• Mon. Jul 27th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে নতুন পৰিকল্পনা ঘোষণা কাজিৰঙা বিশ্ববিদ্যালয়ৰজ্ঞানৰ বিকাশ • সুযোগৰ সৃষ্টি • ভৱিষ্যৎ ৰূপান্তৰ

ByNaba Barta

Jul 6, 2026
Spread the love

নৱবাৰ্তা গুৱাহাটী
::
বিশ্বমানৰ শিক্ষা, অত্যাধুনিক গৱেষণা, উদ্যমিতা আৰু উদ্যোগ-সহযোগিতাৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নত কৌশলগত জ্ঞান আৰু উদ্ভাৱনৰ অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লক্ষ্যৰে কাজিৰঙা বিশ্ববিদ্যালয়ে আজি এক উচ্চাভিলাষী উন্নয়ন ৰূপৰেখা ঘোষণা কৰে।
এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত বিশ্ববিদ্যালয়খনৰ প্ৰ’ চ্যান্সেলৰ বসন্ত খেতানে সম্বোধন কৰি কয় যে, ‘বিকশিত অসম’ আৰু ‘বিকশিত ভাৰত–২০৪৭’-ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ে এতিয়া এক নতুন প্ৰতিষ্ঠান গঢ়াৰ যাত্ৰা আৰম্ভ কৰিছে।
“বিশ্ববিদ্যালয়সমূহৰ ভৱিষ্যত কেৱল ডিগ্ৰী প্ৰদানত সীমাবদ্ধ থাকিব নোৱাৰে। বিশ্ববিদ্যালয়সমূহ উদ্ভাৱন, উদ্যমিতা, কৌশল বিকাশ আৰু সামাজিক ৰূপান্তৰৰ চালিকাশক্তি হিচাপে গঢ়ি উঠিব লাগিব। আমাৰ লক্ষ্য হৈছে কাজিৰঙা বিশ্ববিদ্যালয়ক এনে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা, যিয়ে যুৱ সমাজক শক্তিশালী কৰি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম উন্নয়নত সক্ৰিয় ভূমিকা পালন কৰিব।”

অসমৰ বাবে এক নতুন সুযোগ:
প্ৰ’ চ্যান্সেলৰগৰাকীয়ে পৰ্যবেক্ষণ কৰিছে যে অসমে বৰ্তমান নিজৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উন্নয়নৰ পৰ্ব অতিক্ৰম কৰিছে। আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, ডিজিটেল সংযোগ, লজিষ্টিকছ, উন্নত উৎপাদন আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগে অসমক ভাৰতৰ পূবমুখী অৰ্থনৈতিক দুৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।
তেওঁ উল্লেখ কৰে যে ভাৰত আৰু জাপানৰ মাজত সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বই উত্তৰ-পূবৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ বৃদ্ধি পোৱাত বহনক্ষম কৃষি, ৰেচম উদ্যোগ, খাদ্য প্ৰক্ৰিয়াকৰণ, নদী আৰু জল সম্পদ ব্যৱস্থাপনা, বানপানী নিয়ন্ত্ৰণ, জীৱবৈচিত্ৰ্য সংৰক্ষণ, জলবায়ু অভিযোজন, উন্নত উৎপাদন, ছেমিকণ্ডাক্টৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যৎ প্ৰযুক্তিৰ দৰে বহু ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। এই পৰিৱৰ্তনৰ সৰ্বাধিক হিতাধিকাৰী অসমৰ যুৱ প্ৰজন্ম হ’ব বুলি বিশ্ববিদ্যালয়খনে বিশ্বাস কৰে।

কল্পনাৰ পৰা বাস্তৱলৈ ৰূপান্তৰ:
নিজৰ লক্ষ্য বাস্তৱায়িত কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনে কেইবাটাও কৌশলগত পদক্ষেপ ঘোষণা কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য পদক্ষেপসমূহ হৈছে:
• শিক্ষাৰ্থীসকলৰ উদ্ভাৱন আৰু উদ্যমিতাক উৎসাহিত কৰিবলৈ ১ কোটি টকাৰ কে ইউ ষ্টাৰ্টআপ ফাণ্ড।
• আৰ্থিক অসুবিধাৰ বাবে যাতে কোনো মেধাৱী শিক্ষাৰ্থী উচ্চমানৰ শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ৩ কোটি টকাৰ বৃত্তি আঁচনি।
• কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক দক্ষতা বিকাশৰ বাবে ইণ্টেল এ আই গৱেষণাগাৰ স্থাপন।
• ভাৰতৰ উৎপাদন আৰু গতিশীলতা পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি ইলেক্ট্ৰিক ভেহিক’ল টেকন’লজি আৰু ইণ্ডাষ্ট্ৰীয়েল ৰ’ব’টিকছ-ত নতুন বিশেষায়িত পাঠ্যক্ৰম সংযোজন।
• ইনষ্টিটিউট অৱ এনালাইটিকছ (ইউ কে)-ৰ সহযোগিতাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ডাটা এনালাইটিকচ কাৰ্যসূচী।
• বাজাজ জেনেৰেল কুৱেষ্ট হেকাথন আৰু পিডব্লিউচি লঞ্চপেডৰ দৰে উদ্যোগৰ জৰিয়তে বাস্তৱমুখী, উদ্যোগ-সংযুক্ত শিক্ষাৰ ব্যৱস্থা।

এই পদক্ষেপসমূহে বিশ্বব্যাপী প্ৰতিযোগিতামূলক, উদ্যোগ-প্ৰস্তুত আৰু উদ্ভাৱন-চালিত স্নাতক সৃষ্টিৰ প্ৰতি বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

আগন্তুক সময়ৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰা:
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ অধীনত পৰিকল্পিত পৰিৱৰ্তনক স্বীকৃতি দি কাজিৰঙা বিশ্ববিদ্যালয়ে ভৱিষ্যতৰ বাবে প্ৰস্তুত, চাহিদা-চালিত আৰু বহুমুখী শিক্ষাক কেন্দ্ৰ হিচাপে লৈ নিজৰ শৈক্ষিক পৰিৱেশ তন্ত্ৰৰ পুনৰ নিৰ্মাণ কৰিছে।

ভৱিষ্যতৰ কাৰ্যসূচীসমূহে কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, ছেমিকণ্ডাক্টৰ প্ৰযুক্তি, স্মাৰ্ট কৃষি, ব্ৰহ্মপুত্ৰ নদী অধ্যয়ন, জলবায়ু স্থিতিস্থাপকতা, প্ৰকৃতিভিত্তিক সমাধান, স্বাস্থ্যসেৱা উদ্ভাৱন, উদ্যোগীকৰণ আৰু বিশ্বব্যাপী নিয়োগযোগ্যতাৰ ওপৰত ক্ৰমান্বয়ে গুৰুত্ব আৰোপ কৰিব।
বিশ্ববিদ্যালয়খনৰ বিশ্বাস যে সফলতা এতিয়া কেৱল স্নাতক সৃষ্টি কৰিয়েই নহয়, বৰঞ্চ সমস্যা সমাধানকাৰী উদ্ভাৱক, উদ্যোগী আৰু কৰ্মসংস্থাপন সৃষ্টিকাৰী লোক গঢ়ি তোলাৰ জৰিয়তে প্ৰকৃত মূল্যায়ন কৰা হ’ব।

অসমক বিশ্বব্যাপী সংযোগ কৰা:
বিশ্ববিদ্যালয়খনৰ মতে বিশ্বৰ উচ্চ শিক্ষাৰ পৰিৱেশ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশ্ববিদ্যালয়সমূহে ভাৰতত সহযোগিতা আৰু শৈক্ষিক কেন্দ্ৰ স্থাপন কৰিছে। যদিও বহু বিশ্ববিদ্যালয়ে প্ৰথম অৱস্থাত মহানগৰসমূহত ওপৰত গুৰুত্ব আৰোপ কৰিছে তথাপি তেওঁলোকে ক্ৰমান্বয়ে প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী, বিশ্বাসযোগ্য শৈক্ষিক অংশীদাৰ আৰু ভাৰতৰ বৈচিত্ৰময় অঞ্চলসমূহৰ সৈতে অৰ্থপূৰ্ণ সংযোগ বিচাৰি আছে।

কাজিৰঙা বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, যৌথ গৱেষণা, অধ্যাপক বিনিময়, দ্বৈত ডিগ্ৰীৰ পথ আৰু বিশ্বব্যাপী মাপকাঠী শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান যুৱক-যুৱতী আৰু সমগ্ৰ বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়, উদ্যোগ আৰু গৱেষণা প্ৰতিষ্ঠানৰ মাজত সেতু হিচাপে সক্ৰিয়ভাৱে নিজকে প্ৰতিষ্ঠা কৰিছে।

বিশ্ববিদ্যালয়খনৰ দৃষ্টিভংগী সৰল, সেয়া হৈছে : কেৱল উত্তৰ-পূবক প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ যোগানকাৰী হিচাপে সীমাবদ্ধ ৰখাই নহয়, জ্ঞান, উদ্ভাৱন আৰু গৱেষণাৰ বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলা।

নতুন যুগৰ বাবে শৈক্ষিক নেতৃত্ব:
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰা উপাচাৰ্য ড০ এম এল গৌৰে এই উপলক্ষে ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰে। ভাৰতৰ সাতখন ৰাজ্যত ৪১ বছৰতকৈও অধিক সময়ৰ পেছাদাৰী অভিজ্ঞতাৰে ড০ গৌৰে বিজ্ঞানী, অধ্যাপক, বিভাগৰ মুৰব্বী, ডীন, প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু উপাচাৰ্যকে ধৰি বিভিন্ন নেতৃত্বৰ পদত আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান, কৃষি বিশ্ববিদ্যালয় আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত সেৱা আগবঢ়াই আহিছে। তেওঁৰ কৰ্ম পৰিসৰ গৱেষণা, প্ৰতিষ্ঠানিক বিকাশ, অভিযান্ত্ৰিক শিক্ষা, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, জলসম্পদ, শৈক্ষিক শাসন, উদ্ভাৱন পৰিৱেশ তন্ত্ৰ আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰলৈ বিস্তৃত। অসংখ্য ৰাষ্ট্ৰীয় প্ৰকল্পত নেতৃত্ব প্ৰদানৰ লগতে চৰকাৰী, উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সহযোগিতাৰে কাম কৰি আহিছে।

“অহা দশকটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হ’ব।আগন্তুক অৰ্থনীতিৰ বাবে গতানুগতিক পাঠ্যক্ৰমেৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষিত কৰি যোৱাটো বিশ্ববিদ্যালয়সমূহৰ বাবে যথেষ্ট নহ’ব। আমি জ্ঞানৰ সৈতে দক্ষতা, গৱেষণাৰ সৈতে উদ্ভাৱন আৰু শিক্ষাৰ সৈতে উদ্যোগ সৃষ্টিৰ সমন্বয় ঘটাই এনে পেছাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি আছোঁ, যিবোৰ এতিয়াও বিকাশৰ পৰ্যায়ত আছে। আমাৰ উদ্দেশ্য হৈছে চাকৰি প্ৰত্যাশীসকলক চাকৰি সৃষ্টিকৰ্তালৈ ৰূপান্তৰিত কৰা।” ড০ গৌৰে লগতে কয় যে, বিগত পাঁচ মাহৰ ভিতৰত তেওঁ অসমৰ ব্যতিক্ৰমী বৈজ্ঞানিক সম্ভাৱনা, উদ্যোগী শক্তি আৰু সাংস্কৃতিক সমৃদ্ধিৰ সাক্ষী হৈ আহিছে।

“প্ৰতিটো অঞ্চলতে এক নিজস্ব শক্তি আছে, যি সম্পূৰ্ণৰূপে মুক্ত হ’বলৈ অপেক্ষা কৰি আছে। ভাৰতৰ অন্যতম আগশাৰীৰ জ্ঞান আৰু উদ্ভাৱন অঞ্চল হিচাপে পৰিগণিত হ’বলৈ অসমত সকলো উপাদান আছে। কাজিৰঙা বিশ্ববিদ্যালয়ে এই শক্তিসমূহক বিশ্বব্যাপী প্ৰতিযোগিতামূলক শিক্ষা, গৱেষণা, উদ্ভাৱন আৰু বহনক্ষম জীৱিকালৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

নতুন আৰ্হি হিচাপে অংশীদাৰিত্ব:
বিশ্ববিদ্যালয়খনে পাব্লিক-প্ৰাইভেট-পিপল পাৰ্টনাৰশ্বিপছ (পিপিপিপি)ৰ এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

কাজিৰঙা বিশ্ববিদ্যালয়ে চি এছ আই আৰ এন ই এছ টি, টোকলাই টি ৰিচাৰ্ছ ইনষ্টিটিউট, এইমছ, আই আই টি, এন আই টি আৰু আগশাৰীৰ উদ্যোগসমূহকে ধৰি প্ৰধান প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা সম্প্ৰসাৰণ কৰি আছে। ছাত্ৰ-ছাত্ৰীৰ বাবে গৱেষণা, দক্ষতা বিকাশ, ইন্টাৰশ্বিপ, উদ্ভাৱন আৰু নিয়োগৰ সুযোগ শক্তিশালী কৰাৰ বাবে এপ’ল’ হাস্পতাল, এন ই চি জাপান, ইণ্টেল, এডুলেটাৰেল, লাৰ্ছন এণ্ড টৌব্ৰ’ (এল এণ্ড টি) আৰু নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন (এন এছ ডি চি)ৰ দৰে সংস্থাৰ সৈতেও উন্নত আলোচনা চলি আছে।

অসমৰ মাটিত শিপাই থকা, বিশ্বৰ সৈতে সংযুক্ত:
অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত অৱস্থিত ,কাজিৰঙা বিশ্ববিদ্যালয়ে অঞ্চলটোৰ পৰিৱেশগত, কৃষি, বৈজ্ঞানিক আৰু সাংস্কৃতিক শক্তিৰ সৈতে শিক্ষাক সমন্বয় কৰাৰ এক অনন্য স্থান অধিকাৰ কৰি আছে। বিশ্ববিদ্যালয়খনে এক বিশ্বব্যাপী সংযুক্ত প্ৰতিষ্ঠান হোৱাৰ আকাংক্ষা কৰে য’ত স্থানীয় জ্ঞানে গোলকীয় জ্ঞানৰ সৈতে মিলিত হয়, গৱেষণাই আঞ্চলিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰে আৰু শিক্ষাই বহনক্ষম উন্নয়ন, উদ্যোগীকৰণ আৰু সৰ্বাংগীন বৃদ্ধিত প্ৰত্যক্ষভাৱে অৰিহণা যোগায়।

সংবাদমেলৰ সামৰণিত বসন্ত খেতানে শিক্ষা, উদ্ভাৱন আৰু সহযোগিতাৰ জৰিয়তে এখন শক্তিশালী অসম আৰু শক্তিশালী উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তোলাৰ বাবে অসম চৰকাৰ, উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু সমাজৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যোৱাৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *