~ ‘ভাৰতৰ বাবে ইকুইটি’ লক্ষ্যৰ প্ৰথম পদক্ষেপ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক বাছনি কৰা হৈছে
নৱবাৰ্তা গুৱাহাটী: এনচিডিইএক্স লিমিটেডে সমগ্ৰ দেশজুৰি বিনিয়োগ বজাৰত অধিক সহজে প্ৰৱেশ আৰু অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে মঙলবাৰে ‘ ঘৰে ঘৰে বিনিয়োগকাৰী ’ অভিযানৰ শুভাৰম্ভ কৰে। প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰব্যাপী আৰম্ভ কৰা এই অভিযানৰ প্ৰথম গন্তব্যস্থান হিচাপে গুৱাহাটী মহানগৰীক বাছনি কৰি লয়। এই অভিযানৰ এটা স্পষ্ট আৰু পৰিমাপযোগ্য লক্ষ্য হল—ভাৰতৰ প্ৰতিটো পৰিয়ালত কমেও এজন বিনিয়োগকাৰী থাকিব লাগে। এই অভিযানে ‘ভাৰতৰ বাবে ইকুইটি’ দৃষ্টিভংগীক অধিক শক্তিশালীভাৱে প্ৰতিফলিত কৰে, যাৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰতিটো পৰিয়ালৰ বাবে বিনিয়োগৰ সুযোগসমূহ সহজলভ্য, স্বচ্ছ আৰু বুজিবলৈ সহজ কৰি তোলা। এনচিডিইএক্স-এ ক্ৰম বিকশিত চহৰসমূহ আৰু এতিয়াও পৰ্যাপ্ত সুবিধা নোপোৱা অঞ্চলসমূহৰ পৰা ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ বিনিয়োগকাৰীক আনুষ্ঠানিক আৰু নিয়ন্ত্ৰিত বিত্তীয় বজাৰৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক আৰু সাংস্কৃতিক প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীয়ে সমগ্ৰ অঞ্চলক এনেধৰণে প্ৰতিনিধিত্ব কৰে, যত নাগৰিক সকলৰ আৰ্থিক ভাবে বিকশিত হোৱাৰ এক স্বাভাৱিক আকাংক্ষা থাকে যদিও আনুষ্ঠানিক বিত্তীয় বজাৰৰ পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। বিত্তীয় সাক্ষৰতা বৃদ্ধি, ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ অধিক হোৱা আৰু আনুষ্ঠানিক বিনিয়োগৰ মাধ্যমেদি সম্পদ সৃষ্টিৰ প্ৰতি বাঢ়ি অহা প্ৰৱণতাই গুৱাহাটীক এনে এক দৃষ্টিভংগীৰ কৌশলগত আৰম্ভণি বিন্দু হিচাপে গঢ়ি তুলিছে, যাৰ পৰিসৰ ৰাষ্ট্ৰীয় হলেও ইয়াৰ প্ৰতিশ্ৰুতিবোৰ স্থানীয় পৰ্যায়ত নিবদ্ধ আৰু কাম কাজ বোৰো স্থানীয় পৰ্য্যায়ৰ পৰাই আৰম্ভ কৰা হৈছে।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি এনচিডিইএক্সৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ড°অৰুণ ৰাস্তেই কয়, “ভাৰতৰ সঞ্চয়ৰ কাহিনী বিশ্বৰ অন্যতম আকৰ্ষণীয় কাহিনী। কিন্তু বহুদিন ধৰি মূলতঃ সীমিত প্ৰৱেশাধিকাৰ আৰু পৰ্যাপ্ত সজাগতাৰ অভাৱৰ বাবে এই সঞ্চয়ৰ এক বৃহৎ অংশ আনুষ্ঠানিক ভাবে স্বীকৃত বিত্তীয় বজাৰ খনৰ বাহিৰত সিচৰিত হৈ আছে। এনচিডিইএক্সত আমি বিশ্বাস কৰোঁ যে ভাৰতৰ বিনিয়োগ বৃদ্ধিৰ পৰৱৰ্তী ঢৌ গাঁও, সৰু নগৰ চহৰ আৰু ক্ৰমবিকশিত নগৰসমূহৰ পৰা আহিব । অধিক বিস্তৃত, গভীৰ আৰু অধিক সজাগ বিত্তীয় বজাৰৰ ওপৰত ভিত্তি কৰিহে এক শক্তিশালী ‘ভাৰত’ গঢ়ি উঠে ।‘ ঘৰে ঘৰে বিনিয়োগকাৰী ’ অভিযানৰ জৰিয়তে আমি কেৱল নতুন বিনিয়োগকাৰী সৃষ্টি কৰিব বিচৰা নাই, বৰঞ্চ এনে এক বিত্তীয় সংস্কৃতি গঢ়ি তুলিব বিচাৰিছোঁ, যত প্ৰতিজন ভাৰতীয়ই দেশৰ বিকাশৰ যাত্ৰাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। ‘ ঘৰে ঘৰে বিনিয়োগকাৰী ’ অভিযানৰ জৰিয়তে আমি প্ৰতিটো পৰিয়ালক নিয়ন্ত্ৰিত বিত্তীয় বজাৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় জ্ঞান, আত্মবিশ্বাস আৰু সুযোগ-সুবিধাৰে সবল কৰি তুলিব বিচাৰিছো। আৰু গুৱাহাটী এনে এখন চহৰ, যত আধুনিক যুৱ ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই প্ৰজন্মৰ যুৱক সকলৰ উচ্চাকাংক্ষা, উদ্যম আৰু অপাৰ সম্ভাৱনা নিহিত হৈ আছে আৰু সেইবাবে এই যাত্ৰা আৰম্ভণি কৰাৰ বাবে গুৱাহাটী মহানগৰীক সৰ্বোত্তম স্থান হিচাপে বাছনি কৰিছো।”
ছেবি (SEBI) ৰ পৰা ইকুইটি আৰু ইকুইটি সম্বন্ধীয় সামগ্ৰীৰ বিত্তীয় সেৱা আৰু সুবিধা আৰম্ভ কৰাৰ বাবে নীতিগত অনুমোদন লাভ কৰাৰ লগতে ৭৭০ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰাৰ ফলত এনচিডিইএক্স এতিয়া নগদ খণ্ডত প্ৰথম বাৰৰ বাবে মিউচুৱেল ফাণ্ড প্লেটফৰ্ম আৰম্ভ কৰাৰ বাবে সুসজ্জিত আৰু সক্ষম হৈছে। উদ্ভাৱনৰ ক্ষেত্ৰত, এনচিডিইএক্স-এ শেহতীয়াকৈ ৰেইন মুম্বাই (RAIN MUMBAI) নামৰ বিশ্বৰ প্ৰথম বৃষ্টিপাত ফিউচাৰ্ছ (Rainfall Futures) সামগ্ৰী উন্মোচন কৰি এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰিছে। এই সামগ্ৰীটো ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু আই আই টি, মুম্বাইৰ সহযোগত বিকশিত কৰা হৈছে। ই বৰষুণৰ অভাৱ বা অতিমাত্ৰাৰ বৰষুণৰ ফলত প্ৰভাৱিত বিভিন্ন খণ্ড আৰু ক্ষেত্ৰসমূহৰ বাবে এক যুগান্তকাৰী বিপদ-ব্যৱস্থাপনা সঁজুলি হিচাপে ব্যাপক স্বীকৃতি লাভ কৰিছে।
২০০৩ চনত স্থাপিত, এনচিডিইএক্স হৈছে ছেবি নিয়ন্ত্রিত এখন ষ্টক এক্সচেঞ্জ, যি ভাৰতৰ আগশাৰীৰ কমোডিটি এক্সচেঞ্জ হিচাপে স্বীকৃত। ই মুখ্য কৃষিজাত কমোডিটিসমূহত স্বচ্ছ মূল্য-মানদণ্ড সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইকুইটি আৰু ইকুইটি সম্বন্ধীয় সামগ্ৰীৰ বিত্তীয় সেৱা আৰু সুবিধা ক্ষেত্ৰত প্ৰৱেশৰ এনচিডিইএক্স এতিয়া একাধিক খণ্ডত কাৰ্যকৰী এখন মাল্টি-চেগমেন্ট এক্সচেঞ্জ হিচাপে পৰিগণিত হব, যাৰ স্পষ্ট দৃষ্টিভংগী হৈছে—“ ঘৰে ঘৰে বিনিয়োগকাৰী ”। ভাৰতৰ চহৰ অঞ্চলৰ পৰা নতুন বিনিয়োগকাৰী আকৰ্ষণ কৰাৰ লগতে, উদ্ভাৱনীমূলক সামগ্ৰী আৰু সেৱাৰ জৰিয়তে এনচিডিইএক্স-এ ইয়াৰ শক্তিশালী গ্ৰামীণ সংযোগ আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতৰ গ্ৰাম্যাঞ্চলৰ পৰিয়ালসমূহৰ সঞ্চয় নিয়ন্ত্রিত বিত্তীয় বজাৰলৈ প্ৰবাহিত কৰাৰ লক্ষ্য লৈছে। এনচিডিইএক্স গ্ৰুপৰ অন্তৰ্গত কেইবাটাও সহযোগী সংস্থা আছে। ইয়াৰ ভিতৰত নেচনেল কমডিটি ক্লিয়াৰিং লিমিটেড (NCCL) , যি স্বতন্ত্ৰ ক্লিয়াৰিং আৰু ছেটলমেন্ট সেৱা প্ৰদান কৰে; নেচনেল ই-ৰিপজিটৰী লিমিটেড (NERL) , যি ৰিপজিটৰী সেৱা আগবঢ়ায়; এনচিডিএক্স ই-মাৰ্কেটছ লিমিটেড (NeML), যি স্পট ট্ৰেডিং আৰু ই-অকচনৰ সুবিধা প্ৰদান কৰে; আৰু এনচিডিইএক্স ইনষ্টিটিউট অৱ কমডিটি মাৰ্কেটছ এণ্ড ৰিচাৰ্চ (NICR), যি জ্ঞান বিকাশ আৰু সক্ষমতা নিৰ্মাণৰ সংস্থা হিচাপে কাম কৰে। এনচিডিইএক্স-এ বিত্তীয় সাক্ষৰতা, বিপদ ব্যৱস্থাপনা, আৰু অন্তৰ্ভুক্তিমূলক উন্নয়ন প্ৰচাৰৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু চৰকাৰৰ সৈতে সহযোগিতা কৰে।বিশ্বাসযোগ্য আৰু উদ্ভাৱনীমূলক মঞ্চৰ জৰিয়তে উৎপাদক, বিনিয়োগকাৰী আৰু উদ্যোগসমূহক সংযুক্ত কৰাৰ নিজৰ মিশ্যনৰ দ্বাৰা পৰিচালিত হৈ, এনচিডিইএক্স-এ স্বচ্ছ, দক্ষ আৰু ভৱিষ্যত-প্ৰস্তুত বজাৰ গঢ়ি তুলিবলৈ নিৰন্তৰভাৱে কাম কৰি আছে, যিয়ে ভাৰতৰ বিকাশ বা উন্নয়নৰ যাত্ৰাত অৱদান যোগায়।
