• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

নিখিল অসম স্বৰ্ণশিল্পী সমিতি কামৰূপ জিলাৰ ৬২ সংখ্যক সংহতি দিৱস পালন

ByNaba Barta

Aug 9, 2024
Spread the love

নৱবার্তা গুৱাহাটী: নিখিল অসম স্বৰ্ণশিল্পী সমিতি কামৰূপ জিলাৰ ৬২ সংহতি দিৱস শুকুৰবাৰে গুৱাহাটীৰ হৰি সভা প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে
বিশেষ আলোচনা আৰু প্রতিবাদী সভা অনুষ্ঠিত হয়।
সভাত স্বৰ্ণ ব্যৱসায়ীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। লগতে শিল্পীসকলক সংগবদ্ধ হ’বলৈ আহ্বান জনোৱা হয়। সভাত বক্তা সকলে ‘ৱান ষ্টেট ৱান ৰেট’ কৰাৰ পোষকতা কৰে। যাৰ জৰিয়তে সকলো স্বৰ্ণশিল্পী উপকৃত হ’ব পাৰিব।স্বর্ণশিল্পীৰ আত্মবলিদানে স্বাধীনভাবে দোকান-প্রতিষ্ঠানবোৰ চলাই থকাৰ সময়ত বাণিজ্যিক প্রতিষ্ঠানবিলাকৰ আচৰণ তীব্ৰ বিৰোধিতা কৰাৰ লগতে স্থানীয় পুৰণি স্বৰ্ণ ব্যৱসায়ৰ লগত সৰু আৰু মধ্যম জুৱেলাৰী বিলাক ভৱিষ্যতে কিদৰে উন্নতি কৰি প্রতিষ্ঠানবিলাক চলাই নিব পাৰে ইয়াৰ বিষয়েও দিহা-পৰামৰ্শ সভাত আগবঢ়োৱা হয়।তদুপৰি সমিতিযে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান বিচাৰি এখন স্মাৰক পত্ৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক দিয়াৰ পোষকতা কৰে।সভাত নিখিল অসম স্বর্ণশিল্পী সমিতিৰ মুখ্য উপদেষ্টা ৰবীন্দ্ৰ নাথ ৰয়,
ৰাজ্যিক সভাপতি পৰিমল সৰকাৰ, ৰাজ্যিক
সহকাৰী সম্পাদক প্রশান্ত কুমাৰ ৰায়, ৰাজ্যিক আয়োজক সম্পাদক
আশীষ মজুমদাৰ,সমিতিৰ কামৰূপ জিলাৰ
সভাপতি অৰুণ কুমাৰ সান্যাল, কামৰূপ জিলাৰ
সহকাৰী সম্পাদক নয়ন ধৰ, কামৰূপ জিলাৰ
কোষাধ্যক্ষ কৌশিক কৰ্মকাৰৰ লগতে উপদেষ্টা সাজিদ চৌধুৰী, প্ৰচাৰ সচিব
নৰেশ প্ৰসাদৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *