• Fri. Jul 11th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা)ৰজাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথম আলোচনা চক্ৰ

ByNaba Barta

Jun 22, 2025
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ পল্টনবজাৰস্হিত আই এন টি ইউ চিৰ সভাকক্ষত দেওবাৰে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা)ৰ উদ্যোগত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথমখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনাচক্ৰখন
সদৌ অসম চাওৰা সমাজৰ কেন্দ্ৰীয় সভাপতি মাগাং চাওৰাৰ সভাপতিত্বত ১২ জন বিষয় ববীয়াৰ উপস্থিতিত বিভিন্ন আদিৱাসী জাতি জনগোষ্ঠীয় সংগঠনৰ জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথম আলোচনা চক্ৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰে ৩০ এপ্ৰিলত কেবিনেট বৈঠকত জাতিগত লোকপিয়ল কৰাৰ সিদ্ধান্ত সন্দৰ্ভত অসমত বসবাস কৰা আদিৱাসী জনগোষ্ঠীয় লোক পৰ্জা, ভূমিজ, খাড়িয়া, কুডুখ ( ওৰাও), মুণ্ডা, পানিকা, চাওৰা আদি জাতি সমুহক জাতিগত প্ৰমান পত্ৰ প্ৰদান কৰি (আদিৱাসী হিচাপে গণ্য নকৰি ) জাতিগত হিচাপে প্ৰমান পত্ৰ স্বীকৃতি প্ৰদান কৰি আদিৱাসী সমুহৰ ভাষা, ধৰ্ম্ম, জাতি, সংস্কৃতি আদি পৰম্পৰা সমুহ অক্ষুন্ন ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। জাতিগত লোকপিয়ল সন্দৰ্ভত আদিৱাসী ছাত্ৰ সন্থাটোৱে অসমত বসবাস কৰা আদিৱাসী এলেকা সমুহত সজাগতা মুলক সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে। এই আলোচনা সভাই কেন্দ্ৰীয় চৰকাৰে ঘোষনা কৰা জাতিগত লোকপিয়লক আদৰনি জনায় লগতে প্ৰকৃত পৰিচয় আৰু ভাষা লোকপিয়লত লিপিবদ্ধ কৰিবলৈ আহ্বান জনায়।আমাৰ আদিবাসী সকলৰ বিভিন্ন জাতি-জনগোষ্ঠী আছে। আগন্তুক জাতিগত লোক পিয়লত আছে আমাৰ জাতি, জনগোষ্ঠীৰ নাম,ভাষা, ধৰ্ম, জাতি যাতে শুদ্ধ ৰূপত আহে তথা
সঠিকৰূপত উপস্থাপন কৰিব পৰা যায়
সেই বিষয়ে আলোচনাকৰাৰ বাবে এই আলোচনলনাচক্ৰৰ আয়োজন কৰা হয়। আগন্তুক সময়ত সন্থাই জিলাই জিলাই সজাগতা সভাৰ আয়োজন কৰিব।এই সম্পৰ্কে সদৌ অসম চাওৰা সমাজৰ কেন্দ্ৰীয় সভাপতি মাগাং চাওৰাই কয়-আমাৰ নাম, উপাধি আদিৰ তথ্য ভুলকৈ অহাৰ বাবে আমাৰ ভোটাৰ কার্ড, আধাৰ কাৰ্ড, পান কাৰ্ড বনোৱাৰ সময়ত আমি যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।আগন্তুক সময়ত লোকপিয়ত যাতে আমাৰ নাম সমূহ শুদ্ধৰূপে আহে তাৰ বাবে চৰকাৰক দাবী জনালোঁ। আমাৰ নামবোৰ আৰু সকলো তথ্য মতে শুদ্ধ ৰূপত আহিব পাৰে তাৰবাবে আমাৰ যুৱক যুৱতীক এই কামৰ দায়িত্ব দিব লাগে।আমাৰ জাতীয় পৰিচয় উপস্থাপন কৰিব লাগে। চাহ জনগোষ্ঠী হিচাপে আমাক একাকাৰ কৰিলে নহ’ব।আলোচনাচক্ৰত তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰা হয়। তেওঁলোকক চাহ জনগোষ্ঠীৰ সৈতে একাকাৰ নকৰিবলৈ চৰকাৰক দাবী জনোৱা হয়। এই আলোচনা সভাত সন্থাৰ সভাপতি গদউইন হেমৰন, সাধাৰণ সম্পাদক অমৰজোতি চুৰিন, যুটীয়া সম্পাদক নাৰায়ন নাগ। পৰ্জা জাতীয় গৱেষণা কেন্দ্ৰৰ সঞ্চালক তথা সাংবাদিক মিন্টু মিনজুৰে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *