• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী জুবেলাৰ্চ এছোচিয়েচনৰ ৭৬ তম্ শ্রীশ্রী শ্যামা পূজা পালন

ByNaba Barta

Oct 31, 2024
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ লাখটকীয়া কর্ণেল জে. আলী ৰোডস্থিত
জুৱেলাৰ্চ এছ’ছিচনে ১৯৪৫ চনৰ পৰাই কালী পূজাৰ আয়োজন কৰি আহিছে। এইবাৰ
৭৬ তম্ শ্রীশ্রী শ্যামা পূজা বৃহস্পতিবাৰে পালন কৰা হয়।, বৃহস্পতিবাৰ পুৱা ১১.০০ দেবীৰ আহ্বান, সন্ধিয়া ৮.৪৫ বজাত দেবীৰ বোধন ৰাতি ৯.০০ বজাত শ্রীশ্রী শ্যামা পূজা কৰা হয়। নিশা ৩.০০ বজাৰ পৰা নিশা ৩.৩০ মিঃ লৈ অঞ্জলি প্রদান কৰাৰ পাছত পুৱা ১০.০০ বজাৰ পৰা প্ৰসাদ বিতৰণ কৰা হ’ব। আনহাতে শনিবাৰে আবেলি ৪.০০ বজাত শোভাযাত্রা সহ দেবীৰ বিসর্জন দিয়া হ’ব। এই পূজা বিশ্ব শান্তিৰ বাবে কৰা হৈছে বুলি উপ- সভাপতি নয়ন ধৰে জানিবলৈ দিয়ে। এই পূজাত প্ৰচাৰ সম্পাদক ৰাজেন্দ্ৰ প্ৰসাদৰ লগতে সভাপতি অৰুণ কুমাৰ সান্যাল,সমাদক দীপক সাহাই ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *