• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

‘এটি নোশোৱা জোন’ মুকলি

ByNaba Barta

Dec 5, 2023
Spread the love

নৱবার্তা গুৱাহাটী : বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ, জনতাৰ মাজত কাম কৰি থকা ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদক দীৰ্ঘদিন ধৰি সংগীত সাধনাতো ব্ৰতী হৈ আহিছে ৷ তেওঁৰ কণ্ঠ আৰোপিত এটি গান দৃশ্যশ্ৰাব্য মাধ্যমত মঙলবাৰে শুভমুক্তি দিয়া হয় ৷ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে ৰচনা কৰা “এটি নোশোৱা জোন” শীৰ্ষক এই গীতটি ডাঃ মোদকৰ কণ্ঠত মঙলবাৰে একে সময়তে গুৱাহাটী প্ৰেছ ক্লাৱ, ঐতিহাসিক নলবাৰী ৰাস মহোৎসৱ, মৰাণ গ্ৰন্থমেলা,ধুবুৰী আৰু বঙাইগাাঁৱত শুভমুক্তি দিয়া হয় । গীতটোৰ ভিডিঅ পৰিচালক তাপসী বৰ্মন, মিক্সিং আৰু মাষ্টাৰিঙ ভূপেশ শইকীয়াৰ ৷ গীতটো এনেদৰে মুক্তি দিবলৈ পাই আনন্দ প্ৰকাশ কৰি ডাঃ মোদকে কয়—“ সৰুৰে পৰা সংগীতৰ প্ৰতি অনুৰাগ আছিল ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তো সংগীতৰ ৰেৱাজ অব্যাহত আছিল ৷ এতিয়াও চিকিৎসা বৃত্তিৰ তুমুল ব্যস্ততাৰ মাজতো অলপ আজৰি পালেই গীতাৰখন হাতত তুলি লওঁ ৷ গীত গুনগুনাওঁ ৷ ইয়াৰে ফলশ্ৰুতি আজিৰ এই গানটো ৷ বিপুল জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে ৰচনা কৰিছে এই গানটো ৷ সেইবাবে প্ৰণৱ কুমাৰ বৰ্মনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷আশা কৰিছোঁ শ্ৰোতাই গানটি আদৰি ল’ব ৷” তেওঁ লগতে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ জৰিয়তে গানৰ মাধ্যমেৰে সাধাৰণ মানুহৰ মাজত স্বাস্থ্য সজাগতা গঢ়ি তোলাৰ পৰিকল্পনা কৰা বুলিও সদৰী কৰে ৷ তেওঁ এইক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগিতাও কামনা কৰে ৷ ইউ টিউব চেনেল ‘ দা হাৰ্টত’ শীঘ্ৰেই
উপলব্ধ হ’ব ডাঃ মোদকে গেষ্ট্ৰ’, হৃদ্ ৰোগ,এলজাইমাৰ আদি ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কেইবাটাও সজাগতামুলক গীত।বিশিষ্ট সংগীত শিল্পী জে পি দাস আৰু দ্বীপেন বৰুৱা,দীপক শৰ্মাই এই গীতটো মুকলি কৰে।ভাষণত বিশিষ্ট সংগীত শিল্পী জে পি দাসে কয়-ভিডিঅ’টো সুন্দৰ হৈছে। গীতাৰ, হুছেইনিঙৰ সুন্দৰ সংযোগন হৈছে। সুৰ সুন্দৰ হৈছে। নোদোবা বেলি, নোশোৱা জোন’ নামটো বৰ সুন্দৰ হৈছে। যেনেকৈ জোনে কেতিয়াও নোশোৱে তেনেকৈ এই গীতটো কেতিয়াও শেষ নহয়। ভাষণত বিশিষ্ট সংগীত শিল্পী দ্বীপেন বৰুৱাই কয়- , গীতটো সুন্দৰ হৈছে। গীতটোৰ সুৰ সুন্দৰ হৈছে। ৰাইজে গীত টো আদৰি ল’ব। গীতটো শুনি আগলৈ ঘূৰি যোৱা যেন লাগিছে।’ভাষণত বিশিষ্ট সংগীত শিল্পী দীপক শৰ্মাই কয়- অসমীয়া ৰাইজ, অসম চৰকাৰ, ডাঃ চন্দন মোদক সহায়ৰ বাবে
নতুন জীৱন এটা পালোঁ। অনাগত দিনত অগতানুগতিক কাম কৰি যাম বুলি আশা কৰিছোঁ। এটা পথ দিব এই গীতটোৱে।’ অনুষ্ঠানত ডাঃ এছ এন গোস্বামীয়ে কয়-সংগীত প্ৰভাৱ সকলোতে থাকে। এই সৃষ্টিৰ বাবে ডাঃ চন্দন মোদকক ধন্যবাদ জনালোঁ।’বিশিষ্ট সংগীত শিল্পী শান্তনু বৰুৱাই কয়-গীতটো মনত থাকি যায়। এইটো ব্যতিক্ৰম গীত। গীতটো ৰাইজে ভাল পাব। ডাঃ চন্দন মোদকে সুন্দৰকৈ গীতটো গাইছে ।’ অনুষ্ঠানত বিশিষ্ট কবি প্ৰণব কুমাৰ বৰ্মনে কয়- এইটো হঠাৎ লিখা গীত। গীতটোত দীপক শৰ্মাই ৰোগৰ পৰা সুস্থ হৈ আহি বাঁহী বজাইছে। গান ভালপোৱা মানুহে গীতটো আদৰি ল’ব বুলি আশা কৰিলোঁ।’পৰিচালনা তাপসী তালুকদাৰে আঁতধৰা সভাখনত বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *