নৱবাৰ্তা গুৱাহাটী::অসমৰ সংগীত জগতত নতুনকৈ সংযোজন হ’ল ‘ভালপোৱা কাহিনী’ শীৰ্ষক এটি নতুন গীত।অসমৰ সংগীত জগতলৈ নৱ প্ৰজন্মৰ কণ্ঠশিল্পী মৰমী শৰ্মাই নতুন উপহাৰ শ্ৰোতা-দৰ্শকক আগবঢ়ালে। গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় মৰমী শৰ্মাৰ নতুন আধুনিক গীত ‘ভালপোৱা কাহিনী’।
গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ সংগীত জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বিশিষ্ট শিল্পী মনীষা হাজৰিকা, ডাঃ অঞ্জন জ্যোতি চৌধুৰী আৰু বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী ৰাজা বৰুৱা, জ্যেষ্ঠ সাংবাদিক তথা দ্যা আছাম পোষ্ট কাকতৰ সম্পাদক ড০ সীমা বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে গীতটো উন্মোচন কৰে।
শ্ৰুতিমধুৰ এই গীতটো কেৱল অডিঅ’ ৰূপতে নহয়, দৃশ্য-শ্ৰাব্য মাধ্যমতো নিৰ্মাণ কৰা হৈছে। নতুন প্ৰজন্মৰ সংগীতপ্ৰেমীৰ মাজত গীতটোৱে বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে উন্মোচক সকলে। ‘ভালপোৱা কাহিনী’ গীতটোৰ সুৰ সংযোজন কৰিছে মৰমী শৰ্মা আৰু বুলদ্বীপ নাথে, আনহাতে গীতৰ কথা লিখিছে অলক নাথে।
আনহাতে, অনুষ্ঠানটোৰ উদ্দেশ্য আৰু আয়োজনৰ বিষয়ে ব্যাখ্যা কৰে জনসংযোগ বিভাগৰ চন্দন শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰাৰ লগতে প্রাণৰ শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধা জনোৱা হয়।
অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
গুৱাহাটী প্ৰেছ ক্লাবত‘ভালপোৱা কাহিনী’ শীৰ্ষক এটি নতুন গীত মুকলি
