• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অত্যাধুনিক কৌশলেৰে নিৰ্মিত বিলাসী বাহন “বায়ুজীত” মুকলি নৰ্থ ইষ্ট মটৰ্চৰ চমৎকাৰে দৃষ্টি কাঢ়িছে সকলোৰে

ByNaba Barta

Mar 23, 2024
Spread the love

নৱবার্তা গুৱাহাটী: বিলাসীতাৰ শিখৰকো যেন চেৰ পেলাই সমগ্ৰ উত্তৰ পূব ভাৰততে মটৰ নিৰ্মাণ খণ্ডত এক আলোড়ন আনি নর্থ ইষ্ট মটর্চে শুকুৰবাৰে গুৱাহাটীত মুকলি কৰে বিলাসী বাহন “বায়ুজীত”। গুৱাহাটীৰ তাজ ভিভান্টা হোটেলত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নৰ্থ ইষ্ট মটৰ্চৰ পৰিচালন সঞ্চালক সঞ্জয় গোস্বামীয়ে চালে চকু থৰ লাগি ৰোৱা ডিজাইন তথা সুবিধাৰে পৰিপূৰ্ণ “বায়ুজীত” মুকলি কৰে। ভ্রমণ বুলি কলেই মানুহৰ মনলৈ অহা বিলাসীতা আৰু আৰাম এই বাহনখনত উপচাই দিয়া হৈছে। নর্থ ইষ্ট মটৰ্চৰ এক সপোনৰ প্ৰকল্পৰ বাস্তৱ ৰূপেই হৈছে “বায়ুজীত”। ভাষা-শব্দৰে বৰ্ণনা কৰিব নোৱাৰাকৈ সকলো অত্যাধুনিক প্রযুক্তি কৌশলৰ সমাহাৰ ঘটিছে “বায়ুজীতত। সেয়ে বিলাসীতাৰ শিখৰকো “বায়ুজীত” নামৰ বাহনখনে চেৰ পেলোৱা বুলি কলে অত্যুক্তি কৰা নহ’ব। দৃষ্টিনন্দন ফানিছিং, আধুনিক যুগৰ সকলো সুবিধা সম্বলিত বিলাসী হোটেলৰ কোঠাকো চেৰ পেলাইছে ষ্টেট-অব-দ্য-আর্ট “বায়ুজীত”- এ। বাহনখনৰ বিশেষত্ব সন্দর্ভত এক সংবাদ মেলত নর্থ ইষ্ট মটৰ্চৰ পৰিচালন সঞ্চালক সঞ্জয় গোস্বামীয়ে কয় যে ষ্টাৰ চেলিব্রিটী/ৰাজনীতিকৰ জগতখন কেৱল গ্লেমাৰেৰে ভৰি থকা নাই, লগত আছে তেঁওলোকৰ নিৰাপত্তা আৰু গোপনীয়তা। লক্ষ জনৰ হৃদয়ত হাঁহি বিৰিঙাই দিবলৈ সক্ষম হোৱা এইসকল লোকৰ ব্যৱহাৰৰ বাবে তথা ভ্রমণ সুচল হোৱাৰ লক্ষ্যৰে নৰ্থ ইষ্ট মটর্চে মুকলি কৰে ভেনিটি ভেন ‘বায়ুজীত”। বাহনখনত লাউঞ্জ আৰু বেডৰুমৰ পৰা পাকঘৰ, বাথৰুম, অগ্নি নির্বাপন সুবিধা, উচ্চ মানৰ মিনিয়েচাৰ চাৰকুইত ব্ৰেকাৰ, জৰুৰী প্ৰস্থান দ্বাৰ, চিচিটিভি কেমেৰা, ৩৬০° কেমেৰা আদি সকলো আছে। অতি মজবুত ৰূপত নিৰ্মান কৰা “বায়ুজীতত সংযোজিত সুবিধাসমূহৰ বিষয়ে জানিলে সকলোৰে ধাৰণা স্পষ্ট হব যে এই বাহনখন বিলাসী আৱাসগৃহ বা বিশ্বৰ নামী-দামী হোটেলৰ কক্ষতকৈ কোনোগুণে কম নহয়।

“বায়ুজীতৰ চালকৰ কেবিনত ৩৬০° কেমেৰা ব্যবস্থা ৰখা হৈছে। চালকৰ চকুৰ সন্মুখতেই কেমেৰাৰ স্কিনত সকলো দৃশ্যমান হৈ থাকিব। ৭.২০৭.২ ফুটৰ বেডৰুমত হাইড্রালিক স্কিছৰ লিফটত স্থাপন কৰা কিং চাইজ চোফা তথা বিছনা আছে। লগতে আছে ক্লচেটছ, ৱাৰড্ৰপচ আৰু ড্ৰয়াৰ। “বায়ুজীতৰ ভিতৰৰ লাউঞ্জ এলেকা হব ৭.২০১৩.৫ ফুটৰ। ৬ গৰাকী ব্যক্তি বহিব তথা জিৰণি লোৱাৰ সুন্দৰ ব্যবস্থা আছে। ইয়াৰে ৪ টা অটোমেটিক ৰিক্লাইনিং চিট আৰু সম্মুখৰ শাৰীত ২ টা সম্পূর্ণ ৰিভলভিং চিট। লাউঞ্জত আমেৰিকাৰ প্ৰখ্যাত চনোচৰ প্রিমিয়াম ছাউণ্ড চিষ্টেম সহ ৫৫ ইঞ্চিৰ ছনী টিভি, বিমানত ব্যৱহৃত নেডাৰলেণ্ডৰ VEROSOL ৰ লাইট আৰু এ চি ভেণ্টছ থাকিব। পাকঘৰত আকৌ আমেৰিকাৰ কোম্পানী KOHLER ৰ কিটছেন চিংক, জার্মানীৰ BOSCH কোম্পানীৰ পৰা অনা চিমনি, ১৯০ লিটাৰৰ ৰেফ্ৰিজাৰেটৰ, BOSCH ৰে কুকটপ আৰু মাইক্ৰৱেভ, ইটালীৰ পৰা অহা DeLonghi কফি প্রস্তুত কৰা মেচিন, LE CREUSET ৰ কুকৱেৰ, আমেৰিকাৰ CORELLE VITRELLE ৰ ডিছৱেৰ, ইটালীৰ MORINOX’S পাকঘৰৰ চুৰি, চেক ৰিপাব্লিকৰ Crystalex Bohemia ৰ TULIPA OPTICA ব্রাইন প্লাচ আৰু পর্তুগালৰDAPLAER ৰ চামুচ আছে। ৩.৮×৪.৮ ফুটৰ বাথৰুমত আকৌ নেডাৰলেণ্ডৰ VETUS ৰ কেমিকেল মেৰিন টইলেট, KOHLER ৰ শ্লিক বেচিন আৰু ৰেইন শ্বাৱাৰ, হেল্থ ফৌচেত, শীতল আৰু গৰম পানীৰ সুন্দৰ ব্যবস্থা, জেকুৱাৰৰ ১০ লিটাৰৰ গিজাৰ থকাৰ লগতে কুৰিয়ান মাৰ্বল ফ্লৰিং কৰা হৈছে। “বায়ুজীত”ৰ ভিতৰভাগ যিদৰে আটকধুনীয়া কৰা হৈছে, বাহিৰৰ পৰাও দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে। শ্লীক প্লাচ ফিনিছ “Shiny Black and Avant Grade Bronze” হোৱাত ই অধিক আকর্ষণীয় হৈ পৰিছে। বাহনখনত DURATUF ৰ ৬ মি:মি: ডাঠ সন্মুখৰ গ্লাচ আৰু ৫ মি:মি: ডাঠ গ্লাচ কাষত তথা পিছফালে লগোৱা হৈছে। স্পেইনৰ ECLER ৰ উচ্চ মানৰ ছাউণ্ড চিষ্টেম যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে বাহিৰত সংযোজিত হৈ আছে। লগতে জার্মানীৰ প্ৰখ্যাত ব্ৰেণ্ড Behringer ৰ ছাউণ্ড মিক্সাৰ, জাপানৰ Audio-Technica ৰ ৱায়াৰলেছ মাইক্ৰফোণ আছে। “বায়ুজীত”ৰ ওপৰ অংশত ১০-১২ গৰাকী নিৰাপত্তাৰক্ষী/দলীয় কর্মী থাকিব পৰা ব্যবস্থা, ১০ টা PHILIPS ৰ হাই পাৱাৰ ফ্লাড লাইট, ১০০০ লিটাৰৰ বিশুদ্ধ পানীৰ টেংক, ৮০০ লিটাৰৰ আৱৰ্জনা টেংক, হোণ্ডাৰ ৩ কিলোৱাট আৰু ৫.৫ কিলোৱাটৰ জেনেৰেটৰ, ২ কিলোৱাটৰ ইনভাৰ্টাৰ, সামগ্ৰী ৰাখিব পৰা কম্পাৰ্টমেন্ট, ছিংগাপুৰৰ DYSON ৰ ভেকুৱাম ক্লিনাৰ আৰু ওপৰ অংশলৈ সহজে যাব পৰাকৈ তেলিঙ্কপিক এলুমিনিয়াম ফল্ডিং স্টেপ লেদাৰ থাকিব।

নৰ্থ ইষ্ট মটৰ্চৰ এই বিলাসী বাহন নির্মান একক আৰু অনন্য ৰূপে বিবেচিত হৈছে। অসমীয়া মানুহেও যে প্রত্যাহ্বান নেওচি, সীমাৰ পৰিধি ভাঙি আনে নভবা, কল্পনা কৰিব নোৱাৰা আৰু আনক পথ দেখুৱাব পৰাকৈ কাম কৰিব পাৰে তাৰেই উদাহৰণ হল নৰ্থ ইষ্ট মটর্চ তথা সঞ্জয় গোস্বামীৰ সপোনৰ প্রকল্প “বায়ুজীত”।

নৰ্থ ইষ্ট মটৰ্চ: গ্ৰাহকৰ আৰাম আৰু আনন্দ বৃদ্ধি কৰিবলৈ একেলগে সকলো প্ৰডাক্ট ৰেঞ্জত সামগ্রিক গাড়ীৰ চাৰ্ভিছ প্ৰদান কৰাত প্রধান গুৰুত্ব দি নৰ্থ ইষ্ট মটর্চ ২০১৭ চনত আৰম্ভ কৰা হৈছিল। আমি গাড়ীৰ কাষ্টমাইজেচন আৰু মডিফিকেচন সেৱাৰ প্ৰয়োজন হোৱা বজাৰ খণ্ডসমূহক সেৱা আগবঢ়াবলৈ ভালদৰে প্ৰশিক্ষিত আৰু সজ্জিত। গ্রাহকসকলে আমাৰ বিভিন্ন পেকেজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্পও আছে। আমি অত্যাধুনিক যন্ত্রপাতি আৰু সঁজুলিৰে সকলো গাড়ী মেৰামতিৰ বাবে সম্পূর্ণ সমাধান প্রদান কৰোঁ। লগতে আমি আমাৰ উচ্চমানৰ পেইন্ট বুথৰ সুবিধাৰ জৰিয়তে প্রিমিয়াম সম্পূর্ণ পেইন্টিং সেৱাও আগবঢ়াইছো। গ্ৰাহকৰ বিভিন্ন পছন্দ অনুসৰি আমাৰ ওচৰত আনুষংগিক সামগ্রী, অডিঅ’-ভিজুৱেল চিষ্টেম আৰু অন্যান্য বিস্তৃত সেৱা আছে। আমাৰ গাড়ীৰ গ্রাহকসকল বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিত্ব সম্পন্ন যেনে- ব্যৱসায়ী, মনোৰঞ্জন উদ্যোগৰ চেলিব্রিটিৰ লগতে বিভিন্ন বিশিষ্ট পেছাদাৰী আৰু ঘৰুৱা লোক। নৰ্থ ইষ্ট মটৰছত আমি গ্ৰাহকৰ সকলো সমাধানৰ বাবে রান ষ্টপ গন্তব্যস্থান হ’ বলৈ প্ৰতিশ্রুতিবদ্ধ আৰু ইয়াক পূৰণ কৰিবলৈ আমাৰ কাৰ্য্যকলাপ আৰু তৎপৰতাক অধিক গতিশীল কৰি ৰাখিবলৈ প্ৰয়াস কৰিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *