• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেছন গ্ৰুপৰ পুনৰবাৰৰ বাবেচমকপ্ৰদ ফলাফল –

ByNaba Barta

Apr 25, 2024
Spread the love

নৱবার্তা গুৱাহাটী: জে ই ই মেইনছ ২০২৪-ত সুন্দৰ ফলাফলৰ সৈতে উত্তৰ-পূব ভাৰতত পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেছনে পুনৰ বাৰ ইয়াৰ আধিপত্য দাঙি ধৰিবলৈ সক্ষম হৈছে । এই উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীৰ পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেছনেৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেছনৰ পৰিচালন সঞ্চালক বিকাশ ছি’চ ডিয়াই। তেওঁ কয়-আমাৰ শিক্ষাৰ্থী মহম্মদ মুনিছ লস্কৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ৯৯.৯৬ শতাংশৰ সৈতে দ্বিতীয় স্থান দখল কৰি ৩০০ নম্বৰৰ ভিতৰত ২৮০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, লগতে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত এশ শতাংশ টাইল নিখুঁত নম্বৰ প্ৰাপ্ত কৰিছে। লগতে
৬জন ছাত্ৰই ৯৯ শতাংশ টাইলৰ ওপৰত নম্বৰ লাভ কৰিছে। মুনিছ লস্কৰ, শিৱাংশু শৰ্মা, প্ৰান্তিক দাস, ৰক্ততপল বৰা, নীৰজ দেৱ চৌধুৰী, আৰু সৌবিক দেৱ; ১৩ জন ছাত্ৰই ৯৮ শতাংশ টাইল ৰ ওপৰত নম্বৰ লাভ কৰে, আৰু ৬০ জন ছাত্ৰই ৯৫ শতাংশ টাইল অতিক্ৰম কৰে। উল্লেখযোগ্য যে ১২৫ জন ছাত্ৰ-ছাত্ৰীয়ে ৯০ শতাংশ টাইলতকৈ অধিক লাভ কৰিছে। মেডিকেলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন বিশেষভাৱে ব্যতিক্ৰমী আছিল, সৌবিক দেৱে ৯৯ শতাংশ টাইলৰ ওপৰত আৰু আন দুজনে পদাৰ্থ বিজ্ঞানত সম্পূৰ্ণ নম্বৰ (১০০/১০০) লাভ কৰি ৫ মে’ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এন ই ই টি পৰীক্ষাৰ বাবে শক্তিশালী সম্ভাৱনাৰ সংকেত দিছে।’ সংবাদ মেলত পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেছন গ্ৰুপৰ একাডেমীক সঞ্চালক ড০ গান্ধী নায়ক আৰু মাৰ্কেটিঙ বিভাগৰ মূৰব্বী হিৰকজ্যোতি ডেকা উপস্থিত থাকে।বিগত ১৫ বছৰত ৮ বাৰৰ বাবে উত্তৰ-পূব ভাৰতত জে ই ই মেইনছ টপাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে কাম কৰি আহিছে। তদুপৰি প্ৰতিষ্ঠানটোৰ ছাত্ৰ ছাকিল হুছেইনে নিট ,২০২৩ ত সমগ্ৰ উত্তৰ-পূব ভাৰতত শীৰ্ষ স্থান দখল কৰি ভৱিষ্যতৰ ফলাফলৰ বাবে বহু আশা প্ৰকাশ কৰে। শেষত প্ৰতিষ্ঠানটোৱে জনায় যে এই ফলাফল বহুত সাধনাৰ ফলত আৰু এই ফলাফলে তেওঁলোক তথা ছাত্ৰ-ছাত্ৰীক দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়। জে ই ই মেইন-২০২৪ ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনায় আৰু আগন্তুক দিনত এনে ধৰণৰ ফলাফল আনি উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত কাম কৰি কাম কৰি যোৱাৰ কথা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *