• Wed. Apr 29th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

জুবিন গাৰ্গ আৰু আমাৰ ব’হাগ- এক অভিন্ন সৌৰভ অবিচ্ছেদ্য মূৰ্চ্ছনা অনুষ্ঠান

ByNaba Barta

Apr 27, 2026
Spread the love

নৱবার্তা গুৱাহাটী: অসমৰ সাংস্কৃতিক জগতৰ এক অন্যতম উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ- যি কেৱল এটি নাম নহয়; তেওঁ এটা অনুভৱ,এটা আন্দোলন,এটা জীৱন্ত কণ্ঠ। ব’হাগ আহে প্ৰতি বছৰে কিন্তু তেওঁৰ সুৰ অবিহনে ঢোলৰ শব্দটোত যেন এক শূন্যতা। শৰাইঘাট পীচ ফাউণ্ডেচনৰ সৌজন্যত জুবিন অনুৰাগীৰ প্ৰচেষ্টাত এই শূন্যতাক শক্তিলৈ ৰূপান্তৰ কৰাৰ এক প্ৰয়াস কৰা হৈছে এটি অনুষ্ঠানৰ জৰিয়তে “জুবিন গাৰ্গ আৰু আমাৰ ব’হাগ- এক অভিন্ন সৌৰভ অবিচ্ছেদ্য মূৰ্চ্ছনা।” ২৬এপ্ৰিলৰ আবেলি ৩বজাৰ পৰা গুৱাহাটী জু-ৰোড স্থিত শ্ৰদ্ধাঞ্জলি কাননত অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে- জুবিন গাৰ্গৰ সংগীতৰ ওপৰত সীমাৱদ্ধ নাথাকি তেওঁৰ যি প্ৰকৃতিপ্ৰেম, মানৱপ্ৰেম,জীৱ – জন্তুৰ প্ৰতি থকা মৰম ভালপোৱা, তেওঁৰৰ জীৱনৰ অনুলিখিত কাহিনী আৰু দৰ্শন; নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। শৰাইঘাট পীচ ফাউন্ডেচনৰ সভাপতি চুমী মেধিয়ে জানিবলৈ দিয়া মতে সেই উদেশ্যৰে বহু বিশিষ্ট সাহিত্যিক , লেখক, কবি, গীতিকাৰ, সুৰকাৰ, গায়ক-গায়িকা, অভিনেতা- অভিনেত্ৰী, চিন্তাবিদ, জুবিন অনুৰাগী এই অনুষ্ঠানটোত উপস্থিত থাকি অনুষ্ঠানটি গীত মাত কথাৰে শোভাবৰ্ধন কৰাৰ লগতে মহান শিল্পীগৰাকীৰ চিন্তাধাৰা আৰু মূল্যবোধৰ লগত নতুন প্ৰজন্মক পৰিচিত কৰা হয়।শৰাইঘাট পিচ ফাউণ্ডেশ্যনে এই অনুষ্ঠানটি এক স্মৰণীয়,অৰ্থপূৰ্ণ সফল অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ অসমবাসীক কৰযোৰে আমন্ত্ৰণ জনাইছে কাৰণ -“ই কেৱল এটা অনুষ্ঠান নহয় ; ই হৈছে জুবিন গাৰ্গৰ কণ্ঠ, আদৰ্শ, আৰু সপোন আগবঢ়োৱাৰ এক সামূহিক প্ৰয়াস।”

Leave a Reply

Your email address will not be published. Required fields are marked *