• Fri. Jun 5th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

এলেন গুৱাহাটীলৈ ঐতিহাসিক সাফল্য: জে ই ই (এডভান্স) ২০২৬-ত যশৰাজ সিঙৰ AIR ১২২

ByNaba Barta

Jun 2, 2026
Oplus_131072
Spread the love

নৱবাৰ্তা গুৱাহাটী: জে ই ই (এডভান্স) ২০২৬-ৰ ফলাফলত এলেন কেৰিয়াৰ ইনষ্টিটিউট, গুৱাহাটীয়ে এক ঐতিহাসিক সাফল্য লাভ কৰিছে। প্ৰতিষ্ঠানটোৰ ৬ বছৰৰ শ্ৰেণীকোঠা কাৰ্যসূচীৰ ছাত্ৰ যশৰাজ সিং-এ AIR 122 লাভ কৰি IIT গুৱাহাটী জ’নৰ টপাৰ হিচাপে পৰিগণিত হৈছে। এইটো এলেন গুৱাহাটীৰ প্ৰতিষ্ঠালগ্নৰ পৰা JEE (Advanced)-ত লাভ কৰা সৰ্বোচ্চ ৰেংক।

ইয়াৰ উপৰিও, অগ্ৰিমা সিং-এ AIR ১৮৫৭ লাভ কৰি IIT গুৱাহাটী জ’নৰ গাৰ্লছ টপাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।

মূল সাফল্যসমূহ:

AIR ১২২– যশৰাজ সিং (IIT গুৱাহাটী জ’ন টপাৰ)

AIR ১৮৫৭– অগ্ৰিমা সিং (IIT গুৱাহাটী জ’ন গাৰ্লছ টপাৰ)

শীৰ্ষ ১,০০০ AIR-ত 3 জন শিক্ষাৰ্থী

শীৰ্ষ ৫,০০০5 AIR-ত ১৩ জন শিক্ষাৰ্থী

শীৰ্ষ ১৫,০০০ AIR-ত ২৬ জন শিক্ষাৰ্থী

এলেন গুৱাহাটীৰ উপ-সভাপতি তথা জ’নেল হেড ব্ৰজেশ কুমাৰ যাদৱে কয়, “যশৰাজৰ AIR 122 আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এই সাফল্য ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমাৰ শিক্ষকৰ একত্ৰিত প্ৰচেষ্টাৰ ফল।”

এই ফলাফলে পুনৰবাৰ এলেন গুৱাহাটীৰ একাডেমিক উৎকৰ্ষতা আৰু ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *