• Fri. May 1st, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত পি এন বিৰ মেগা এমএছএমই আউটৰিচ প্ৰগ্ৰেম

ByNaba Barta

Apr 28, 2026
Spread the love

নৱবাৰ্তা গুৱাহাটী: গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিত্ত নিগম লিমিটেড (নেডফি)ত সোমবাৰে
পঞ্জাৱ নেচনেল বেংক (পিএনবি), চাৰ্কল অফিচৰ উদ্যোগত মেগা এমএছএমই আউটৰিচ অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত বেংকিং সম্পৰ্ক অধিক গাঢ় কৰা আৰু উদ্যোগীকৰণক অধিক গুৰুত্ব দি কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ জে বি এক্কাই উপস্থিত থাকে। তেওঁ ভাষণত কয়-পি এন বিয়ে অসমত সঠিক সময়ত এই অনুষ্ঠানৰ আয়োজন কৰিছে। অসমত আন্ত:গাঁথনিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। এম এছ এম ই আমাৰ বাবে ৰাজহাড় স্বৰূপ। বুজন সংখ‍্যক লোক এই ক্ষেত্ৰখনত জড়িত। আমি তেওঁলোকক অধিক উন্নয়নৰ সুযোগ দিব লাগে লগতে থলুৱা উৎপাদনত গুৰুত্ব দিব লাগে। অসমত এতিয়া বিনিয়োগ হৈছে, নানা উদ্যোগ আহিছে তাৰ সমান্তৰালকৈএম এছ এম ই ও আগবাঢ়ি গৈছে। তেওঁ
পি এন বি য়ে লোৱা পদক্ষেপর শলাগ লয়, লগতে
আন আন বেংকো আগবাঢ়ি আহিবলৈ আহবান জনায়। যিয়ে নিয়োগৰ সুবিধা দিব।’
এই অনুষ্ঠান সন্মানীয় অতিথি গৌৰৱ যোশীয়ে কয় যে এম এছ এম ই য়ে বিচাৰে এক ব্যৱসায়িক মঞ্চ আৰু আন্তৰ্জাতিক সহযোগিতা। এম এছ এম ই য়ে ব্যৱস্যায় উন্নত কৰাত সহায় কৰিব।
শিলচৰটো এম এছ এম ই ৰ শীঘ্ৰে এটা টেকলজি চেন্টাৰ মুকলি কৰা হ’ব।’ অনুষ্ঠানত
পিএনবিৰ মুখ্য কাৰ্যালয়ৰ মুখ‍্য মহা প্ৰৱন্ধক সঞ্জীৱন নিখৰ, খণ্ড মুৰব্বী বিজেন্দৰ সিং আৰু চক্ৰ মুৰব্বী শিৱেশ শুক্লাকে ধৰি পিএনবিৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে। উল্লেখ‍্য, ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) খণ্ডৰ বিকশিত পৰিৱেশ আৰু আঞ্চলিক বৃদ্ধিৰ প্ৰতি পিএনবিৰ দায়বদ্ধতাৰ বিষয়ে বিষয়াসকলে প্ৰেৰণাদায়ক দৃষ্টিভংগী আগবঢ়ায়।কেইবাজনো উদ্যোগীক ঋণ অনুমোদন পত্ৰ প্ৰদান কৰি তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ৰ ব্যৱসায়িক সম্প্ৰসাৰণৰ আৰম্ভণি চিহ্নিত কৰে। এই অনুষ্ঠানত অধিবেশনৰ সময়ত গ্ৰাহকে তেওঁলোকৰ সফলতাৰ কাহিনী কয়। তেওঁলোকে তেওঁলোকক ঋণ অনুমোদন জনোৱাৰ ক্ষেত্ৰত পিএনবিয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। অনুষ্ঠানত শ্লাইড শ্ব’ ৰ প্ৰদৰ্শন কৰি
জি এছ টি এস্ক্ প্ৰেছ স্কিম ,
ষ্টাৰ্ট আপ ফাইন্সঞ্চ স্কীম,
সম্পত্তি স্কীম, ডি জি এম এছ এম ই প্ৰাইম লোন, পি এন বি জেম সহায় লোন,
পি এম মুদ্ৰা, পি এম স্ব-নিধি,
পি এম বিশ্বকৰ্মা আঁচনি, পি এন বি কাৰ লোণ , পি এন বি এডুকেশ্বন লোন আদিৰ বিষয়ে বহলাই ব্যাখ্যা কৰা হয়। শেষত গুৱাহাটীৰ
বিভাগীয় কাৰ্যালয়ৰ সহকাৰী মহাপ্ৰৱন্ধক,
মণ্ডক্ৰান্ত বিশ্বাসে সকলো গ্ৰাহক আৰু বিশিষ্ট ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *