নৱবাৰ্তা গুৱাহাটী:: বিশ্বৰ অন্যতম আগশাৰীৰ এয়াৰ কণ্ডিচনিং নিৰ্মাতা প্ৰতিষ্ঠান মিটচুবিচি ইলেক্ট্ৰিকে অসমৰ গুৱাহাটীত ইয়াৰ এক্সক্লুছিভ শ্ব’ৰুম, কুলিং প্লেনেট মুকলি কৰাৰ সৈতে উত্তৰ-পূব ভাৰতত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰি তুলিছে। এই নতুন শ্ব’ৰুমটো সাউকুচিৰ লখৰা ৰোডত অৱস্থিত নন্দেশ্বৰ শৰ্মা কমপ্লেক্সৰ প্ৰথম মহলাৰ গ্ল’বেল ক্লাইমেট টেকন’ল’জীজত মুকলি কৰা হৈছে।
এই এক্সক্লুছিভ শ্ব’ৰুমটো 1,400 বৰ্গ ফুট জুৰি বিস্তৃত হৈ আছে আৰু ইয়াত আৱাসিক, বাণিজ্যিক তথা বৃহৎ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ স্প্লিট এয়াৰ কণ্ডিচনাৰ, ডাক্টেব’ল এয়াৰ কণ্ডিচনাৰ, চিটী মাল্টি VRF (ভেৰিয়েবল ৰেফ্ৰিজাৰেণ্ট ফ্ল’) ছিষ্টেম আৰু কেছেট এয়াৰ কণ্ডিচনাৰসহ মিটচুবিচি ইলেক্ট্ৰিকৰ উন্নত এয়াৰ কণ্ডিচনিং সমাধানৰ সম্পূৰ্ণ পৰিসৰ প্ৰদৰ্শন কৰা হৈছে।
এই শ্ব’ৰুমটো মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াৰ এয়াৰ কণ্ডিচনিং ডিভিজনৰ ভাইচ প্ৰেছিডেণ্ট তথা হেড- বিজনেছ অপাৰেচনছ নীৰজ গুপ্তা, নেচনেল ছেলছ হেড অনুপ গৌতম, ৰিজনেল ছেলছ হেড- ইষ্ট কৌস্তভ দে আৰু টীম লীডাৰ- ৱেষ্ট বেংগল এণ্ড নৰ্থইষ্ট বিকাশ কুমাৰৰ লগতে কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ গ্ল’বেল ক্লাইমেট টেকন’ল’জীজৰ পৰিচালন সঞ্চালক বিবেকানন্দ ৰয়ৰ উপস্থিতিত উদ্বোধন কৰা হয়।এই উপলক্ষ্যে মন্তব্য কৰি মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াৰ এয়াৰ কণ্ডিচনিং ডিভিজনৰ ভাইচ প্ৰেছিডেণ্ট তথা হেড – বিজনেছ অপাৰেচনছ নীৰজ গুপ্তাই কয়, “মিটচুবিচি ইলেক্ট্ৰিক ইয়াৰ উৎকৃষ্ট মানদণ্ড আৰু উন্নত প্ৰযুক্তিৰ বাবে বিশ্বজুৰি স্বীকৃত। গুৱাহাটীত আমাৰ এক্সক্লুছিভ কুলিং প্লেনেট শ্ব’ৰুম মুকলিয়ে উত্তৰ-পূৰ্বাঞ্চলত আমাৰ উপস্থিতি অধিক শক্তিশালী কৰা আৰু গ্ৰাহকসকলক এক আকৰ্ষণীয় ব্ৰেণ্ড অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক সূচাইছে।”
এই সন্দৰ্ভত যোগ দি মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াৰ নেচনেল ছেলছ হেড অনুপ গৌতমে কয়,
“উত্তৰ-পূৰ্বাঞ্চলে আমাৰ বাবে এক শক্তিশালী বিকাশৰ সম্ভাৱনাপূৰ্ণ অঞ্চল। এই শ্ব’ৰুমটোৰ জৰিয়তে গ্ৰাহকসকলে বিশেষজ্ঞৰ সামগ্ৰী সম্পৰ্কীয় পৰামৰ্শৰ সহযোগত আমাৰ এনাৰ্জী এফিচিয়েণ্ট আৰু বিশ্বাসযোগ্য এয়াৰ কণ্ডিচনিং সমাধানৰ সম্পূৰ্ণ পৰ্টফ’লিঅ’ পৰীক্ষা কৰি চাব পাৰিব।”
এই অংশীদাৰিত্ব সন্দৰ্ভত মন্তব্য কৰি কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ গ্ল’বেল ক্লাইমেট টেকন’ল’জীজৰ পৰিচালন সঞ্চালক বিবেকানন্দ ৰয়ে কয়, “গুৱাহাটীত কুলিং প্লেনেট শ্ব’ৰুমটো মুকলি কৰিবলৈ মিটচুবিচি ইলেক্ট্ৰিকৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই এক্সক্লুছিভ স্থানখনে গ্ৰাহকসকলক একেখন চালিৰ তলতে প্ৰিমিয়াম এয়াৰ কণ্ডিচনিং সামগ্ৰীসমূহৰ অভিজ্ঞতা লাভ কৰা আৰু তথ্যসহকাৰে ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাত সহায় কৰিব।”গুৱাহাটীত কুলিং প্লেনেট শ্ব’ৰুম মুকলি কৰাৰ সৈতে মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াই নিজৰ ৰিটেইল পৰিসৰ সম্প্ৰসাৰণ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, যিয়ে ভাৰতৰ প্ৰধান আঞ্চলিক বজাৰসমূহত বিশ্বমানৰ, এনাৰ্জী এফিচিয়েণ্ট এয়াৰ কণ্ডিচনিং সমাধান প্ৰদান কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ সুদৃঢ় কৰিছে।
মিটচুবিচি ইলেক্ট্ৰিক ইণ্ডিয়াই গুৱাহাটীত মুকলি কৰিলে এক্সক্লুছিভ ‘কুলিং প্লেনেট’ শ্ব’ৰুম
