নৱবাৰ্তা গুৱাহাটী: ৰাজ্যৰ আগশাৰীৰ এন জি ও ‘দ্য হাৰ্ট’ সহৃদয় গোষ্ঠীৰ গুৱাহাটীৰ হাতীগাওঁস্থিত
কাৰ্যালয়ত শুকুৰবাৰে বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাৰ স্মৃতিত বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ তথা সংগীতশিল্পী ডাঃ চন্দন মোদকে কন্ঠ দিয়া ‘দুখৰ সুৰৰ বাঁহী’ শীর্ষক এটা আধুনিক গীত মুকলি কৰা হয়। উল্লেখ্য, বিশিষ্ট সংগীত পৰিচালক মানস জ্যোতি হাজৰিকাৰ সংগীত পৰিচালনাত এইটো বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ কথা আৰু সুৰ সমৃদ্ধ অন্তিমটো ৰচনা। গীত মুকলি
অনুষ্ঠানত বিশিষ্ট বাঁহীবাদক গুনিন শর্মা, ডাঃ ঋতুপৰ্ণ বৰুৱা, ডাঃ ৰূপ জ্যোতি হাজৰিকা, কবি প্ৰণৱ কুমাৰ বৰ্মন আদি উপস্থিতি থাকি ডাঃ চন্দন মোদকৰ কণ্ঠত গীতটো ৰাইজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য, এই গীতটোৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণ মানস জ্যোতি হাজৰিকাৰ, কথা আৰু সুৰ দীপক শৰ্মাৰ, বাঁহী দীপক শৰ্মাৰ, কন্ঠ ডাঃ চন্দন মোদকৰ, গীটাৰ তপন দাসৰ আৰু ভিডিঅ’ পৰিচালনা অন্তৰীপ হাজৰিকাৰ। গীত মুকলি অনুষ্ঠানত বহু গণ্য মান্য লোক উপস্থিত থাকে। গীতটি The Heart Entertainment YouTube channel ত ঊপলব্ধ
প্ৰয়াত বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাৰ ‘দুখৰ সুৰৰ বাঁহী’ শীর্ষক অন্তিমটো আধুনিক গীতৰ উন্মোচন
Oplus_131072 