• Wed. Sep 9th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

নাজিৰাত প্ৰায় ১০০টা বানাক্ৰান্ত পৰিয়াললৈ ইণ্ডিয়ান বেংক গুৱাহাটীৰ জ’নৰ সাহায্য

ByNaba Barta

Aug 22, 2026
Spread the love

নৱবাৰ্তা শিৱসাগৰ:: নাজিৰাত ১৯ জুলাইৰ পৰা সৃষ্টি হোৱা বিধ্বংসী বান আৰু তাৰ পিছত হোৱা ক্ষয়ক্ষতিত জৰ্জৰিত পৰিয়ালসমূহৰ কাষত থিয় দিছে ইণ্ডিয়ান বেংকৰ গুৱাহাটী জ’নে। বিশেষ সাহায্য অভিযানৰ অংশ হিচাপে বেংকটোৰ গুৱাহাটী জ’নৰ কৰ্মচাৰীসকলে নাজিৰাৰ টিপোমিয়া গাঁও আৰু সংলগ্ন বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈ প্ৰায় ১০০টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰে।

ইণ্ডিয়ান বেংকৰ গুৱাহাটী জ’নৰ কৰ্মচাৰীসকলৰ ব্যক্তিগত উদ্যোগ আৰু সামূহিক প্ৰচেষ্টাত এই সাহায্য অভিযান ৰূপায়ণ কৰা হয়। বিধ্বংসী বানত ব্যাপক ক্ষতি আৰু দুৰ্ভোগৰ সন্মুখীন হোৱা পৰিয়ালসমূহক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা হয়।

সাহায্য অভিযানৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত বাল্টি, মশাৰী, স্কুল বেগ আৰু বাচন-বৰ্তনকে ধৰি বিভিন্ন প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী বিতৰণ কৰা হয়। বানৰ ফলত ঘৰ-বাৰী আৰু নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ ব্যাপক ক্ষতি হোৱা পৰিয়ালসমূহক স্বাভাৱিক জীৱনলৈ ধীৰে ধীৰে ঘূৰি অহাত সহায় কৰাৰ লক্ষ্যৰে এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। আনহাতে, বানৰ পিছত পুনৰ বিদ্যালয়মুখী হ’বলৈ সাজু হোৱা শিশুসকলৰ কথাও বিবেচনা কৰি স্কুল বেগ বিতৰণ কৰা হয়।

টিপোমিয়া গাঁও আৰু সংলগ্ন অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ হাতত পোনপটীয়াকৈ এই সাহায্য সামগ্ৰীসমূহ তুলি দিয়া হয়। বানৰ পিছত তীব্ৰ দুৰ্ভোগৰ সন্মুখীন হোৱা স্থানীয় লোকসকলে ইণ্ডিয়ান বেংকৰ গুৱাহাটী জ’নৰ কৰ্মচাৰীসকলৰ এই মানৱীয় পদক্ষেপক আদৰণি জনায়।

উল্লেখ্য, অসমৰ বানাক্ৰান্ত লোকসকলৰ সাহায্য আৰু পুনৰ্বাসনৰ বৃহত্তৰ প্ৰচেষ্টাৰ বাবে ইণ্ডিয়ান বেংকে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১.২০ কোটি টকা আগবঢ়াইছিল। নাজিৰাত শেহতীয়াকৈ চলোৱা এই সাহায্য অভিযানেও দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ কাষত থিয় দিয়াৰ ক্ষেত্ৰত বেংকটোৰ দায়বদ্ধতাক পুনৰ উজ্জ্বল কৰি তুলিছে।

কৰ্মচাৰীসকলৰ এই স্বতঃস্ফূৰ্ত আৰু মানৱীয় উদ্যোগৰ জৰিয়তে ইণ্ডিয়ান বেংকৰ গুৱাহাটী জ’নে নাজিৰাৰ প্ৰায় ১০০টা বানাক্ৰান্ত পৰিয়ালৰ কাষত পোনপটীয়াকৈ সহায়ৰ হাত আগবঢ়াইছে। দুৰ্যোগত সৰ্বস্ব হেৰুৱাই কঠিন সময় পাৰ কৰা এই পৰিয়ালসমূহৰ বাবে এই সাহায্য কিছু সকাহ আৰু আশ্বাস কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *