• Tue. Apr 14th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

দিছপুৰ প্ৰেছ ক্লাবৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ৪৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

ByNaba Barta

Mar 29, 2026
Spread the love

নৱবার্তা, গুৱাহাটী ঃ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও দিছপুৰ প্ৰেছ ক্লাবে তেও:লোকৰ প্ৰতিষ্ঠা দিৱসত মহানগৰীত কৰ্মৰত যুৱ সাংবাদিকসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়৷ দৈনিক গণ অধিকাৰৰ সাংবাদিক বসন্ত দাসকো এইবেলি দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ এই সম্বৰ্ধনাত আছিল অংগবস্ত্ৰ, মানপত্ৰ আৰু এটা ফুলাম জাপি৷ সুদীৰ্ঘ দহ বছৰ ধৰি দৈনিক গণ অধিকাৰ কাকতত ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কৰ্মৰত হৈ আছে বসন্ত দাস৷ ইফালে, দৈনিক গণ অধিকাৰৰ ফটো সাংবাদিক হাফিজ আহমেদকো সম্বৰ্ধনা জনোৱা হয়৷
উল্লেখ্য যে ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী৷ দিনৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান৷ দিছপুৰ প্ৰেছ ক্লাবৰ সৈতে জড়িত সাংবাদিক সকলে মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে পৰিবেশন কৰে সমবেত সংগীত৷ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, প্ৰথম খবৰৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা বুৰঞ্জীবিদ ড°ৰীতা বৰুৱা, দৈনিক গণ অধিকাৰ কাকতৰ সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া, বৰ্ষীয়ান সাংবাদিক অমল গুপ্ত, জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ, আসাম পাব্লিক বৰ্কছৰ সঞ্চালক আভিজিত শৰ্মা, গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি প্ৰদীপ বৰ্মন, বিশিষ্ট সাহিত্যিক ৰমেন দাস আদি৷ এই অনুষ্ঠানতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা মুঠ ৪৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধিত ব্যক্তি সকল হ’ল ক্ৰমে শোভানা চৌধুৰী ডি ৱাই ৩৬৫, সমীৰণ বৰঠাকুৰ এন ডি২৪, গোকুল তালুকদাৰ দৈনিক অসম, ধৰ্মেন্দ্ৰ কলিতা নিউজ লাইভ, প্ৰণব দাস ডি ৱাই ৩৬৫, ভাস্কৰ জ্যোতি শইকীয়া নিউজ ১৮ অসম নৰ্থ ইষ্ট, বসন্ত দাস দৈনিক গণ অধিকাৰ, অলিম্পিকা বৰা নেশ্বন এন ই, মৃগাংক মোহন দত্ত এম এম ডি ফ’কাচ , দ্বীপেন ডেকা দৈনন্দিন বাৰ্তা, মিনহাজুদ্দিন আহমেদ প্ৰথম খবৰ, ছৰফৰাজ খান সংবাদ ৩৬৫, প্ৰবীণ বৰুৱা অসমীয়া প্ৰতিদিন ডিজিটেল, ৰণজিৎ পাটগিৰি অসমীয়া প্ৰতিদিন, কবৰী ডেকা অসম লাইভ ২৪, চম্পক মেধি নিউজ টাইম এন ই, পৰিস্মিতা শইকীয়া, চচ দ্য ৰিয়েলিটি, বিশ্বজিৎ গগৈ দ্য ভয়চ,মৃদুল লেখাৰু অসম লাইভ ২৪, সঞ্জীৱ বৰ্মন মুক্ত সাংবাদিক, ৰূপম দলৈ প্ৰতিদিন টাইম, হীৰক জ্যোতি কলিতা চচ দ্য ৰিয়েলিটি, ৰাণা চৌধুৰী নিউজ এন ই ৩৬৫, জ্যোৰ্তিময় শৰ্মা এন ইষ্ট লাইভ, কৰবী ডেকা প্ৰাগ নিউজ, হাফিজ আহমেদ দৈনিক গণ অধিকাৰ৷ অনুষ্ঠানত সম্বৰ্ধিত সামাজিক ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তি সকল হ’ল ক্ৰমে প্ৰফুল্ল শইকীয়া, অনামিকা বৰ্মন, মহেশ তিৱাৰী, ধ্ৰnৱপ্ৰসাদ বৰুৱা, জুনাইদ খালিদ, জীৱ কান্ত নেওগ, সুমন ফুকন, কমল ডেকা, সুভাষ চন্দ্ৰ পাঠক, হেমন্ত দৈমাৰী, মানস কলিতা, প্ৰাঞ্জল প্ৰতীম মুদৈ, ৰূপ জ্যোতি দত্ত, অসীম ডেকা, ডা: সুব্ৰত দে, কল্লোল দাস, হেমন্ত জৈন ,আজাদ আলী, আনন্দ আগৰৱালা, আদি৷
মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে৷
অনুষ্ঠানত অনুষ্ঠানত ৰত্ন ওজা সনাতন কলাপীঠৰ নৃত্য শিল্পীৰ দলে নাদুভংগী নৃত্য আৰু ভোৰতাল নৃত্য পৰিবেশন কৰে৷ অনুষ্ঠানটো সফল কৰাৰ বাবে দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড°নৰেন হাজৰিকা আৰু কাৰ্যকৰী সভাপতি আৰ্জেদ হুছেইন চহৰীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *