নৱবাৰ্তা,গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপত সত্যনাথ বৰা হলত
১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব
প্ৰাক দুৰ্গা পূজা মেলা। এই মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন সাংসদ কুইন ওজা। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া মেলাখন পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ মুকলি থাকিব। এই মেলাখন ১৩ ছেপ্টেম্বৰৰ পুৱা ১১ বজাত অনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। তাৰপাছত এখন সংবাদ মেল অনুষ্ঠিত হ’ব।
আন্তঃৰাষ্ট্ৰীয় মেগা নেটৱৰ্কছ আয়োজন কৰা এই প্ৰদৰ্শনী আৰু বিক্ৰীমেলাত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।
সত্যনাথ বৰা হলতপ্ৰাক দুৰ্গা পূজা মেলা
