• Wed. Sep 9th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ছবিপ্ৰেমীৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত চিত্ৰগৃহলৈ আহিব অসমীয়া কথাছবি ‘ডিফলু’

ByNaba Barta

Aug 31, 2026
Spread the love

নৱবাৰ্তা গুৱাহাটী: অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা ৯ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া কথাছবি ‘ডিফলু’ৱে। বৰলুইত প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ মুক্তিৰ দিন সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে নিৰ্মাতাগোষ্ঠীয়ে।
উল্লেখ্য, পূৰ্বে ছবিখন বিগত ২১ আগষ্টতে মুক্তি দিয়াৰ দিন ধাৰ্য কৰা হৈছিল যদিও ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰখা হয়। সম্প্ৰতি বানৰ বিভীষিকা ক্ৰমান্বয়ে শাম কটাৰ লগতে জনজীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰখনৰ নিৰ্মাতাগোষ্ঠীয়ে ৯ অক্টোবৰত ছবিখন চিত্ৰগৃহলৈ অনাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে।
মন কৰিবলগীয়া যে, পৰিচালক নেকিবৰ চলচ্চিত্ৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে থিয় দিছে আত্মপ্ৰকাশমূলক পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ডিফলু’। এক অত্যন্ত আৱেগিক আৰু প্ৰত্যাহ্বানপূৰ্ণ সময় পাৰ কৰাৰ পাছত ছবিখনৰ নতুন মুক্তিৰ দিন ঘোষণাই নিৰ্মাতাগোষ্ঠীৰ মাজত পুনৰ এক নতুন আশা আৰু উদ্দীপনা জগাই তুলিছে।
সংবাদমেলত মনৰ অনুভৱ ব্যক্ত কৰি পৰিচালক নেকিবে কয়, “আগষ্ট মাহৰ মুক্তি স্থগিত ৰখাৰ সিদ্ধান্তটো আমাৰ বাবে অত্যন্ত কঠিন আছিল যদিও ‘ডিফলু’ যে এদিন দৰ্শকৰ কাষ পাবগৈ, সেই বিশ্বাস আমাৰ সদায় আছিল। ৯ অক্টোবৰৰ দিনটো এতিয়া আমাৰ সকলোৰে বাবে এক নতুন আৰম্ভণি। আমি অত্যন্ত আনন্দিত আৰু একে সময়তে আমাৰ প্ৰতি দেখুওৱা সহমৰ্মিতা তথা ধৈৰ্যৰ বাবে দৰ্শকৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ। এই ছবিখন আমাৰ বাবে এক দীঘলীয়া আৰু অতি আপোন যাত্ৰা আছিল; সেয়েহে ছবিগৃহত ছবিপ্ৰেমী দৰ্শকৰ সৈতে একেলগে বহি ছবিখন উপভোগ কৰিবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো।”
প্ৰণিধানযোগ্য যে, জেকিবৰ প্ৰযোজনা আৰু নেকিবৰ পৰিচালনাত নিৰ্মিত ‘ডিফলু’ ছবিখনেৰে পূৰ্ণদৈৰ্ঘ্যৰ কথাছবিৰ জগতত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিছে বৰলুইত প্ৰডাকশ্যনৰ। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো চুটি ছবিয়ে সমাদৰ লাভ কৰাৰ পাছত এইখনেই হৈছে প্ৰযোজনা সংস্থাটোৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। অসমৰ গ্ৰাম্য জীৱনৰ বাস্তৱ ছবি প্ৰতিফলিত হোৱা ‘ডিফলু’ত হাস্যৰস, নিভৃত আৱেগ আৰু সামাজিক বাৰ্তাৰ এক সুন্দৰ সমাহাৰ ঘটিছে। এই ছবিখনৰ জৰিয়তে অসমৰ চহকী সংস্কৃতি, পৰম্পৰা আৰু সমাজ জীৱনৰ মূল সত্তাটোক সৰল আৰু আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিছে পৰিচালকে।
একে সময়তে, ছবিখনৰ সংগীততো আছে আন এক বিশেষ আৱেগিক মাত্ৰা। এই ছবিখনত অন্তৰ্ভূক্ত কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা অন্যতম শেষ গান ‘সৰগী সপোন’। উল্লেখ্য যে, কেৱল এই ছবিখনৰ বাবেই ২০২৫ চনত বানীবন্ধ কৰা হৈছিল এই ভালপোৱাৰ দ্বৈত গীতটি। ছবিখনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে যোৱা জুন মাহত গীতটি মুক্তি দিয়া হৈছিল।
ইফালে, ‘ডিফলু’ৰ অন্যান্য গীতসমূহত কণ্ঠ নিগৰাইছে ৰূপালী কাশ্যপ, ৰাকেশ ৰিয়ান আৰু মন্টুমণি শইকীয়াই। ছবিখনৰ সংগীত পৰিচালনা আৰু সুৰ সংযোজনা কৰিছে জেকিবে। গীতৰ কথা লিখিছে নেকিবে আৰু এটি বিশেষ গীত ৰচনা কৰিছে গাৰ্গী ভট্টাচাৰ্যই।
ছবিখনৰ বিভিন্ন চৰিত্ৰত প্ৰাণ ঢালিছে অসমৰ এমুঠি ন-পুৰণি শিল্পীয়ে। অভিনয় শিল্পীসকলৰ ভিতৰত আছে অমৃতা গগৈ, সুব্ৰত দেউৰী, অৰুণ নাথ, অৰুণ হাজৰিকা, পূৰ্ণদা হাজৰিকা, ৰাজীৱ দুৱৰী, জ্যোতিষ্মান বৰা, কণিকা নাথ, অনিৰ্বাণ কলিতা, অংকুৰ বৈশ্য, ডাঃ হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, প্ৰিয়াংশী কাশ্যপ আৰু দিব্যপ্ৰতীম ভাগৱতী। ইয়াৰ উপৰিও এটি বিশেষ চৰিত্ৰত ভূমুকি মাৰিছে জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱাই।
গাঁৱৰ দৈনন্দিন জীৱন, হাঁহি-ধেমালি, আত্মীয়তাৰ সম্পৰ্ক, আৱেগ আৰু সামাজিক বাৰ্তাৰ সমন্বয়ত গঢ় লৈ উঠা ‘ডিফলু’ৱে অসমৰ মাটিক স্পৰ্শ কৰি সকলো শ্ৰেণীৰ দৰ্শকক আমোদ দিয়াৰ চেষ্টা কৰিছে।
বৰ্তমান এই বহু আকাংক্ষিত ছবিখন চিত্ৰগৃহলৈ অনাৰ বাবে অন্তিম পৰ্যায়ৰ ব্যাপক প্ৰচাৰ অভিযান চলাইছে নিৰ্মাতাসকলে।
আগন্তুক ৯ অক্টোবৰ, ২০২৬ত ৰাজ্যজুৰি চিত্ৰগৃহসমূহত মুক্তি লাভ কৰিব ‘ডিফলু’ৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *