযুক্তিৰ সুযোগ সৃষ্টি কৰা আৰু লগতে অনুকূল ভূমি ব্যৱহাৰৰ প্ৰচাৰ কৰা। এই উপলক্ষে শনিবাৰে অনুষ্ঠানটোত উপস্থিত আছিল কাইজেন এগ্ৰিটেকছৰ সঞ্চালক মুকেশ জালান, কাইজেন এগ্ৰিটেকছৰ প্ৰতিষ্ঠাতা তথা অংশীদাৰ নিস্তা জালান, কাইজেন এগ্ৰিটেকছৰ প্ৰকল্প সঞ্চালক দেৱজিৎ বৈৰাগী, জয়পুৰ চক্কিৰ প্ৰতিষ্ঠাতা তথা উইনছম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডৰ সঞ্চালক বিষ্ণু উপাধ্যায়, আৰপিজে টিৰ জ্যেষ্ঠ পৰিচালক সঞ্জীৱ ইষ্টমেন, আৰপিজে টিৰ পৰিচালন সঞ্চালক চেতন যোশীকে ধৰি কাইজেন এগ্ৰিটেকছৰ অংশীদাৰ অমৰজিৎ লহকৰ ৷এই পদক্ষেপৰ জৰিয়তে বিদ্যমান চাহ বাগিচা সমূহৰ মুকলি ভূমিত সৰ্বাধিক পৰিমাণে মাকৈ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই পদ্ধতিৰ দ্বাৰা মাকৈৰ বৰ্ধিত চাহিদা, বিশেষকৈ ইথানল উৎপাদনৰ জৰিয়তে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পৰা এক নৱীকৰণযোগ্য ইন্ধন উৎস সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনা আছে।
অসমৰ সৰ্ববৃহৎ একক-ভূমি মাকৈ কৃষি প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হোৱাৰ উচ্চাকাংক্ষাৰ সৈতে উক্ত পদক্ষেপটোৱে অঞ্চলটোত কৃষি পদ্ধতি আৰু নিয়োজন সৃষ্টিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সূচাইছে। তিনিওটা উদ্যোগৰ মাজত হোৱা এই সহযোগিতাই উদ্ভাৱনৰ শক্তি আৰু অসমত কৃষিৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে এক অংশীদাৰী দৃষ্টিভংগীৰ উদাহৰণ দাঙি ধৰিছে।
এই যৌথ পদক্ষেক্ষে অসমত কৃষিৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে সহযোগিতা, উদ্ভাৱন আৰু এক অংশীদাৰী দৃষ্টিভংগীৰ আলোকপাত কৰিছে। বিশেষজ্ঞতা, সম্পদ তথা বহনক্ষম পদ্ধতিৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি তিনিওটা উদ্যোগে ৰাজ্যখনৰ কৃষিক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে।সংবাদমেলত কাইজেন এগ্ৰি টেক, আৰপিজে টি প্ৰাইভেট লিমিটেড আৰু উইনছম টি প্লেণ্টেচন প্ৰাইভেট লিমিটেডে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ বিষয়ে বৰ্ণনা কৰে আৰু নিম্নলিখিত মুখ্য দিশবোৰ দাঙি ধৰে:বহনক্ষম মাকৈ খেতিৰ বাবে চাহ বাগান ব্যৱহাৰ কৰাৰ সম্ভাৱনা আৰু সুবিধাসমূহ।চাহ খেতিয়ক, কৃষি খণ্ড আৰু অসমত সামগ্ৰিক নিয়োজন সৃষ্টিৰ ওপৰত অৰ্থনৈতিক প্ৰভাৱ।অনুকূল মাকৈ উৎপাদনৰ বাবে উন্নত কৃষি প্ৰযুক্তিৰ ৰূপায়ণ।
অসমৰ কৃষিক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে তিনিওটা উদ্যোগৰ সহযোগিতামূলক প্ৰচেষ্টা।

Leave a Reply

Your email address will not be published. Required fields are marked *