• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসমত ৪০টা শাখা মুকলি কৰিব আই আই এফ এল ফাইনেন্সে, নিয়োগ কৰিব ২০০ৰো অধিক কৰ্মচাৰী

ByNaba Barta

Dec 15, 2023
Spread the love

নৱবার্তা গুৱাহাটী: ভাৰতৰ অন্যতম বৃহৎ অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান আই আই এফ এল ফাইনেন্সে পৰৱৰ্তী ছমাহত অসমত ৪০টা নতুন শাখা মুকলি কৰি ২০০ৰো অধিক কৰ্মচাৰী নিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। একাধিক চহৰ, সৰু নগৰ আৰু গ্ৰামাঞ্চলত উপস্থিত থাকি, সমগ্ৰ অসমতে গ’ল্ড লোন ফাইনেন্সিঙৰ ক্ষেত্ৰত এক অগ্ৰণী প্ৰতিষ্ঠান হৈ আহিছে আই আই এফ এল ফাইনেন্স ।

আই আই এফ এল ফাইনেন্স গোল্ড লোনৰ পূৱ মণ্ডলৰ মাণ্ডলিক ব্যৱসায়িক মুৰব্বী নিলয় ঘোষে কয়, “নতুন শাখা আৰু নতুন কৰ্মচাৰী সংযোজনৰ জৰিয়তে আমি অসমৰ চুকে কোণে আমাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিম। আমি সীমিত সেৱাৰ সুবিধা পোৱা আৰু বেংক সেৱাৰ সীমিত সুবিধা থকা গ্ৰাহকক গ’ল্ড লোন, ব্যৱসায়িক ঋণ আৰু অন্যান্য ঋণৰ সেৱা আগবঢ়াই আহিছো ।”

“আই আই এফ এল ফাইনেন্সৰ বাবে এখন গুৰুত্বপূৰ্ণ ৰাজ্য হৈছে অসম। এই ৰাজ্যখনত আমি বৃহৎ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰাৰ লগতে বছৰি ৫০% বিকাশ লাভৰ আশা পোষণ কৰিছো। আমি অত্যন্ত গ্ৰাহককেন্দ্ৰিক আৰু ডিজিটেলাইজেচনৰ ক্ষেত্ৰত অগ্ৰণী। আমাৰ সকলো শাখা কাগজবিহীন আৰু দ্ৰুত প্ৰক্ৰিয়াকৰণৰ সুবিধা প্ৰদানেৰে সকলো ঋণৰ সামগ্ৰীৰ সেৱা আগবঢ়ায়।”

৮৫ লাখতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াই সমগ্ৰ ভাৰতত ৪,৪০০ৰো অধিক শাখা পৰিচালনা কৰি আছে আই আই এফ এল ফাইনেন্সে। লগতে আই আই এফ এল ফাইনেন্স হৈছে ভাৰতৰ অন্যতম বৃহৎ গ’ল্ড লোন প্ৰতিষ্ঠানো, যিয়ে আৰ বি আইৰ পৰা অনুজ্ঞাপত্ৰপ্ৰাপ্ত লাভ কৰিছে আৰু ঋণগ্ৰহণকাৰীৰ সোণৰ সৰ্বোচ্চ সুৰক্ষা আৰু বীমা প্ৰদান কৰে।

আই আই এফ এল ফাইনেন্সে অসমৰ গ’ল্ড লোনৰ গ্ৰাহকৰ বাবে অন্যতম বহনসাধ্য প্লেন আগবঢ়ায়। উদ্যোগী আৰু ঋণগ্ৰহণকাৰীৰ সপোন পূৰণ কৰাত সহায় কৰিবলৈ, আই আই এফ এল ফাইনেন্সে এতিয়া অসমৰ সকলো গ্ৰাহকক কোনো ধৰণৰ সুপ্ত মাচুল নোলোৱাকৈ প্ৰতিমাহে ৯৯ পইচাত সোণৰ ঋণ আগবঢ়ায় ।

পোনপটীয়াকৈ কথা কোৱা আৰু গ্ৰাহকৰ সৈতে স্বচ্ছ ব্যৱসায়িক চুক্তি সম্পাদনৰ বাবে পৰিচিত আই আই এফ এল ফাইনেন্স আৰু ইয়াৰ প্ৰচাৰৰ সৈতে জড়িত হৈ আছে মোহময়ী অভিনেত্ৰী তমন্না ভাটিয়া। আপোনাৰ নিকটৱৰ্তী শাখালৈ গৈ সমস্যাবিহীনভাৱে ঋণ গ্ৰহণ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। আই আই এফ এল ফাইনেন্সৰ গ’ল্ড ঋণৰ কৰ্মচাৰীয়ে আপোনাৰ সকলো ঋণৰ প্ৰয়োজনীয়তা পূৰণ আৰু দ্ৰুত প্ৰক্ৰিয়াকৰণত সহায় কৰিব।

আই আই এফ এল ফাইনেন্স হৈছে ভাৰতৰ অন্যতম বৃহৎ খুচুৰা কেন্দ্ৰিক এন বি এফ চি যাৰ পৰিচালনাৰ অধীনত আছে ৭৩,০৬৬ কোটি টকাৰ ঋণ সম্পত্তি। দেশজুৰি আই আই এফ এল ফাইনেন্সে বেংকবিহীন আৰু বেংকৰ সীমিত সুবিধা গ্ৰহণকাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। ২০২৩ৰ ৩০ ছেপ্টেম্বৰৰ শেষত আই আই এফ এল ফাইনেন্সে আগবঢ়োৱা গ’ল্ড লোনৰ পৰিমাণ আছিল ২৩,৬৯০ কোটি টকা, যি বাৰ্ষিক হিচাপত ৩৩% বিকাশ লাভ হৈছে। ২২খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১,৪৭৪ খন চহৰ/নগৰত আমাৰ ব্যাপক উপস্থিতিৰ জৰিয়তে দৰমহাভোগী, স্বনিয়োজিত আৰু এম এছ এম ই শাখাৰ গ্ৰাহকক গ’ল্ড লোন প্ৰদান কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *