• Mon. Jul 27th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গৌৰমেট পপকৰ্নিকাক সন্মান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ভাৰতৰ স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা গৌৰমেট পপকৰ্নিকাৰ পপকৰ্ণ মাকৈ খেতিৰ প্ৰশংসা কৰে

ByNaba Barta

Jul 1, 2026
Spread the love

নৱবার্তা চেন্নাই,:ভাৰতৰ সৰ্ববৃহৎ আৰু বিশ্বৰ চতুৰ্থ বৃহৎ পপকৰ্ণ মাকৈ প্ৰতিষ্ঠান গৌৰমেট পপকৰ্নিকাই আজি ঘোষণা কৰে যে তেওঁলোকে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনৰ পৰা এখন ব্যক্তিগত মান্যতা পত্ৰ লাভ কৰিছে,য’ত তেওঁ ভাৰতৰ কৃষি, কৃষকৰ জীৱিকা আৰু দেশখনৰ আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ প্ৰতি প্ৰতিষ্ঠানটোৰ অসাধাৰণ অৱদানক স্বীকাৰ কৰে।

“আপোনালোকৰ দৃষ্টিভংগী, অধ্যৱসায় আৰু উদ্যোগী মনোভাৱে পপকৰ্ণক ভাৰতৰ অন্যতম জনপ্ৰিয় স্নেক ফুডলৈ ৰূপান্তৰিত কৰাৰ লগতে মাকৈ খেতিয়কৰ বাবে মূল্য সৃষ্টি কৰাৰ লগতে সমগ্ৰ দেশতে জীৱিকাৰ সৃষ্টি কৰিছে।”

  • চি.পি.ৰাধাকৃষ্ণন, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি :

২০২৬ চনৰ ২৩ জুনত লিখা এই পত্ৰখন ব্যক্তিগতভাৱে গৌৰমেট পপকৰ্নিকা প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক এছ বি পি পট্টাভি ৰামা ৰাওক উদ্দেশ্যি প্ৰেৰণ কৰা হৈছে। এই পত্ৰত আমেৰিকাৰ নেব্ৰাস্কাৰ প্ৰিফাৰেণ্ড পপকৰ্ণৰ কৃষিৰ জ্ঞান আহৰণৰ পৰা আৰম্ভ হৈ তেতিয়াৰে পৰা ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰসাৰিত হোৱা এই যাত্ৰাক স্বীকাৰ কৰা হৈছে। বৰ্তমান গ’ৰমেট পপকৰ্নিকাই ৯খন ৰাজ্যৰ প্ৰায় ২০ হাজাৰ কৃষকৰ সৈতে কাম কৰি ৪০ হাজাৰ একৰতকৈ অধিক মাটিত কৃষিকাৰ্য চলাই আছে।

“ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰা এই স্বীকৃতি অকল মোৰ নহয়। এই প্ৰাপ্য নিজৰ ভূমিৰ জৰিয়তে আমাক বিশ্বাস কৰা প্ৰতিজন কৃষক, এই অভিযানত বিশ্বাস কৰা দলৰ প্ৰতিজন সদস্য আৰু আমাৰ সৈতে এই যাত্ৰাত খোজ দিয়া প্ৰতিজন অংশীদাৰৰ। এয়া আমাৰ শিখৰ নহয়, এয়া হৈছে ভাৰতৰ কৃষি আৰু ভাৰতৰ বাবে অধিক কাম কৰাৰ ক্ষেত্ৰত আমাৰ ইন্ধন।”

-গৌৰমেট পপকৰ্নিকাৰ পৰিচালন সঞ্চালক এছ বি পি পট্টাভি ৰামা ৰাও

কৃষি উদ্যোগীকৰণৰ শক্তিৰ এক উল্লেখযোগ্য প্ৰমাণ হিচাপে ৰাধাকৃষ্ণনে বিশ্বাস প্ৰকাশ কৰে যে গৌৰমেট পপকৰ্নিকাৰ এই প্ৰচেষ্টাই ভাৰতক ২০৩০ চনৰ ভিতৰত পপকৰ্ণ মাকৈৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাই নহয়, বিশ্বৰ মঞ্চত প্ৰিমিয়াম মানৰ পপকৰ্ণ মাকৈৰ ৰপ্তানি কাৰী হিচাপে উত্থানৰ ক্ষেত্ৰতো দেশখনক সক্ষম কৰি তুলিব।

এই ইমেইলত চিঠিখনৰ প্ৰতিলিপি সংলগ্ন কৰা হৈছে।

গৌৰমেট পপকৰ্নিকাৰ বিষয়ে:

গৌৰমেট পপকৰ্নিকা হৈছে হাইব্ৰিড বীজ আৰু কৃষকৰ অংশীদাৰিত্বৰ পৰা আৰম্ভ কৰি কাৰ্নেল প্ৰচেছিং, সংৰক্ষণ, চিনেমা যোগান আৰু ব্ৰেণ্ডেড খুচুৰা আৰু ই-কমাৰ্চ সামগ্ৰীলৈকে ভাৰতৰ পপকৰ্ণ মূল্য শৃংখল গঢ়ি তোলা চেন্নাই স্থিত এটা এগ্রি-টু-কনজিউমাৰ প্ৰতিষ্ঠান।

২০১৪ চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোৱে ৯খন ৰাজ্যৰ ১৯,৫০০ কৃষকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ৪০,০০০ একৰতকৈ অধিক এলেকাত পপকৰ্ণ মাকৈৰ খেতি কৰে, যাৰ ফলত ই হৈ পৰিছে ভাৰতৰ পপকৰ্ণ মাকৈৰ সৰ্ববৃহৎ উৎপাদনকাৰী আৰু বিশ্বৰ চতুৰ্থ বৃহৎ। গ’ৰমেট পপকৰ্নিকাই ইয়াৰ কাৰ্য্যকলাপত পণ্যৰ অখণ্ডতা, যোগানৰ নিৰ্ভৰযোগ্যতা, কৃষকৰ প্ৰভাৱ, বহনক্ষম পেকেজিং আৰু দায়িত্বশীল উৎসক অগ্ৰাধিকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *