• Wed. Apr 29th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

এম ইৰ উত্তৰ-পূৰ্বৰ গুৱাহাটী আৰু শ্বিলঙত নতুন বিপণী মুকলি

ByNaba Barta

Apr 21, 2026
Spread the love

এন ই ডব্লিউ এম ইৰ
দেশজুৰি মুঠ বিপণীৰ সংখ্যা ২৪ লৈ বৃদ্ধি

নৱবার্তা গুৱাহাটী : ভাৰতৰ আগশাৰীৰ জেন জেদ (Gen Z) মহিলা-কেন্দ্ৰিক ফেশ্বন-টেক ব্ৰেণ্ড এন ই ডব্লিউ এম ই
(NEWME)এ উত্তৰ-পূৰ্ব ভাৰতত দুখন নতুন খুচুৰা বিপণী মুকলি কৰাৰ ঘোষণা কৰিছে। ইয়াৰে এখন উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত আৰু আনখন মেঘালয়ৰ শ্বিলঙত। এই নতুন সংযোজনৰ জৰিয়তে ব্ৰেণ্ডটোৱে দেশজুৰি নিজৰ অফলাইন উপস্থিতি ২৪খন বিপণীলৈ বিস্তাৰ কৰিছে। লগতে ভাৰতৰ আটাইতকৈ সাংস্কৃতিকভাৱে সমৃদ্ধ আৰু ফেশ্বন-সচেতন অঞ্চলসমূহৰ এটাত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰিছে। উল্লেখ‍্য,
গুৱাহাটীৰ বিপণীখন এফ এফ ১২ , চিটি চেণ্টাৰ মল, জি এছ ৰোড, খ্ৰীষ্টিয়ান বস্তিত অৱস্থিত, যাৰ আয়তন ৯১৩ বৰ্গফুট। আনহাতে শ্বিলঙৰ বিপণীখন ইনফিনিট টাৱাৰ্ছ, ডিজায়াৰৰ বিপৰীতে, জি এছ ৰোডতস্থিত আৰু ইয়াৰ আয়তন ১৪৮৫ বৰ্গফুট। এই নতুন বিপণীদুখন এনেদৰে ডিজাইন কৰা হৈছে যাতে গ্ৰাহকসকলে এক আকৰ্ষণীয় আৰু অনুসন্ধান-ভিত্তিক শ্বপিং অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ জৰিয়তে এন ই ডব্লিউ এম ই (NEWME-)ৰ স্বাক্ষৰ “ট্ৰেণ্ড-ফাৰ্ষ্ট” ফেশ্বন এই অঞ্চলৰ ষ্টাইল-সচেতন জেন জেদ (Gen Z)গ্ৰাহকৰ ওচৰলৈ অধিক নিকটলৈ আহিছে। উল্লেখ‍্য,
উত্তৰ-পূৰ্ব অঞ্চলটো সদায়েই ফেশ্বনত আগবঢ়া। গুৱাহাটী আৰু শ্বিলঙৰ দৰে চহৰত জেন জেদ (Gen Z) মহিলা সকলে এই ধাৰণাক আৰু অধিক আগুৱাই লৈ গৈছে। তেওঁলোকে বিশ্বজনীন ট্ৰেণ্ড অনুসৰণ কৰে যদিও নিজৰ এক নিজস্ব, সাহসী শৈলীত ইয়াক প্ৰকাশ কৰে। সংগীতানুষ্ঠান, উৎসৱ আৰু যুৱসমাজৰ সক্ৰিয় সংস্কৃতিত ইয়াত ফেশ্বন মানে হৈছে নিৰ্ভীক পৰীক্ষা-নিৰীক্ষা—ট্ৰেণ্ডি পোছাক, স্তৰভিত্তিক সাজ, আৰু দৃষ্টি আকৰ্ষণ কৰা ষ্টাইল, য’ত দক্ষিণ-পূৰ্ব এছিয়াৰ প্ৰভাৱো দেখা যায়।
এই শক্তিশালী ফেশ্বন পৰিৱেশত এন ই ডব্লিউ এম ই (NEWME-)এ অঞ্চলটোৰ ফেশ্বন-প্ৰেমী যুৱসমাজৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আগবাঢ়িছে—য’ত সদায় নতুন, উজ্জ্বল আৰু ট্ৰেণ্ডি ষ্টাইলৰ সংযোজন থাকিব।
এই দোকানসমূহ বিশেষকৈ জেন জেদ (Gen Z)-ৰ ফেশ্বন আবিষ্কাৰৰ ধৰণ অনুসৰি ডিজাইন কৰা হৈছে—অনলাইন স্ক্ৰ’লৰ অভিজ্ঞতাক অফলাইন দোকানলৈ লৈ আহি। ইয়াত গ্ৰাহকসকলে শতাধিক গ্ল’বেল প্ৰেৰণা প্ৰাপ্ত পোছাক চেষ্টা, ষ্টাইল আৰু উপভোগ কৰিব পাৰিব। এন ই ডব্লিউ এম ই (NEWME-)ৰ দ্ৰুত ফেশ্বন ব্যৱস্থাৰ অংশ হিচাপে প্ৰতিসপ্তাহে ৫০০তকৈ অধিক নতুন ষ্টাইল সংযোজন কৰা হয়।
উজ্জ্বল ৰঙৰ পৰা কোমল পেষ্টেল টোনলৈ, আৰু প্ৰতিটো নতুন ট্ৰেণ্ডৰ সৈতে খাপ খোৱা ডিজাইন—ইয়াত সদায় কিবা এটা নতুন আৰু আকৰ্ষণীয় থাকিব। এই সম্পৰ্কে এন ই ডব্লিউ এম ই
(NEWME)-ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক সুমিত জাছোৰিয়াই কয়,
“উত্তৰ-পূৰ্ব অঞ্চলটো আমাৰ বাবে অনলাইনত অসাধাৰণ সাফল্য লাভ কৰিছে, সেয়ে ইয়াত অফলাইন উপস্থিতি স্থাপন কৰাটো স্বাভাৱিক আছিল। শিলিগুড়িত আমাৰ বিপণী মুকলিৰ পিছতে গুৱাহাটী আৰু শ্বিলঙত প্ৰৱেশ কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল। এই অঞ্চলৰ জেন জেদ (Gen Z)এ কেৱল ট্ৰেণ্ড অনুসৰণ নকৰে—তেওঁলোকে ইয়াক নতুন ৰূপ দিয়ে আৰু নিজেই ট্ৰেণ্ড সৃষ্টি কৰে। এই শক্তিশালী মানসিকতাই আমাক আকৰ্ষণ কৰে।”
প্ৰতিষ্ঠালগ্নৰ পৰা এন ই ডব্লিউ এম ই (NEWME)-এ ডাটা-ভিত্তিক ডিজাইন, বাস্তৱ-সময়ৰ ট্ৰেণ্ড বিশ্লেষণ আৰু শক্তিশালী সাপ্লাই চেইনৰ জৰিয়তে এক বিশেষ ফেশ্বন পৰিৱেশ গঢ়ি তুলিছে। ব্ৰেণ্ডটোৱে ইতিমধ্যে ভাৰতজুৰি ২০ লাখতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াইছে আৰু জেন জেদ( Gen Z) বজাৰত নিজৰ অফলাইন উপস্থিতি বিস্তাৰ কৰি আছে।
গুৱাহাটী আৰু শ্বিলঙৰ নতুন বিপণী সমূহৰ সৈতে
এন ই ডব্লিউ এম ই
(NEWME)-এ ভাৰতৰ যুৱ গ্ৰাহকৰ বাবে এক সাংস্কৃতিকভাৱে সংযুক্ত আৰু দ্ৰুত-ট্ৰেণ্ড ফেশ্বন ব্ৰেণ্ড হিচাপে নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *