• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

ByNaba Barta

Aug 11, 2024
Spread the love

নৱবাৰ্তা গুৱাহাটী,’: স্বাস্থই পৰম ধন। এই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টি ৰাজধানী মণ্ডল যুৱ মৰ্চা আৰু আৰ্হি হাস্পাতালৰ সহযোগত লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজধানী মণ্ডল যুৱ মৰ্চাৰ সভাপতি অনুপ জ্যোতি মহন্তৰ নেতৃত্বত দেওবাৰে দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনৰ কমিউনিটি হলত,কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত এটি বিনামূলীয়া ছুপাৰ স্পেচিয়ালিতী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। প্ৰায় ১২০ গৰাকী ৰোগীক ডাঃ ৰনীন কুমাৰ নাথ, ডাঃ চিমৰণজীত সিং, ডাঃ যদু নাথ বুঢ়াগোহাঁই, ডাঃ গগন প্ৰীত কৌৰ, ডাঃ নাৱাজ শ্বৰীফ লস্কৰ, ডাঃ ভাৰ্জিনিয়া, ডাঃ নয়ন মনি ৰাভাই স্বাস্থ্য পৰীক্ষা কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজধানী মণ্ডল যুৱ মৰ্চাই ৰাইজৰ হৈ ইতিমধ্যে বহু কেইটা বিনামূলীয়া শিবিৰ অনুষ্ঠিত কৰিছে।
এই শিবিৰটো উপস্থিত থাকে ৰাজধানী মণ্ডল সভাপতি ভাস্কৰ ডেকা, ৰাজ্যিক যুৱ মৰ্চাৰ সহ:কোষাধক্ষ্য নিতুল ঠাকুৰীয়া, ৰাজধানী মণ্ডল যুৱ মৰ্চাৰ বিষয়ববীয়া সকল, দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বেশ্বৰ মজুমদাৰ আৰু ৰাইজ। অনাগত দিনত ভাৰতীয় জনতা পাৰ্টি ৰাজধানী মণ্ডল যুৱ মৰ্চা লগতে আৰ্হি হাস্পতালে ৰাইজৰ হৈ কাম কৰি যাব বুলি দৃহপ্ৰতিজ্ঞ।

Leave a Reply

Your email address will not be published. Required fields are marked *