• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ক্র’নিক চাবডিউৰেল হেমাট’ মা আৰু নিউৰ’ ইণ্টাৰভেনশ্বন বিষয়ত জিএন আৰ চি হাস্পতালত আন্তঃৰাষ্ট্ৰীয় কর্মশালা আৰু আলোচনাচক্র

ByNaba Barta

Apr 26, 2025
Spread the love

নৱবাৰ্তা গুৱাহাটী: উত্তৰ- পূর্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান আৰু ব্যয় সাধ্য উচ্চ মানসম্পন্ন স্বাস্থ্য সেৱাৰ বাটকটীয়া জিএন আৰচি হাস্পতালন দিছপুৰ চৌহদত শুকুৰবাৰে ক্রনিক চাগডিউৰেল হেমাট’মা (SDH) আৰু নিউৰ’ ইন্টাৰভেনশ্বন বিষয়ত দিনজোৰা কার্যসূচীৰে এখন আন্তঃৰাষ্ট্রীয় কর্মশালা আৰু আলোচনাচক্ৰৰ আয়োজন কৰা হয়। বণ্ট গ্রুপৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত অনুষ্ঠিত নিউৰ”ভাছকুলাৰ কেথলেবত কর্মশালাখন অনুষ্ঠিত হয়।বৰ্তমান সময়ত ক্রনিক চাবডিউৰেল হেমাট’মা (cSDH) ব চিকিৎসাবৰ ক্ষেত্রত মিডিল মেনিনজিয়েল আর্টেৰী (MMA) ৰ এম্ব’ লাইজেশ্বন সমন্বিতে অন্যান্য অত্যাধুনিক কৌশলসমূহৰ বিষয়েও ইয়াত আলোচনা কৰা হয়। আনহাতে, সন্ধিয়া অনুষ্ঠিত হোৱা কর্মশালাখনত অসমৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসক সমন্বিতে উত্তৰ-পূর্বাঞ্চলৰ শতাধিক চিকিৎসকে অংশগ্রহণ কৰে।
স্পেইনৰ মাদ্রিদৰ ক্লিনিক’ চান কাৰ্লোছৰ সহযোগী অধ্যাপক ডাঃ মেনুৱেল মৰিইউ গামাজ’ এই অনুষ্ঠানত মুখ্য সমল ব্যক্তিরূপে উপস্থিত থাকে। জিএনআৰচি হাস্পতালৰ ইন্টাৰভেনশ্বনেল বেডিঅ’লজী বিভাগৰ মুখ্য পৰামর্শদাতা ডাঃ ফিৰদৌছ আহমেদ, স্নায়ুশল্য বিভাগৰ জ্যেষ্ঠ পৰামর্শদাতা ডাঃ নৱজ্যোতি বৰা আৰু নিউৰ’ এনাস্থেছিয়া বিভাগৰ ডাঃ আৰু শ্বাহিদ ৰিয়াজে আলোচনাচক্ৰখনত ক্র’নিক চাবডিউবেল হেমাট’মা (cSDH) ৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে।
উল্লেখযোগ্য যে ২০১১ চনত জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত ইন্টাৰভেনশ্বনেল ৰেডিঅ’লজী বিভাগ ৰাইজৰ বাবে মুকলি কৰা হয়। সমগ্র উত্তৰ -পূর্বাঞ্চলত ইন্টাৰভেনশ্বনেল বেডিঅ’লজী চিকিৎসাৰ ক্ষেত্রত জিএনআৰচি হাস্পতাল বাটকটীয়া আৰু পথ প্রদর্শক। যোবা ১৪ বছৰে ১৯ শতাংশ সফলতাৰে এই বিভাগত বিভিন্ন এণ্ড ‘ভাছকুলাৰ চিকিৎসা প্রক্রিয়া সম্পন্ন কৰা হৈছে। ডাঃ ফিৰদৌছ আহমেদৰ তত্ত্বাবধানত বিশেষজ্ঞ আৰু দক্ষ এক চিকিৎসক আব্দ সহযোগীৰ সহায়ত প্রতিবছৰে ১০০০তকৈ অধিক ৰোগীক বহিঃবিভাগত আৰু প্রায় ৭০০ ৰোগীক কেথলেবত চিকিৎসা সেরা আগবঢ়োৱা হয়।
দিনৰ ভাগত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত উপস্থিত সংবাদ মাধ্যমৰ প্রতিনিধিবৃন্দক সম্বোধি ডাঃ ফিৰদৌছ আহমেদে কয়- “উন্নত চিকিৎসা সেৱাৰ বিকাশৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠানৰ যথেষ্ট গুরুত্ব আছে। শেহতীয়া চিকিৎসা বিধি, কাৰিকৰী কৌশল আৰু প্রযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে ৰোগীক উন্নত চিকিৎসা প্রদানৰ উদ্দেশ্যে তথা চিকিৎসকসকলৰ মাজত জ্ঞানৰ বিনিময়ৰ হেতু অনাগত ভৱিষ্যতে আৰু অধিক এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই কার্যসূচীসমূহে চিকিৎসকসকলক অত্যাধুনিক প্রযুক্তিৰ বিষয়ে অৱগত হৈ থকাত সহায় কৰাই নহয়, জিএনআৰচি চিকিৎসালয়সমূহত তেওঁলোকৰ পেছাদাৰী সহকর্মীসকলৰ পৰাও শিকাৰ সুযোগ দিয়ে।”এই কর্মশালা আৰু আলোচনাচক্ৰখনৰ জৰিয়তে উন্নতমানৰ চিকিৎসা সেৱাৰ লগতে চিকিৎসা সেৱাৰ শৈক্ষিক ক্ষেত্ৰতো নিজৰ অবিৰত অৰিহণা জিএনআৰচি হাস্পতালে পুনৰবাৰ প্রতিপন্ন কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *