• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ‘ভোগালী মেলা’

ByNaba Barta

Jan 10, 2025
Spread the love

নৱবার্তা গুৱাহাটী ঃ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুলৈ মাজত মাথো কেইটামানদিন৷ ভোগৰ বিহুটিক উপভোগ কৰিবলৈ ৰাজ্যৰ চৌপাশে ইয়াৰ প্ৰস্তুতি পূৰ্ণদ্যমে চলিছে৷ অসমৰ অন্যতম সামাজিক সাংস্কৃতিক সংস্থা বৰ অসমেও ভোগালী বিহুটিক উদ্‌যাপন কৰিবলৈ এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ বৰ অসমে গুৱাহাটীৰ সিদ্ধিনাথ শৰ্মা ভৱনত আয়োজন কৰিছে ‘বৰ অসম ভোগালী মেলা’ৰ৷ বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ মাননীয় ‘মেয়ৰ’ মৃগেন শৰণীয়াই এই মেলা মুকলি কৰি মেলাখনৰ সফলতা কামনা কৰে ।
এই মেলাত অসমৰ বিভিন্ন জিলাৰ ভিন ভিন জনগোষ্ঠীয় আত্মসহায়ক গোটে অংশ গ্ৰহণ কৰিছে। সামাজিক সাংস্কৃতিক সংস্থা বৰ অসৰ সভানেত্ৰী বিনীতা দত্ত চৌধুৰীয়ে এই মেলাত অসমীয়া থলুৱা বিভিন্ন লাড়ু, পিঠাপনাকে ধৰি নানা গুড়, সান্দহগুড়ি, চুঙাপিঠা আদি উপলব্ধ হোৱাৰ লগতে গ্ৰাহকে নিজৰ ইচ্চা অনুসৰি চাউলৰ গুড়ি খুন্দিও নিব পাৰিব বুলি কয়। ইফালে বিগত ১৬টা বছৰৰ দৰে এইবছৰো গুৱাহাটী মহানগৰীৰ অগ্রণী মহিলা সংগঠন চিৰ সেউজ কলা-কৃষ্টি কেন্দ্রই আগন্তুক ভোগালী বিহুৰ লগত সংগতি ৰাখি ১৭তম ভোগালী আয়োজন নামেৰে এখনি প্ৰদৰ্শনীৰ আয়োজন কৰিছে। গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ৯ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগীয়া এই প্রদর্শনীত এটা গাঁৱৰ পৰিবেশ সৃষ্টি কৰা হৈছে। যত ঢেকীৰ গোম-গোমনীত ওখল মাখল পৰিবেশৰ মাজত তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, টেকেলী পিঠাকে আদি কৰি সকলো উপলদ্ধ হৈছে। অসমৰ বিভিন্ন ঠাইৰ যেনে শিৱসাগৰ, তিতাবৰ, যোৰহাট, নগাওঁ, তেজপুৰ, নলবাৰী দৰং, হাজো, ৰামদিয়া, বৰপেটা, সৰভোগৰ দৈ, জলপান, মালভোগ ধানৰ চিৰা, হুৰম, সান্দহ সকলো উপলদ্ধ হৈছে।
এই অনুষ্ঠানটি উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক চৈয়দ জাকিৰ হুচেইন আৰু সমাজকর্মী
লক্ষেশ্বৰ বৰুৱাই। এই মেলাত সকলোৰে উপস্থিতি কামনা কৰিছে চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ সভাপতি লীনা ৰাজকুমাৰী বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *