• Mon. May 25th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত মুকলি হ’ল অত্যাধুনিক যকৃত আৰু জিআই ছুপাৰ-স্পেচিয়েলিটি ক্লিনিক

ByNaba Barta

May 25, 2026
Spread the love

নৱবার্তা গুৱাহাটী:: অসম তথা উত্তৰ-পূব ভাৰতত জটিল যকৃত, অগ্ন্যাশয়, পিত্তনলী আৰু গেষ্ট্ৰ’ইণ্টেষ্টাইনেল ৰোগৰ বিশেষজ্ঞভিত্তিক পৰামৰ্শ তথা চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত মুকলি কৰা হৈছে এক অত্যাধুনিক যকৃত আৰু গেষ্ট্ৰ’ইণ্টেষ্টাইনেল (জিআই) ছুপাৰ-স্পেচিয়েলিটি ক্লিনিক।
এই ক্লিনিকখনত যকৃতৰ ৰোগ, যকৃতৰ কৰ্কট ৰোগ, পিত্তথলীৰ কৰ্কট ৰোগ, অগ্ন্যাশয়ৰ ৰোগ, পিত্তনলীৰ কৰ্কট ৰোগ, পাকস্থলী আৰু খাদ্যনলীৰ কৰ্কট ৰোগ, ক’ল’ৰেক্টেল কৰ্কট ৰোগসহ জটিল গেষ্ট্ৰ’ইণ্টেষ্টাইনেল আৰু হেপাট’-পেনক্ৰিয়াট’-বিলিয়াৰী (এইচপিবি) ৰোগৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ তথা চিকিৎসা সেৱা আগবঢ়োৱা হ’ব। ইয়াৰোপৰি, সূক্ষ্ম অস্ত্ৰোপচাৰসহ উন্নত জি আই আৰু এইচ পি বি অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা ৰোগীসকলকো এই ক্লিনিকত যাৱতীয় সহায় আগবঢ়োৱা হ’ব।
লক্ষ্যণীয় যে, এই নতুন ক্লিনিকখনৰ মূল্য উদ্দেশ্য হৈছে অঞ্চলটোৰ ৰোগীসকলক একেবাৰে ওচৰতে উন্নত পৰামৰ্শ, ৰোগ নিৰ্ণয় আৰু চিকিৎসা পৰিকল্পনাৰ সুফল প্ৰদান কৰা। ইয়াৰ ফলত উন্নত যকৃত আৰু জি আই চিকিৎসাৰ বাবে ৰোগীসকলে অসমৰ বাহিৰলৈ যাবলগীয়া হোৱাৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস পাব।
এই সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াৰ নেতৃত্ব দিব কলকাতাৰ পিয়াৰলেছ হাস্পতালৰ জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসক তথা হেপাট’-পেনক্ৰিয়াট’-বিলিয়াৰী আৰু যকৃত প্ৰতিস্থাপন বিশেষজ্ঞ ডাঃ সুদীপ বেনাৰ্জীয়ে। উন্নত এইচ পি বি অস্ত্ৰোপচাৰ, যকৃত প্ৰতিস্থাপন, সূক্ষ্ম অস্ত্ৰোপচাৰ আৰু ৰ’ব’টিক জি আই পদ্ধতিত তেওঁৰ সুদীৰ্ঘ অভিজ্ঞতা আছে।
উল্লেখ্য যে, ডাঃ সুদীপ বেনাৰ্জীয়ে বৰ্তমানলৈকে ৩ হাজাৰতকৈও অধিক জি আই অস্ত্ৰোপচাৰ আৰু ২ হাজাৰতকৈও অধিক এইচ পি বি তথা অগ্ন্যাশয় সম্পৰ্কীয় অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে। ইয়াৰ পূৰ্বে তেওঁ কলকাতাৰ টাটা কেন্সাৰ হাস্পতালৰ গেষ্ট্ৰ’ইণ্টেষ্টাইনেল আৰু এইচ পি বি অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছিল। লেপাৰ’স্ক’পিক আৰু ৰ’ব’টিক অস্ত্ৰোপচাৰ সেৱাৰো সফল নেতৃত্ব দিছিল তেওঁ।
২৫ মে’ত গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হাস্পতালখনৰ গ্ৰুপ চিকিৎসা সঞ্চালক ডাঃ ডি পি ছাম্মাদাৰ, গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাস আৰু গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ চিকিৎসা অধীক্ষক তথা জৰুৰীকালীন বিভাগৰ সঞ্চালক ডাঃ প্ৰণৱ বৰুৱা। এই বিশেষ অনুষ্ঠানত হাস্পতাল কৰ্তৃপক্ষই উন্নত যকৃত আৰু জি আই চিকিৎসা সেৱা অধিক সহজলভ্য কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
মন কৰিবলগীয়া যে, ডাঃ সুদীপ বেনাৰ্জী হৈছে ছিংগাপুৰৰ নেচনেল ইউনিভাৰ্চিটি হাস্পতালৰ এইচ পি বি আৰু যকৃত প্ৰতিস্থাপন বিভাগৰ এগৰাকী ক্লিনিকেল ফেল’। ইয়াৰোপৰি, দক্ষিণ কোৰিয়াৰ ছিউলস্থিত আছান মেডিকেল চেন্টাৰত তেওঁ ভিজিটিং ফেল’ হিচাপে যুক্ত হৈ থকাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াৰ থমাছ জেফাৰচন ইউনিভাৰ্চিটি হাস্পতালত অগ্ন্যাশয় আৰু সংশ্লিষ্ট কৰ্কট ৰোগৰ চিকিৎসা ক্ষেত্ৰতো ভিজিটিং ফেল’ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে এই পদক্ষেপ সন্দৰ্ভত কয়, “গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত ডাঃ সুদীপ বেনাৰ্জীৰ এই ক্লিনিক মুকলি হোৱাৰ ফলত আমি ৰোগীসকলক অধিক বিস্তৃত তথা সুলভ মূল্যত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হ’ম। উন্নত এইচ পি বি আৰু জি আই চিকিৎসাৰ বাবে ৰোগীসকলে এতিয়াৰে পৰা অসমৰ বাহিৰলৈ যাব নালাগে। ইয়াৰ ফলত ৰোগীসকলৰ চিকিৎসা সম্পৰ্কীয় অতিৰিক্ত ব্যয় বহু পৰিমাণে হ্ৰাস পাব আৰু নিজৰ ৰাজ্যতে উন্নত চিকিৎসাৰ সুবিধা লাভ কৰাটো সহজ হৈ পৰিব।”
গুৱাহাটীত ছুপাৰ-স্পেচিয়েলিটি সেৱা অধিক শক্তিশালী কৰা আৰু অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰোগীসকলৰ বাবে উন্নত চিকিৎসা সহজলভ্য কৰি তুলিবলৈ এই উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইয়াৰোপৰি, এই চিকিৎসা সেৱাত চৰকাৰী স্বাস্থ্য আঁচনিসমূহৰ সুবিধাও প্ৰযোজ্য হ’ব। নিৰ্ধাৰিত নিয়ম অনুসৰি যোগ্য আঁচনিৰ কাৰ্ডধাৰীসকলে এই চিকিৎসা সহায়ৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।
কলকাতাৰ পিয়াৰলেছ হাস্পতালৰ জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসক তথা হেপাট’-পেনক্ৰিয়াট’-বিলিয়াৰী (এইচপিবি), গেষ্ট্ৰ’ইণ্টেষ্টাইনেল চাৰ্জাৰী আৰু যকৃত প্ৰতিস্থাপন বিশেষজ্ঞ ডাঃ সুদীপ বেনাৰ্জীয়ে কয়, “যকৃত, অগ্ন্যাশয় আৰু গেষ্ট্ৰ’ইণ্টেষ্টাইনেল ৰোগৰ সফল চিকিৎসাৰ বাবে প্ৰাথমিক পৰ্যায়তে ৰোগ ধৰা পৰাটো অত্যন্ত জৰুৰী। এই ধৰণৰ বহু ৰোগ দীৰ্ঘদিন ধৰি শৰীৰত নীৰৱে বৃদ্ধি পাই থাকে। ফলত বহু ৰোগী চিকিৎসকমুখী হয় তেতিয়াহে, যেতিয়া ৰোগটো বহুখিনি জটিল বা অগ্ৰসৰ পৰ্যায়ত উপনীত হয়। সজাগতা বৃদ্ধি, সঠিক সময়ত ৰোগ নিৰ্ণয় আৰু উপযুক্ত ৰোগ ব্যৱস্থাপনাই চিকিৎসাৰ ফলাফল উল্লেখনীয়ভাৱে উন্নত কৰিব পাৰে। জটিল জি আই আৰু এইচ পি বি ৰোগৰ বহু ক্ষেত্ৰত অস্ত্ৰোপচাৰ হৈছে চিকিৎসাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ, বিশেষকৈ যেতিয়া ৰোগ এনে এক পৰ্যায়ত ধৰা পৰে য’ত নিৰাময়মূলক বা উন্নত অস্ত্ৰোপচাৰৰ সুযোগ থাকে। পিয়াৰলেছ হাস্পতালৰ জৰিয়তে আমি এতিয়া গুৱাহাটী তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰোগীসকলৰ বাবে এই বিশেষজ্ঞ দক্ষতা, উন্নত চিকিৎসা পৰামৰ্শ আৰু সমন্বিত সেৱা অতি সহজে আগবঢ়াব পৰা হৈছোঁ।”
হাস্পতাল কৰ্তৃপক্ষই এই সন্দৰ্ভত কয় যে অসম তথা উত্তৰ-পূব ভাৰতৰ ৰোগীসকলৰ ওচৰলৈ উন্নত ছুপাৰ-স্পেচিয়েলিটি চিকিৎসা সেৱা অধিক সহজলভ্য কৰি তোলাৰ এক বৃহৎ পৰিকল্পনাৰ অংশ হিচাপেহে এই নতুন ক্লিনিকখন মুকলি কৰা হৈছে।
কলকাতাৰ পিয়াৰলেছ হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ ডি পি ছাম্মাদাৰে কয়, “স্বাস্থ্য সেৱা সদায় সহজলভ্য, সময়োপযোগী আৰু বিশেষজ্ঞভিত্তিক হোৱা উচিত। এই নতুন উদ্যোগৰ জৰিয়তে আমি অসম তথা উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ তেনেই ওচৰলৈ উন্নত জি আই আৰু যকৃত চিকিৎসাৰ বিশেষজ্ঞ সেৱা লৈ আহিবলৈ সক্ষম হৈছোঁ। ইয়াৰ ফলত ৰোগীসকলে এতিয়াৰে পৰা নিজৰ অঞ্চলতে বিশ্বমানৰ চিকিৎসা পৰামৰ্শ আৰু উন্নত চিকিৎসা পদ্বতিৰ সুফল লাভ কৰিবলৈ সক্ষম হ’ব।”
পিয়াৰলেছ হাস্পতাল উন্নত চিকিৎসা সেৱাৰ সম্প্ৰসাৰণ আৰু বিশেষজ্ঞৰ নেতৃত্বত চলা স্বাস্থ্য সমাধানসমূহ সম্প্ৰদায়ৰ ওচৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *