• Sun. May 24th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত এথেনাৰ বৃহত্তম সংহত মানসিক স্বাস্থ্য হাস্পতালৰ উদ্বোধন; উত্তৰ-পূবৰ ব্যক্তিগত খণ্ডৰ চিকিৎসাত বৃহৎ পদক্ষেপ

ByNaba Barta

May 16, 2026
Spread the love

অসমত প্ৰতি ১২ জনৰ ভিতৰত প্ৰায় এজন ব্যক্তি ভুগিছে মানসিক স্বাস্থ্যৰ সমস্যাত; উত্তৰ-পূবত সুসংগঠিত মনোৰোগ চিকিৎসা তথা নিচামুক্তি সেৱা অধিক সুলভ কৰি তোলাৰ লক্ষ্যৰে এই সম্প্ৰসাৰণ এথেনাৰ

নৱবার্তা গুৱাহাটী : সমগ্ৰ দেশত মানসিক স্বাস্থ্য সজাগতা মাহ চলি থকাৰ সময়তে ভাৰতৰ বৃদ্ধি পোৱা মানসিক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাই নতুনকৈ চৰ্চা লাভ কৰিছে। এনে এক সময়তে এথেনা বিহেভিয়াৰেল হেলথে ঘোষণা কৰিছে গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ বৃহত্তম সমন্বিত ব্যক্তিগত মানসিক স্বাস্থ্য চিকিৎসালয় মুকলিৰ কথা। এই উদ্যোগৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠানটোৰ চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি পাই এতিয়া পাঁচখনত উপনীত হৈছে।

লক্ষ্যণীয় যে, উত্তৰ-পূৰ্বাঞ্চলত মানসিক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে মুকলি কৰা হৈছে এই হাস্পতালখন। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য জৰীপ (এনএমএইচএছ)-ৰ তথ্য অনুসৰি, অসমৰ প্ৰায় ৮ শতাংশ লোকে কোনো নহয় কোনো মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজ দিছে। আঞ্চলিক গৱেষণাসমূহতো হতাশা, উদ্বেগ, মাদকাসক্তি আৰু আত্মহত্যাৰ দৰে মানসিক সংকট বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ সমান্তৰালভাৱে, সমগ্ৰ উত্তৰ-পূবত সুসংগঠিত মনোৰোগ চিকিৎসা তথা নিচামুক্তি আন্তঃগাঁথনিৰ তীব্ৰ অভাৱৰ কথাটোও স্পষ্ট হৈ পৰিছে।

প্ৰণিধানযোগ্য যে, ২০২১ চনত গুৰগাঁৱত মাত্ৰ এখন হাস্পতালৰ জৰিয়তে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল এথেনা বিহেভিয়াৰেল হেলথে। পৰৱৰ্তী সময়ত অতি কম সময়ৰ ভিতৰতে বিভিন্ন চহৰলৈ সেৱা সম্প্ৰসাৰিত কৰি প্ৰতিষ্ঠানটোৱে মানসিক স্বাস্থ্য তথা আসক্তি চিকিৎসাৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হয়। খণ্ডিত আৰু অসংগঠিত সেৱাৰ বাবে পৰিচিত এই খণ্ডটোত এথেনাই নিজকে প্ৰমাণ-ভিত্তিক তথা চিকিৎসা-নিয়ন্ত্ৰিত এক নিৰ্ভৰযোগ্য বিকল্প হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশে অগ্ৰসৰ হৈছে।

এথেনা বিহেভিয়াৰেল হেলথৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ডাঃ শ্ৰদ্ধা মালিকে কয়, “গুৱাহাটীত এথেনাৰ এই সম্প্ৰসাৰণে দেশৰ উচ্চমানৰ মানসিক স্বাস্থ্য সেৱাক বিকেন্দ্ৰীকৰণ কৰাৰ আমাৰ বৃহৎ পৰিকল্পনাৰ সৈতে সামঞ্জস্য ৰাখিছে। ২০২১ চনত গুৰগাঁৱত যাত্ৰা আৰম্ভ কৰাৰ পৰা আজি পাঁচটা কেন্দ্ৰৰ এক নেটৱৰ্ক গঢ়ি তোলা পৰ্যন্ত আমাৰ মূল লক্ষ্য সদায় আছিল সুসংগঠিত, নীতিনিষ্ঠ আৰু ফলাফলমুখী চিকিৎসা সেৱা আগবঢ়োৱা। গুৱাহাটীৰ এই কেন্দ্ৰটোৱে কম-সুবিধাপ্ৰাপ্ত তথা বঞ্চিত অঞ্চলসমূহলৈ সেৱা সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।”

গুৱাহাটীৰ এই হাস্পতালখনত একেখন চালিৰ তলতে মনোৰোগ আৰু মাদকাসক্তিজনিত সমস্যাৰ সমন্বিত চিকিৎসা সেৱা আগবঢ়াব কৰ্তৃপক্ষই। মনোৰোগ চিকিৎসা, চাইকোথেৰাপী আৰু ডিটক্সিফিকেচন সহায়ৰ লগতে পুনৰ্সংস্থাপন তথা দীৰ্ঘম্যাদী সুস্থতাৰ পৰিকল্পনা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

সুসংগঠিত চিকিৎসা নীতি আৰু ২৪ ঘণ্টীয়া বিশেষজ্ঞৰ তদাৰকীৰ জৰিয়তে এই কেন্দ্ৰটোত সুৰাসক্তি, মাদকাসক্তি, হতাশা আৰু উদ্বেগৰ দৰে জটিল সমস্যাৰ চিকিৎসা কৰিব অভিজ্ঞ চিকিৎসকৰ দলে। বহু-বিভাগীয় চিকিৎসা ব্যৱস্থাৰ জৰিয়তে মানসিক আঘাত আৰু একেলগে দেখা দিয়া একাধিক মানসিক ৰোগৰ ক্ষেত্ৰতো ইয়াত বিশেষ গুৰুত্ব প্ৰদান কৰিছে এথেনাই।

মন কৰিবলগীয়া যে, গুৱাহাটীত কেৱল মহিলাসকলৰ বাবেও এক বিশেষ মানসিক স্বাস্থ্য সেৱাৰ আৰ্হি মুকলি কৰিছে এথেনাই। ভাৰতৰ মানসিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এইধৰণৰ ব্যৱস্থা এতিয়াও এক বিশেষায়িত তথা তুলনামূলকভাৱে অনুন্নত পৰ্যায়তে থকা এক খণ্ড হিচাপে পৰিগণিত হৈ আহিছে। মহিলাসকলৰ স্বতন্ত্ৰ মানসিক স্বাস্থ্যজনিত সমস্যা, চিকিৎসাৰ প্ৰয়োজনীয়তা আৰু নিৰাপত্তাজনিত চাহিদাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি প্ৰস্তুত কৰা হৈছে এই সেৱা।

এথেনা বিহেভিয়াৰেল হেলথৰ ক্লিনিকেল গৱৰ্ণেন্স বিভাগৰ সঞ্চালক তথা ‘ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্স’ (আইএইচবিএএছ)-ৰ প্ৰাক্তন সঞ্চালক ডাঃ নিমেশ জি দেশাইয়ে কয় যে এই সম্প্ৰসাৰণ কেৱল মানসিক স্বাস্থ্যৰ সজাগতা বৃদ্ধিৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ সহজলভ্য চিকিৎসা সেৱাৰ যি জৰুৰী প্ৰয়োজনীয়তা আছে, সেই বিষয়টোকহে ই সজোৰে দাঙি ধৰিছে।

ডাঃ নিমেশ জি দেশাইয়ে কয়, “মানসিক স্বাস্থ্য সেৱা কেৱল সচেতনতা প্ৰচাৰৰ মাজতে আৱদ্ধ থাকিব নোৱাৰে। ভাৰতক বৰ্তমান এনে সুলভ, নীতিনিষ্ঠ আৰু সমন্বিত চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজন, য’ত উন্নত ক্লিনিকেল সেৱাৰ লগতে মানৱীয়তা আৰু ধাৰাবাহিক যত্নও নিশ্চিত কৰা হ’ব। চিকিৎসাৰ পৰা বঞ্চিত অঞ্চলসমূহলৈ সুসংগঠিত মানসিক স্বাস্থ্য সেৱা সম্প্ৰসাৰিত কৰাৰ দিশত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।”

প্ৰণিধানযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পোৱা নিচাসক্তিৰ সমস্যা সন্দৰ্ভত দীৰ্ঘসময়ৰ পৰাই উদ্বেগ প্ৰকাশ কৰি আহিছে মানসিক স্বাস্থ্য বিশেষজ্ঞসকলে। বিশেষকৈ সুৰাসক্তি এই অঞ্চলৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ অন্যতম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈ আহিছে। ইয়াৰ লগতে স্বীকৃত নিচামুক্তি কেন্দ্ৰ, প্ৰশিক্ষিত নিচাসক্তি বিশেষজ্ঞ আৰু দীৰ্ঘম্যাদী পুনৰ্সংস্থাপন ব্যৱস্থাৰ অভাৱে চিকিৎসা সেৱাৰ নাটনি অধিক বৃদ্ধি কৰিছে।

এনে পৰিপ্ৰেক্ষিততে উত্তৰ-পূৰ্বাঞ্চলত মানসিক স্বাস্থ্যৰ সমস্যা আৰু নিচাসক্তিৰ চিকিৎসা একেলগে কৰিব পৰাকৈ বিশেষভাৱে গঢ়ি তোলা হৈছে এথেনাৰ গুৱাহাটীৰ এই কেন্দ্ৰটো। সমন্বিত চিকিৎসা ব্যৱস্থা, সুসংগঠিত থেৰাপী, পৰিয়ালৰ সক্ৰিয় অংশগ্ৰহণ আৰু প্ৰমাণভিত্তিক আৰোগ্য আৰ্হিৰ জৰিয়তে এই কেন্দ্ৰত উন্নত চিকিৎসা সেৱা আগবঢ়াব বিশেষজ্ঞ চিকিৎসকে।

একে সময়তে অঞ্চলটোত মানসিক স্বাস্থ্যক লৈ থকা সামাজিক সংকোচ দূৰ কৰাৰ লগতে দ্ৰুত চিকিৎসাৰ বাবে ৰাইজক উৎসাহিত কৰিবলৈ বিভিন্ন সজাগতামূলক তথা জনসংযোগমূলক কাৰ্যসূচী হাতত লৈছে প্ৰতিষ্ঠানটোৱে। গুৱাহাটীৰ গড়চুকৰ গাৰো-ঘূলি (পিন-৭৮১০৪০)-ৰ কাজিৰঙা ইংলিছ একাডেমীৰ সমীপত অৱস্থিত এথেনাৰ গুৱাহাটী কেন্দ্ৰটো সপ্তাহৰ সাতোদিনৰ ২৪ ঘণ্টাই ৰোগী ভৰ্তি আৰু ক্লিনিকেল সেৱা আগবঢ়াবলৈ সাজু হৈ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *