• Thu. Jun 11th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ভাৰতৰ সৰ্ববৃহৎ নাগৰিক নেতৃত্বাধীন পথ সুৰক্ষা আন্দোলন গঢ়ি তোলাৰ বাবে ৰেপিডো-মৰ্থ পদক্ষেপ মুকলি নীতিন গাডকাৰীৰ

ByNaba Barta

Jun 11, 2026
Spread the love

XX লাখৰো অধিক ৰেপিডো কেপ্তেইনে ৰাহবীৰ প্ৰতিশ্ৰুতিত অংশগ্ৰহণ কৰি গিনিজ বিশ্ব অভিলেখ সৃষ্টি কৰে।

মাননীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ লগতে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া সকলৰ উপস্থিতিত পদক্ষেপ আৰম্ভ।

ৰেপিডোৱে নিজৰ প্ৰযুক্তি মঞ্চ আৰু কেপ্তেইন সম্প্ৰদায়ৰ সহায় লৈ ৰাহবীৰ আঁচনিৰ ক্ষেত্ৰত দেশজোৰা সজাগতা সৃষ্টি কৰিব।

নৱবাৰ্তা, নতুন দিল্লী : ভাৰতৰ
সৰ্ববৃহৎ আৰু আটাইতকৈ সুলভ মূল্যৰ ৱান ষ্টপ মবিলিটি প্লেটফৰ্ম ৰপেন ট্ৰেন্সপ’ৰ্টেশ্যন চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডে (ৰেপিডো), আজি ভাৰত চৰকাৰৰ ৰাহবীৰ আঁচনিৰ বাবে দেশজোৰা সজাগতা আৰু নাগৰিকৰ অংশগ্ৰহণক সমৰ্থন কৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথ মন্ত্ৰালয়(মৰ্থ)ৰ সৈতে সহযোগিতাৰ ঘোষণা কৰে, যি হৈছে এটা ফ্লেগশ্বিপ পদক্ষেপ যাৰ লক্ষ্য হৈছে সোণালী ঘণ্টাৰ সময়ত পথ দুৰ্ঘটনাগ্ৰস্তসকলক সময়মতে সহায় কৰিবলৈ উৎসাহিত কৰা।

মাননীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, মৰ্থৰ সচিব আৰু অতিৰিক্ত সচিবৰ লগতে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু ৰেপিডোৰ নেতৃত্বৰ উপস্থিতিত এই সহযোগিতা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

অনুষ্ঠানত ভাষণ দি মাননীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয়- “পথ সুৰক্ষা এক ভাগ-বতৰা কৰা দায়িত্ব আৰু আমাৰ পথ সমূহত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে নাগৰিকৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। ৰাহবীৰ আঁচনিৰ জৰিয়তে আমি ব্যক্তিসকলক দুৰ্ঘটনাগ্ৰস্ত লোকসকলক নিঃসংকোচে সহায় কৰিবলৈ উৎসাহিত কৰিব বিচাৰো আৰু সোণালী ঘণ্টাৰ সময়ত জীৱন ৰক্ষা কৰাত সহায় কৰিব বিচাৰো ।”

সহযোগিতাৰ সন্দৰ্ভত মন্তব্য কৰি ৰেপিডোৰ সহ-প্ৰতিষ্ঠাপক অৰবিন্দ ছাংকাই কয় – “প্ৰতিদিনে লাখ লাখ ভাৰতীয়ই চহৰ আৰু নগৰ সমূহত ৰেপিডোৰ কেপ্তেইনৰ সৈতে মত বিনিময় কৰে। ইয়াৰ দ্বাৰা আমাক গতিশীলতাৰ বাহিৰেও অৰিহণা যোগোৱাৰ এক অনন্য সুযোগ প্ৰদান কৰা হয় আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা গঢ়ি তোলাত সহায় হয়। মৰ্থৰ সৈতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে আমি ৰাহবীৰ আঁচনিখনক সমৰ্থন আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত নাগৰিকৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰিবলৈ পাই গৌৰৱান্বিত ।
আমাৰ কেপ্তেইন সম্প্ৰদায়ৰ পৰা লাভ কৰা অফুৰন্ত সঁহাৰি আৰু গিনিজ বিশ্ব ৰেকৰ্ডৰ কৃতিত্বই সুৰক্ষিত পথ সৃষ্টি আৰু জৰুৰীকালীন অৱস্থাত দায়িত্বশীল কাৰ্য্যৰ সংস্কৃতি গঢ়ি তোলাৰ দিশত এক ভাগ-বতৰা কৰা দায়বদ্ধতাক প্ৰতিফলিত কৰে।’

এই পদক্ষেপৰ অংশ হিচাপে ৰেপিডোৱে নিজৰ প্ৰযুক্তি মঞ্চ, ৪০০+ চহৰৰ বিস্তৃত প্ৰসাৰ আৰু ভাৰতৰ সৰ্ববৃহৎ মবিলিটি কেপ্তেইন সম্প্ৰদায়ৰ সহায় লৈ ডিজিটেল এংগেজমেণ্ট, ইন-এপ শিক্ষা, ছ’চিয়েল মিডিয়া অভিযান আৰু অন-গ্ৰাউণ্ড আউটৰিচ পদক্ষেপৰ সংমিশ্ৰণৰ জৰিয়তে ৰাহবীৰ আঁচনি সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিব।

সহযোগিতা আৰম্ভ হোৱাৰ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা XX লাখৰো অধিক ৰেপিডো কেপ্তেইনে ৰেপিডো প্লেটফৰ্মৰ জৰিয়তে সামূহিকভাৱে ৰাহবীৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰে আৰু পথ সুৰক্ষা, দায়িত্বশীল নাগৰিকত্ব আৰু দুৰ্ঘটনাগ্ৰস্তসকলৰ বাবে সময়মতে সমৰ্থনৰ প্ৰসাৰৰ দিশত তেওঁলোকৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।

ৰাহবীৰ আঁচনিৰ জৰিয়তে নাগৰিকসকলক আগবাঢ়ি আহি গুৰুত্বূৰ্ণ সোণালী ঘণ্টাৰ সময়ছোৱাত পথ দুৰ্ঘটনাত পতিত হোৱা লোকসকলক সহায় কৰিবলৈ উৎসাহিত কৰা হৈছে, য’ত তাৎক্ষণিক হস্তক্ষেপে জীয়াই থকা আৰু আৰোগ্য লাভৰ সম্ভাৱনা যথেষ্ট উন্নত কৰিব পাৰে। এই অংশীদাৰিত্বৰ জৰিয়তে ৰেপিডোৱে সমগ্ৰ ভাৰতৰ লাখ লাখ নাগৰিক, যাতায়তকাৰী আৰু কেপ্টেইনৰ মাজত আঁচনিখনৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ৰেপিডোৰ সজাগতা প্ৰচেষ্টাত ইন-এপ এংগেজমেণ্ট, শিক্ষামূলক বিষয়বস্তু, কেপ্তেইন আউটৰিচ প্ৰগ্ৰেম আৰু মূল বজাৰসমূহত দৃশ্যমানতাৰ পদক্ষেপকে ধৰি ডিজিটেল আৰু অন-গ্ৰাউণ্ড সক্ৰিয়কৰণৰ শৃংখলা অন্তৰ্ভুক্ত কৰা হ’ব। প্ৰতিষ্ঠানটোৱে ৰাহবীৰ আঁচনিৰ সন্দৰ্ভত স্থায়ী সজাগতা বৃদ্ধিত সহায় কৰিবলৈ একাধিক গ্ৰাহক আৰু কেপ্তেইন টাচপইণ্টৰ মাজত পথ সুৰক্ষা বাৰ্তা প্ৰেৰণকো একত্ৰিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *