• Wed. Jun 17th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বিহপুৰীয়াত ‘সেৱাব্ৰত বৰুৱা সোঁৱৰণী নাট সমাৰোহ ২০২৬’ সম্পন্ন: ‘সান্নিধ্য’ৰ শিশু শিল্পীৰ “বহুৰূপী জিন্দাবাদ”ৰ অনবদ্য প্ৰদৰ্শন

ByNaba Barta

Jun 17, 2026
Oplus_131072
Spread the love

​নৱবাৰ্তা অসম, অসমৰ নাট্য জগতৰ উজ্জ্বল নক্ষত্ৰ, প্ৰখ্যাত নাট্যকাৰ প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ গৃহ চহৰ বিহপুৰীয়াত তেওঁৰ স্মৃতি ৰক্ষাৰ্থে এক ব্যতিক্ৰমী নাট্য কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈ গৈছে। অঞ্চলটোৰ একাংশ নাট্যৰসিক ব্যক্তিৰ প্ৰচেষ্টাত সদ্যগঠিত “সেৱাব্ৰত বৰুৱা সোঁৱৰণী সাংস্কৃতিক মঞ্চ”ৰ উদ্যোগত যোৱা ৩০ আৰু ৩১ মে’ত বিহপুৰীয়াৰ যোগ বৰুৱা স্মৃতি ভৱনত দুদিনীয়া কাৰ্যসূচীৰে “সেৱাব্ৰত বৰুৱা সোঁৱৰণী নাট সমাৰোহ ২০২৬” অনুষ্ঠিত হয়।
​প্ৰয়াত বৰুৱাৰ কালজয়ী সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আয়োজিত এই সমাৰোহৰ দুয়োটা দিনতে দৰ্শকৰ বিপুল উপস্থিতি পৰিলক্ষিত হয়। দুদিনত মঞ্চস্থ হয় মুঠ চাৰিখন নাটক। ইয়াৰে তিনিখন ক্ৰমে— “মুক কণ্ঠত শব্দৰ ঝংকাৰ” (ৰংগভূমি, বিহপুৰীয়া), “বহুৰূপী জিন্দাবাদ” (সান্নিধ্য, লক্ষীমপুৰ) আৰু “কলংক কিৰীতি” (ইংগিত, বিহপুৰীয়া) প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ কালজয়ী নাটক হোৱাৰ বিপৰীতে চতুৰ্থখন আছিল যশস্বী নাট্যকাৰ অৰুণ শৰ্মাৰ অমৰ সৃষ্টি “আহাৰ” (সূৰ্যমুখী নাট্যগোষ্ঠী, তিনিচুকীয়া)।

সমাৰোহৰ প্ৰথম দিনাৰ দ্বিতীয়খন নাটক আছিল উত্তৰ লক্ষীমপুৰৰ অগ্ৰণী নাট্য গোষ্ঠী “সান্নিধ্য”ৰ প্ৰযোজনা “বহুৰূপী জিন্দাবাদ”। নাটকখনৰ আৰম্ভণিতেই মঞ্চত পুৱাৰ পোহৰ পৰাৰ লগে লগে নেপথ্যত বাজি উঠে “দলদোপ, দলদোপ হেন্দোলদোপ…” শীৰ্ষক গীতটি। হাতত নাঙল, যুঁৱলি, কোৰ আদি লৈ গীতৰ তালে তালে শইচৰ পথাৰৰ মানুহৰ ৰূপত অভিনেতা-অভিনেত্ৰীসকলে মঞ্চত প্ৰৱেশ কৰাৰ দৃশ্য আছিল অতি আকৰ্ষণীয়। দৰ্শকক আটাইতকৈ আচৰিত আৰু অভিভূত কৰা দিশটো আছিল— নাটকখনৰ আটাইবোৰ অভিনেতা-অভিনেত্ৰীৰ বয়স আছিল বাৰ-তেৰ বছৰৰ তলৰ। ৰং, ৰস, পথাৰ, পাহাৰ, নৈ, গছেৰে ভৰপূৰ প্ৰকৃতি আৰু জীৱনক সাৱটি এই কণ কণ শিশুসকলে যেন মঞ্চতে নিজকে জী উঠাৰ এক অনন্য আখৰা কৰিলে।

মূলতঃ এক গভীৰ ৰাজনৈতিক প্ৰহসনক বুকুত বান্ধি আগবঢ়া এই নাটকত দেখা যায়— এখন ৰাজ্য য’ত প্ৰকৃতিৰ বিনন্দীয়া শস্য-সোণালীৰ লগত হাঁহি-মাতি প্ৰজাই জীৱন উদযাপন কৰিছে। ৰজাও আপোন-ভোলা, যাৰ বাবে ৰাইজৰ ভালেই নিজৰ ভাল। তেনে এক সুখ-সমৃদ্ধিৰ মাজতে হঠাতে প্ৰৱেশ ঘটে এক অদৃশ্য ৰাক্ষস “দুৰ্নীতি”ৰ। দুৰ্নীতিৰ কৰাল গ্ৰাসত প্ৰজা ভয়ত কঁপে, ৰজাৰ টোপনি হৰে। ক্ৰমান্বয়ে এই দুৰ্নীতি মন্ত্ৰী, আমোলাৰ পৰা আদি কৰি সমগ্ৰ প্ৰজাৰ মন-মগজুত সোমাই পৰে। চাৰিওফালে এই দুৰ্নীতিয়ে ‘বহুৰূপী’ৰ ৰূপ ধাৰণ কৰে। নাট্যকাৰৰ এই গভীৰ বাৰ্তাটোক পোন্ধৰ জন শিশু অভিনেতাৰ দ্বাৰা অতি সহজ অথচ অত্যন্ত বলিষ্ঠভাৱে দৰ্শকৰ আগত দাঙি ধৰিবলৈ সক্ষম হয় ‘সান্নিধ্য’ই।

নাটকখনৰ বিভিন্ন চৰিত্ৰত নিজৰ হিয়া উজাৰি অভিনয় কৰি দৰ্শকক আপ্লুত কৰা শিশু শিল্পীসকল হ’ল— কাব্যনন্দিনী কোঁৱৰ, আয়ুষ্মান গোস্বামী, উপশ্ৰীতা দত্ত, ঋষি বাইলুং, বৰ্ণিল বৰা, যশস্যা নন্দিনী শৰ্মা, তুৰ্যৰাগ ভূঞা, ধ্যানা শইকীয়া, ৰীতিসা শইকীয়া, লুইছা শইকীয়া, সংগীত স্পন্দন হাজৰিকা, গৌৰৱী ফুকন, ইপ্সিতা দত্ত, জয়িতা বৰ্মন আৰু তুহিন তুষাৰ গগৈ। প্ৰতিজন শিশু শিল্পীয়েই মঞ্চত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ সক্ষম হয়।

নাটকখনৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰ দিশত পৰিচালক ৰাহুল শৰ্মা আৰু সহযোগী ভাৰ্গৱ গোস্বামীৰ বিচক্ষণতা আৰু কঠোৰ পৰিশ্ৰম মঞ্চত ফুটি উঠিছিল। কোনো ধৰণৰ অতিৰঞ্জিত নাট্যধৰ্মীতাৰ আশ্ৰয় নোলোৱাকৈ নাটকৰ স্বভাৱিক গতি বজাই ৰাখি শিশু শিল্পীসকলক তেওঁলোকৰ সহজাত সৰলতাৰে চৰিত্ৰসমূহ ৰূপায়ণ কৰিবলৈ দিয়াটো আছিল পৰিচালকদ্বয়ৰ অন্যতম সাৰ্থকতা।
​পোহৰ পৰিকল্পনাৰ ক্ষেত্ৰত হেমাংগ ৰঞ্জন বৰাই এক অনবদ্য দক্ষতা প্ৰদৰ্শন কৰে। কিছু কিছু নাট্যমুহূৰ্তত তেওঁ সৃষ্টি কৰা পোহৰৰ মায়াজালে নাটকখনক একো একোখন জীৱন্ত ছবিৰ ৰূপ দিছিল। ময়ূৰী দত্তৰ নৃত্য নিৰ্দেশনাত বুদ্ধিমত্তাৰ প্ৰকাশ ঘটিছিল। টমক ৰঞ্জন দত্তৰ পৰিচালনাত নিখিল ফুকন, লাকী দাস আৰু সুভাশীষ ৰ সহযোগত নাটকখনৰ আৱহ সংগীত সামগ্ৰিকভাৱে উন্নত আছিল যদিও কিছু কিছু স্থানত অভিনেতা আৰু দৰ্শকক অধিক একাত্ম কৰাৰ থল আছিল বুলি একাংশ নাট্য সমালোচকে মত পোষণ কৰে। একেদৰে, প্ৰেক্ষাগৃহৰ শব্দ ব্যৱস্থাত হোৱা কিছু বিসংগতিয়ে নাটক উপভোগ কৰাত সামান্য ব্যাঘাত জন্মাইছিল।

উল্লেখ্য , সমগ্ৰ প্ৰযোজনাটি সফলতাৰে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ৰাকেশ বৰা, মানস ৰঞ্জন বৰুৱা, বৃত্তিপ্ৰিয়া দাস, ৰঞ্জিত শৰ্মা, বনমালী, বন্যা হাজৰিকা, আকাংক্ষা মাধৱ দত্ত আৰু সমগ্ৰ ‘সান্নিধ্য’ পৰিয়ালবৰ্গই বিশেষ অৰিহণা যোগায়। সকলো ত্ৰুটি নেওচি, শিশু শিল্পীসকলৰ হিয়া উজাৰি কৰা অভিনয় আৰু নেপথ্যৰ সতীৰ্থসকলৰ একান্ত প্ৰচেষ্টাই নাট্যপ্ৰেমী ৰাইজক সম্পূৰ্ণ আপ্লুত আৰু পুলকিত কৰিবলৈ সক্ষম হয়। সামগ্ৰিকভাৱে “সান্নিধ্য”ৰ এই নাট্য প্ৰয়াস বিহপুৰীয়াৰ নাট সমাৰোহৰ অন্যতম শ্ৰেষ্ঠ আকৰ্ষণ হিচাপে পৰিগণিত হয় আৰু সচেতন ৰাইজে ‘টীম সান্নিধ্য’ক এই সফল প্ৰদৰ্শনৰ বাবে ভূয়সী প্ৰশংসা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *