• Fri. Jun 12th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ চৰ্চাত অলকা পাটোৱাৰী

ByNaba Barta

Jun 11, 2026
Spread the love

নৱবার্তা গুৱাহাটী:সদ্যঘোষিত অসম চৰকাৰৰ মন্ত্ৰী সভাত স্থান পোৱাৰ পিছত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ বৰ্তমানৰ সভানেত্ৰী নীলিমা দেৱীৰ দায়িত্বভাৰ সমাপ্তিৰ পথত। সেয়ে ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত মহিলা মৰ্চাৰ সভানেত্ৰী পদকলৈ যথেষ্ট চৰ্চা অব্যাহত আছে। মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰৱী ৰয় অত্যন্ত দাবীদাৰ যদিওঁ তেওঁ নিগম নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষত নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰৱল। তেনে ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ উপ-সভানেত্ৰী ৰত্না সিং, ড০ জুৰি শৰ্মা বৰদলৈৰ দৰে মহিলা নেত্ৰীৰ নাম চৰ্চাত আছে যদিওঁ তেওঁলোক ইতিমধ্যে এনে পদবীৰ বিপৰীতে নিৰ্বাচনকেন্দ্ৰিক পদবীৰ প্ৰতিহে আগ্ৰহী বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ এই তালিকাত চৰ্চাত আহিছে অলকা পাটোৱাৰীৰ নাম। উচ্চ শিক্ষিত আৰু দলীয় সাংগঠনিক ক্ষেত্ৰত দক্ষতা থকা পাটোৱাৰীয়ে ইতিমধ্যে সমুখ সমৰত থাকি লোকসভা, পঞ্চায়ত, বিধানসভাৰ নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ মুখ্য দায়িত্ব বলিষ্ঠভাৱে পালন কৰি দলৰ শীৰ্ষ নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি বিগত দহটাকৈ বছৰ দক্ষতা বিকাশ কোষৰ সহ আহবায়িকা হিচাপেও তেখেতে দায়িত্ব পালন কৰিছিল। সূত্ৰ অনুসৰি ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দৰে সম্ভান্ত পদবীত উচ্চ শিক্ষিতা আৰু সমাজিকভাৱে আগৰণুৱা তথা সাংগঠনিক দক্ষতা থকা অলকা পাটোৱাৰীক দায়িত্ব দিবলৈ দলৰ ভিতৰ চৰাত ইতিমধ্যে নাম চৰ্চাত আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *