:
যশস্বী অভিনেতা জৰ্জ বেকাৰক ২০২৪ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা প্ৰদান
নৱবার্তা গুৱাহাটী: বেলতলা ব’হাগী উৎসব সমিতিয়ে বিগত বছৰ সমূহৰ দৰে এইবাৰো ১৯, ২০ আৰু ২১ এপ্রিলত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত ৪৫ সংখ্যক ব’হাগী উৎসৱৰ বিশাল আয়োজন কৰে। বিহু উদযাপনৰ লগতে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে অসমীয়া জাতিৰ হিয়াৰ আমঠু, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত ২০১২ চনৰ পৰা সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলক বঁটা প্ৰদান কৰি আহিছে। বেলতলা ব’হাগী উৎসৱ সমিতিয়ে এইবাৰ ভাৰতৰ বোলছবি জগতৰ যশস্বী অভিনেতা তথা অসমীয়া ছবি জগতৰ চিনাকী নাম জৰ্জ বেকাৰক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাই।
বিশিষ্ট অভিনেতা জৰ্জ বেকাৰক ব’হাগী উৎসৱৰ থলীত অন্তিম দিনা অর্থাৎ ২১ এপ্রিলত নিশা ৯ বজাত বঁটা প্ৰদান কৰা হয় ।এই বঁটাত আছে নগদ ২,০০,০০০ টকা, মানপত্র, স্মাৰক এখন পাতৰ গামোচা, এখন চেলেং চাদৰ, এটা প্ৰতীকি গড়, এটা ফুলাম জাপি, ডক্তৰ ভূপেন হাজৰিকাৰ এটা আৱক্ষ মূৰ্তি আদি দিয়া হয়। বঁটা গ্ৰহণ কৰি বিশিষ্ট অভিনেতা জৰ্জ বেকাৰ কয় – কমিটিৰ ওচৰত মই কৃতজ্ঞ। এনেকুৱা মঞ্চ আৰু দৰ্শক থকা দৰকাৰ। আপোক লোক নাথাকিলে আমি নাথাকিম। মই নিৰোধ চৌধুৰী, আব্দুল মজিদ, ভূপেন হাজৰিকাৰ মই চিৰ কৃতজ্ঞ। ভুপেন হাজৰিকাই নিজৰ অনুষ্ঠান বন্ধ কৰি এবাৰ মঞ্চ ত মোক মাতিছিল। তেওঁৰ
লৰা বুলি মোক পৰিচয় কৰাই দিছিল। পুনৰবাৰ সমিতিক ধন্যবাদ জনালোঁ।’
এই অনুষ্ঠানতে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ২০২১ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা লাভ কৰা বিশিষ্ট সমাজসেৱক তথা সু-চিকিৎসক ডাঃ সুশীল কুমাৰ জৈনক বঁটা প্ৰদান কৰা হয়। দিল্লীৰ এপল’ হাস্পতালৰ মানৱদৰদী চিকিৎসক ডাঃ জৈনক ২০২১ বর্ষতে বঁটা ঘোষণা কৰা হৈছিল যদিও অতিমাৰি পৰিৱশৰ বাবে ব’হাগী বিহু উদ্ যাপন কৰিব পৰা নহ’ল।’ তেওঁ বটা গ্ৰহণ কৰি সমিতিক ধন্যবাদ জনোৱাৰ লগতে অনাগত সময়তো সমাজ সেৱা কৰি যাম।’
বটা প্ৰদান অনু্ঠানত বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি মুখ্য পৃ্ঠপোষক ৰাতুল বৰুৱা,
নাৰায়ণ ডেকা, সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী, সমিতিৰ সাংস্কৃতিক সম্পাদক জয়ন্ত গগৈ, কোষাধ্যক্ষ প্ৰদীপ দাসৰ লগতে সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য,
বেলতলা ব’হাগী উৎসৱৰ কাৰ্য্যসূচী অনুসৰি ১৯ এপ্রিলত পুৱা ৯ বজাত বেলতলা ব’হাগী উৎসব সমিতিৰ সভাপতি নাৰায়ণ ডেকাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়।ব’হাগী উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে বন্তি প্রজ্বলন কৰাৰ লগতে শ্বহীদ তর্পণ কৰিব সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়োয়ে। একেদৰে দিনৰ ভাগত অনুষ্ঠিত হ’বলগীয়া সৰু ল’ৰা-ছোৱালীৰ খেল-ধেমালি প্রতিযোগিতা উদ্বোধন কৰে উপ-সভাপতি বিচিত্র বড়োয়ে। সন্ধিয়া ৬ বজাৰ পৰা পাটমাদৈ আৰু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতা উদ্বোধন কৰে ব’হাগী উৎসৱৰ মুখ্য পৃষ্ঠপোষক ৰাতুল বৰুৱাই।অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বিহুৱতী, বিহুসম্রাজ্ঞীৰ খিতাপ অৰ্জন
কৰা নাচনী সকলেহে পাটমাদৈ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।
পাটমাদৈ ২০২৪ ৰ খিতাপ অৰ্জন কৰে নগাঁৱৰ নিৰ্জুমা কাকতিয়ে।
তেওঁ বঁটাৰ লগতে নগদ ধন ২,০০,০০০ টকা আৰু মানপত্ৰ আৰু স্মাৰক লাভ কৰে। সেইদৰে শ্ৰেষ্ঠ বিহু হুঁচৰি দলৰ খিতাপ লাভ কৰে ৰংমন এনাজৰী বিহু হুঁচৰি দলে, তেওঁলোকে
বঁটা আৰু নগদ ১,০০০০১ টকা, দ্বিতীয় বিহু হুঁচৰি দল ৰংঘৰ বিহু হুঁচৰি দলে
লাভ কৰে বঁটা আৰু নগদ৫১,০০১ টকা। আনহাতে শ্রেষ্ঠ ঢুলীয়াৰ খিতাপ ৰংমন এনাজৰী। বিহু হুঁচৰি দলৰ অবিনাশ দিহিঙিয়াই আৰু শ্ৰেষ্ট পেপুৱৈৰ খিতাপ লাভ কৰে চেৰেকা বিহু হুঁচৰি দলৰ ভাস্কৰ ববৰুৱাই ক্ৰমে ২৫,০০১ টকাকৈ লাভ কৰে। ১৯ এপ্ৰিলৰ নিশা ৬.৩০ বজাত মন্মথ বৈশ্য সোঁৱৰণী বঁটা প্ৰদান কৰা হয় কণ্ঠশিল্পী ৰূপম ভূঞাক। নিশা ৯ বজাত কণ্ঠশিল্পী ময়ুৰী দত্ত আৰু নিশা ১১ বজাত আচুৰ্য বৰপাত্ৰৰ আধুনিক গীতৰ শৰাই আগবঢ়ায়। ২০ এপ্রিলত
সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী, লেখক, গবেষক লোকনাথ
গোস্বামীয়ে। নিশা ৭.৪৫ বজাত স্মৃতিগ্রন্থ উন্মোচন কৰে বিশিষ্ট লেখক,
গবেষক ড° প্রদীপজ্যোতি মহন্তই। একেদিনাই নিশা ৯ বজাত বিশিষ্ট শিল্পী ৰঞ্জিত
গগৈৰ দলে পৰিবেশন কৰে বাৰেৰহণীয়া নৃত্যানুষ্ঠান। নিশা ১০ বজাৰ পৰা জনপ্রিয় কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই গীতৰ শৰাই আগবঢ়ায়। ব’হাগী উৎসৱৰ অন্তিম দিনা ২১ এপ্রিলত সন্ধিয়া ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। নিশা জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান পৰিবেশন কৰে ।