• Fri. Jun 5th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক তথা সাৰ মন্ত্ৰী জে পি নাড্ডা ইউদ্বোধন কৰিলে আৰ্হি হাস্পতাল

ByNaba Barta

Jun 4, 2026
Spread the love

‘নৱবাৰ্তা গুৱাহাটী: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক তথা সাৰ মন্ত্ৰী জে পি নাড্ডা ই বৃহস্পতিবাৰে
উদ্বোধন কৰিলে গুৱাহাটীৰ
যোৰাবাটস্থিত উন্নত মানৰ উচ্চ প্ৰযুক্তিৰ ১২০ খন বিচনা যুক্ত
আৰ্হি হাস্পতালখন।
উদ্ধোধনী অনুষ্ঠানত
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ৱাইলাডমিকি শ্বাইল্লা, মেঘালয় চৰকাৰৰ চি এণ্ড আৰ ডি , জি এ ডি আৰু এছ এ ডি মন্ত্ৰী সষ্টেনেছ ছ’হতুন, অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, আৰ্হি হাস্পতালৰ মুখ্য অধ্যক্ষ তথা মেঘালয়ৰ বিধায়ক এ এল হেক, আৰ্হি হাস্পতালৰৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ মহামায়া প্ৰসাদ সিংহ লগতে অনুষ্ঠানত বিশিষ্ট অতিথি, স্বাস্থ্য বিশেষজ্ঞ, সমাজনেতা আৰু বহু সংখ্যক সাধাৰণ নাগৰিক উপস্থিত থাকে।
উল্লেখ‍্য, আৰ্হি হাস্পতালৰ মূল লক্ষ্য হৈছে সুলভ মূল্যত উচ্চ মানৰ স্বাস্থ্যসেৱা আগবঢ়োৱা। উন্নত ডায়াগনষ্টিক সুবিধা, আধুনিক অপাৰেচন থিয়েটাৰ, ক্ৰিটিকেল কেয়াৰ ইউনিট, জৰুৰীকালীন আৰু ট্ৰমা কেয়াৰ সেৱা, লগতে অভিজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে এই চিকিৎসালয় খনক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এক অন্যতম চিকিৎসা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
অনুষ্ঠানত চৰকাৰী বিষয়া, স্বাস্থ্য বিশেষজ্ঞ, উদ্যোগপতি, সমাজসেৱী সংগঠন আৰু অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *