• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

৭ বছৰত ৭ লাখ নেক্সন এছ ইউ ভি বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছৰ

ByNaba Barta

Jun 19, 2024
Spread the love

;

গ্ৰাহকৰ বাবে বশিষ্ঠস্হিত বিমল‌ কাৰ্ছত ১ লাখ ৪০ হাজাৰ টকা পৰ্যন্ত সুবিধা প্ৰদান

নৱবাৰ্তা গুৱাহাটী:২০১৭ চনত মুকলি কৰা নেক্সনে ২০২১ চনৰ পৰা ২০২৩ চনলৈ একেৰাহে তিনি বছৰ ধৰি ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা এছ ইউ ভি হিচাপে নিজৰ স্থান নিশ্চিত কৰিছে বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে।

ভাৰতৰ বিশিষ্ট অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছে সাত বছৰত নিজৰ আগশাৰীৰ এছ ইউ ভি নেক্সনৰ ৭ লাখ ইউনিট বিক্ৰী কৰাৰ উল্লেখযোগ্য কৃতিত্ব উদযাপন কৰিছে। ২০১৭ চনত মুকলি কৰা নেক্সনে ২০২১ চনৰ পৰা ২০২৩ চনলৈকে একেৰাহে তিনি বছৰ ধৰি ভাৰতৰ শীৰ্ষ বিক্ৰী হোৱা এছ ইউ ভি হিচাপে নিজৰ স্থান নিশ্চিত কৰিছে।

৭ বছৰত ৭ লাখ বিক্ৰীৰ এই যুগান্তকাৰী সাফল্য উদযাপন কৰিবলৈ আৰু বৰ্ধিত নেক্সন পৰিয়ালৰ প্ৰতি আমাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বৰ্তমান আৰু নতুন গ্ৰাহক উভয়ৰে বাবে ৰোমাঞ্চকৰ মূল্যৰ সুবিধা আগবঢ়াইছে।”

ইয়াক উদযাপন কৰিবলৈ টাটা মটৰ্ছে দেশৰ সকলো যাত্ৰীবাহী বাহন ডিলাৰশ্বিপ আৰু শ্ব’ৰুমত বিশেষ অনুষ্ঠান আৰু গ্ৰাহক সভাৰ আয়োজন কৰিছে। ইতিমধ্যে বুকিং কৰা আৰু নিজৰ নেক্সনৰ ডেলিভাৰীৰ বাবে অপেক্ষা কৰি থকা গ্ৰাহকৰ লগতে নতুন ক্ৰেতা বা নতুন মডেললৈ উন্নীত কৰিব বিচৰা গ্ৰাহকে মডেল আৰু ভেৰিয়েণ্টৰ ওপৰত নিৰ্ভৰ কৰি ১ লাখ টকা পৰ্যন্ত সুবিধা লাভ কৰিব পাৰিব।

উল্লেখ্য যে আজি বশিষ্ঠস্হিত বিমল‌ কাৰ্ছত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত উপস্থিত থাকে আৰিহন্ত চাৰাৱগী, এম ডি বিমল চাৰাৱগী আৰু জিএম দীপাংকৰ দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *