*
নৱবার্তা গুৱাহাটী:: গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে বিশিষ্ট শিক্ষাবিদ তথা সংগীত শিল্পী ৰূপালী বৰাৰ সু-মধুৰ আধুনিক গীত “এজাৰ ৰঙী সপোন” মুকলি কৰা হয়। ৰূপালীম প্ৰডাকশ্যনৰ বেনাৰত নিৰ।নিৰ্মিত এই ভিডিঅ এলবামটিৰ উন্মোচনী অনুষ্ঠানত গীতটো মুকলি কৰি ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই কয়- ৰূপালী বৰাই শিক্ষা জগতত যিদৰে প্ৰতিষ্ঠিত ঠিক সেইদৰে সংগীতৰ ক্ষেত্ৰখনতো সাধনা অব্যাহত ৰাখিছে। তেওঁৰ কন্ঠত “এজাৰ ৰঙী সপোন”গীতটোৱে প্ৰাণ পাই উঠিছে। তেওঁৰ এই নৱতম সৃষ্টি সংগীতানুৰাগীয়ে আদৰি ল’ব বুলি আশা কৰিলোঁ। গৌতম শৰ্মাই লগতে এটা গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জীনা ৰাজকুমাৰীয়ে ৰূপালী বৰাৰ গীতটো সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে আৰু এটা গীত পৰিবেশন কৰে। মুকলি বিশিষ্ট সংগীত শিল্পী অনিৰ্বাণ দাসে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। বক্তব্য প্ৰসংগত অতিথিসকলে ৰূপালী বৰাৰ কণ্ঠৰ শলাগ লোৱাৰ লগতে তেঁওৰ এই প্ৰয়াসক ভুয়সী প্ৰশংসা কৰে আৰু আদৰণি জনায়। সাংবাদিক অনুপমা ডেকাই আঁতধৰা অনুষ্ঠানত শিক্ষাবিদ, কণ্ঠশিল্পী ৰূপালী বৰাই গীতটোৰ আঁৰৰ কথা কয়। উল্লেখ্য, গীতটোৰ
মিক্সিং আৰু মাষ্টাৰিং কৰিছে প্ৰণয় দত্তই,সংগীত ব্যৱস্থাপনা জিতুমনিৰ,
সুৰ সংযোজন কৰিছে মৃণাল ৰাভাই, ষ্টুডিঅ’ — ৰাজ মিউজিক আৰু
সম্পাদনা কৰিছে ৰিংকু পাঠক। গীতৰ কথা বিনয় ব্ৰত ৰাজখোৱাৰ। গীত মুকলি অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সাংস্কৃতিক কৰ্মী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত থাকে। গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শিল্পীগৰাকীয়ে তেওঁৰ এই নৱতম সৃষ্টিৰ বাবে সমূহ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছে।
